বেকাৰ জীৱনৰ পাতনি
মেল খালে ক'ৰোণাৰ গাথনি।
লকডাউন আৰম্ভ হ'ল
ওকালতিৰো চাট ডাউন হ'ল।
জীৱনৰ সকলো ৰংগিন সপোন
ক'ৰোণাৰ বাবে নহ'ল আপোন।
ক'ৰোণা আৰম্ভ হ'ল
নিবনুৱা সমস্যা বৃদ্ধি হ'ল।
বৃত্তিৰ নামত কটাইছো ৰুমত
আশা মাত্ৰ কামত আৰু কামত।
ক'ৰোণাই কৰিলে আমাক বন্দী
সহায়ো নহ'ল আমাৰ সংগী।
নাই কাৰো সহায়ৰ হাত
সকলো বন্ধ আলি-বাট।
অৱশেষত
সকলো ত্যাগো জীৱনৰ বন্ধন
শুনিবনে কোনোবা অন্তৰৰ ক্ৰন্দন?
📝আনন্দ গোৱালা
বিশ্বনাথ চাৰিআলি
Thank you
ReplyDelete