অনাকাংক্ষিত অধ্যায়-০৩

Rinku Rajowar
0
"পখী,গৌৰী ক'ত?সময় হৈ গৈছে।তাইক সোনকালে মাতা।"
"অনুৰাগ.....আচলতে...."
"ঘেঁহাই আছা যে!হৈছে কি তোমালোকৰ?গৌৰী ক'ত?"
"মানে...,গৌৰী.....তাই আচলতে......"
"আচলতে গৌৰী সম্পূৰ্ণ সাজু।এয়াই জানো ক'ব খোজা নাছিলা পখী বা।"পিছফালৰ পৰা গৌৰীয়ে আহি মাত দিলে।
    আৰে!!এয়া কি!!গৌৰী সাজু হৈ আহিছে!মূহুৰ্তৰ বাবে পখী চক খাই উঠিল।ছোৱালীজনীক সঁচাকৈয়ে কোনোদিন বুজি নাপালে তাই।আনন্দতে নে বিষাদতে গম নোপোৱাকৈ তাইৰ দুচকুৰে চকুলো বাগৰি আহিল।
"চোৱাচোন গৌৰী,অথনিৰ পৰা পখীক শুধি আছো তাই সেইটোকেই কোৱা নাই।ব'লা আমি সোনকালে আৰম্ভ কৰোগৈ।"অনুৰাগে সেইবুলি কৈ ছেটৰ ফালে আগবাঢ়িল।গৌৰী আগবাঢ়ি আহি পখীৰ ওচৰত ৰʼলহি।
"এটি অনাকাংক্ষিত জীৱনৰ সৈতে যুঁজিবলৈ আগবাঢ়িছো।সাহসেৰে আগবাঢ়ি যাবলৈ মোক শুভেচ্ছা নজনাবানে,পখী বা?"
"তোমালৈ মোৰ সদায় শুভেচ্ছা আছে গৌৰী,আগবাঢ়ি যোৱা।"পখীয়ে মৰমেৰে গৌৰীক দুই হাতেৰে আকোৱালি ল'লে।

"নমস্কাৰ,আজিৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো মই গৌৰী প্ৰিয়ম বৰুৱাই।আজিৰ সন্ধিয়াৰ প্ৰধান বাতৰি সমূহৰ সৈতে আন এক চাঞ্চল্যকৰ নৃশংস হত্যাকাণ্ডৰ তথ্য আমাৰ হাতত ইতিমধ্যে আহি পৰিছে।ৰূপনগৰত সংঘটিত হোৱা মিহিৰপ্ৰাণ গগৈৰ এই হত্যাকাণ্ড চি চি টিভি কেমেৰাত সম্পূৰ্ণৰূপে ধৰা পৰিছে।আমি এই দৃশ্যাংশ টেলিভিচনৰ পৰ্দাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো।অতি নিৰ্মমভাৱে কৰা এই হত্যাই আপোনালোকৰো হয়তু হৃদয় কঁপাই তুলিব।এফালে এম্বুলেন্সত মৃত শৰীৰ কঢ়িওৱা দৃশ্য আৰু আনফালে এটি দহমহীয়া কেঁচুৱা বুকুত সাবটি  এগৰাকী মাতৃ তথা পত্নীৰ আৰ্তনাদৰ দৃশ্য।এই হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত এটি শিশুৱে পিতৃক হেৰুৱালে আৰু এগৰাকী পত্নীয়ে নিজৰ স্বামীক।খিলঞ্জীয়া - সংখ্যালঘুৰ বিভেদকামী মনোভাৱৰ এই যুঁজত হয়তো পাহৰি পেলোৱা হৈছে যে আমি সকলো মানুহ।ভাষা,ধৰ্ম,বৰ্ণ,দ্বেষ-বিদ্বেষ সকলো মুখা খুলি তাৰ আঁৰৰ মানুহজনক আমি চিনি নোপোৱা হৈছো।একেই ৰঙা তেজ,ভিন চেহেৰাৰ একেই দৈহিক অৱয়ব। ভিন্নতা আছে মাথোঁ সকলোৰে মানসিকতাত....."
   "জীৱনাদিত্য"টিভি চেনেলৰ পৰ্দাত কোন এই গৌৰী প্ৰিয়ম!!এখন নতুন মুখৰ সৈতে এটি নতুন সত্য উভালি গৈ থকা কোন হয় এই ছোৱালী জনী!এটি হৃদয়বিদাৰক দৃশ্যৰ মুখামুখি হৈ অনৰ্গলভাৱে যেন নিজ মনৰ বতৰা দি গৈছে সকলোকে।মিহিৰপ্ৰাণ গগৈৰ হত্যাকাণ্ডই সকলোৰে চকু সেমেকাই তুলিলে।মানুহ বোলে স্বাধীন জীৱ,যাৰ বিচাৰ কৰা শক্তি আছে,বুদ্ধি আছে,বিবেক আছে।কিন্তু এয়া কেনেধৰণৰ বিচাৰ যাৰ জীৱন কাঢ়ি নিয়াৰ শক্তি আছে?
   হাঁহি- কান্দোন,বিৰহ উল্লাসেৰে ভৰা ব্যস্তপূৰ্ণ দিনটোৰ সকলো কাৰ্য সামৰি ঘৰ পোৱাৰ পাছত গৌৰীয়ে তাইৰ কোঠাতসোমাই কোঠাৰ খিৰিকীখন খুলি দিলে।হঠাৎ অহা এজাক মৃদু বতাহে কোঠাটো শীতল কৰি পেলালে।অফিচৰ পৰা দুই কিলোমিটাৰ আঁতৰত এটা ভাৰাঘৰ লৈ মাক,বায়েক আৰু তাই থাকিবলৈ লোৱা বহুদিনেই হ'ল।সেই ঠাইৰ পৰা অফিচলৈ অহা যোৱা কৰিবলৈ তাইৰ বহুখিনি সুবিধা হয়।মুখ হাত ধুই ফ্ৰেছ হোৱা পাছত তাই বিছনাত পৰি ল'লে।অন্য এক ভাবনাত ডুবি যাব খোজোতেই হঠাত তাইৰ মবাইলৰ ৰিংটনটো বাজি উঠিল।বিচনাৰ পৰা নামি আহি তাই টেবুলত থোৱা ফোনটো ৰিচিভ কৰিলে
"হেল্ল'"
"হেল্ল' গৌৰী,মই অনুৰাগে কৈছো।"
"অ' দাদা,কওকচোন।"
"গৌৰী,তুমি এতিয়া ব্যস্ত আছা নেকি বাৰু?"
"নাই নাই দাদা,এনেই অলপ ৰেষ্ট হে লৈ আছিলো।"
"আচ্ছা ঠিক আছে দেন,কথা এটিৰ  বাবেহে তোমাক ফোন লগালো।"
"কি কথা বাৰু"
"গৌৰী আজি তোমাৰ বাতৰি পৰিবেশন সঁচায়ে বৰ ভাল হৈছিল।আমি তোমাক লৈ গৌৰৱ অনুভৱ কৰিছো।"
"ধন্যবাদ দাদা,আপোনালোকৰ অবিহনে মই এই কৰ্মত কেতিয়াও সফল হ'ব নোৱাৰিলোহেতেন।"
"হা হা হয় নেকি,এতিয়া পিছে তোমাৰ ওপৰত আৰু কামৰ প্ৰেছাৰ বাঢ়িল।"
"আপোনালোকৰ লগত এইদৰে কামত আগবাঢ়ি যাবলৈ পালে মই সুখী হ'ম দাদা।"
"হ'ব বাৰু দিয়া।আৰু ভালকৈ কাম কৰি যাব লাগিব।মিহিৰপ্ৰাণ গগৈৰ দৰে আৰু বহুলোকৰ অসহনীয় জীৱন বাৰ্তা বিলাবলৈ আমি সদায় সাজু হৈ থাকিব লাগিব।"
"ভাগৰি যাব খোজা ন্যায়ৰ যুঁজখন আগুৱাই নিয়া সম্ভৱনে অনুৰাগ দা?"
"নিশ্চয় গৌৰী,জীৱনাদিত্যই এই যুঁজখন সদায় যুঁজি যাব।আজিলৈ ইমানে তেন্তে গৌৰী।গুড নাইট।"
"গুড নাইট দাদা।"
(আগলৈ.....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)