দক্ষিণ কামৰূপৰ খেল ধেমালি আৰু অৱসৰ বিনোদনঃ ০২

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা   
আনহাতে হুদু গুদু আন এবিধ উত্তেজনাপূৰ্ণ খেল | এই খেলত বল শক্তি আৰু বুদ্ধি কৌশলৰ প্রয়োজন হয় |
পুৰণি দিনত বিহুৱে সংক্ৰান্তীয়ে, দৌল, সুঁৱৰী উচবৰ অন্তত হুদুগুুদু খেল প্রদৰ্শিত হৈছিল | ইয়াৰ উপৰি দলপুঙা,জিলকি জিপৌ,ৰীতি,ধোপ,পোক,কানিমুনি,চুৱা চুৱা আদি নানাবিধ খেলৰ নাম পোৱা যায় | দলপুঙা এবিধ পানীৰ খেল | খেলুৱৈয়ে পানীত ডুব মাৰি পানীত উপঙি থকা দলপুঙটো ধৰিবলৈ চেষ্টা কৰে | জিলকি জিপৌ খেলত সমান সমান খেলুৱৈ থাকে | 
বৰ্তমানৰ কাবাদী খেলৰ দৰে এই খেলতো জিলকি জিপৌ,জিলকি জিপৌ বুলি চিঞৰি চিঞৰি খেলে | উশাহ বন্ধ হৈ চিঞৰিবলৈ এৰিলে বিপক্ষৰ খেলুৱৈয়ে সেইগৰাকী খেলুৱৈক ধৰি ৰাখে | তেতিয়া সেই খেলুৱৈজনক মৰা বুলি কয় | ই এবিধ হাইমাদৰ নিছিনা খেল | খেলত জিকিলে চাম খালো বুলি কয় | ৰীতি খেলতো দুটা পক্ষৰ সমান সমান খেলুৱৈ থাকে | এই খেল আজিকালিৰ খো খো খেলৰ নিছিনা | ধোপ খেল বৰ্তমানৰ বাস্কেট বল খেলৰ নিছিনা | একেদৰে পোক খেলো আন এবিধ আনন্দদায়ক খেল | এনেদৰে লুকাভাকু,গৈলা,কচুপাতত গুটী দিয়া,কাউৰী,দৰা-কইনা আদি খেলৰ উপৰিও সমান সমান খেলুৱৈৰ মাজত বকুলৰ গুটীৰে খেলা গাঁতাৰ ঘাই আৰু লাছ খেল , ভাটি টি, পদুম,অসুদ পুতা,খুঁটা চুৱা,কদ্দে,মাটিচুৱা, বীলিত গুটীপুতি বিচাৰি উলিওৱা নুনি নুনি খেল আদি অনেক খেল ধেমালিৰ নাম পোৱা যায় | আনকি মানুহৰ দল গঠন কৰাৰ চানেকি হিচাবে ৰজা-মন্ত্রীৰ খেল প্রদৰ্শন কৰা হয় | দুজন ল'ৰাৰ মাজত ৰজা, মন্ত্রী নিৰ্বাচন কৰা হয় | আন ল'ৰা বিলাকক ভাগ হৈ বেলেগ বেলেগ ৰজা আৰু মন্ত্রীৰ কাষত ঠিয় হ'বলৈ কোৱা হয় | 
এনেদৰে ভাগ ভাগকৈ অহাকে খেলত বাতিত্রে অহা বুলি কয় | এনে খেলত ৰজা মন্ত্রীৰ সলনি ব'গা ক'লা, ৰজা-প্রজা আদি ৰূপতো খেল প্রদৰ্শিত হয় | যা হওক দক্ষিণ কামৰূপৰ খেল ধেমালি তাং গুটী,ৰজা দুজন হৈ মাখান্দা গুটীৰে খেলা ফটেকাৰা খেল, অলং দলং ধুলিঘৰ, ১১জনীয়া বালিভাত খেল,হাতে হাতে ধৰি চুৱা দিল্লী নগৰী খেল , কাউৰী ঐ লেথেং থেং খেল , বেযুৰীয়া ৭,৯,১৩,১৫ আদি সংখ্যাৰে কাপোৰৰ বলেৰে খেলা পূজা ভাঙা খেল,শালিকী যুটীয়া খেল, বাথবস, বুঢ়ী কুট খেল, আগকাটি গড়কীটি, খেল আদিৰ নাম উল্লেখ কৰিব পাৰি |  আগলৈ•••
  
 📝 হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)