শব্দ

©Admin
0
শব্দ অবিহনে জানা জগত নিস্তব্ধ
অতিশব্দই পিছে লগাই বিৰক্ত 
অশ্লীল শব্দই আকৌ নাপায় আদৰ 
মধুৰ শব্দত কিন্তু হও আসক্ত ।

মৃদু স্বৰত বজা সংগীতৰ শব্দই 
পুলকিত কৰি তোলে মন
গাড়ী, মটৰে  কৰা বিকট শব্দই
ঘটাই পৰিৱেশ প্ৰদূষণ।

মেঘৰ গাজনিৰ প্ৰচণ্ড শব্দত
তাল মাৰি যায় কাণ
ক'লা যদিও কুলিৰ মধুৰ মাতে
পাই যথোচিত মান।

অশ্লীল শব্দ কওঁতাজনে কাটে 
সমাজৰ নাক কাণ 
সাধুৰ মুখে নিৰ্গত মধুৰ শব্দই 
দিয়ে জ্ঞানৰ সন্ধান।

মাৰ্জিত শব্দ প্ৰয়োগ কৰিলে
শত্ৰুও হৈ যায় বশ
সন্তুষ্ট নহয় সুস্বাদু ব্যঞ্জনত
শব্দ যদি হয় কৰ্কশ।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)