বাৰ্তা- অসমৰ এজন অন্যতম সাহিত্যক শ্ৰীযুত লীলাকান্ত হাজৰিকা দেৱ বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত

Rinku Rajowar
0

শ্ৰীযুত লীলাকান্ত হাজৰিকা । সত্তৰোৰ্ধৰ এইজন ব্যক্তি অসমৰ ৰহস্য সাহিত্যিক সকলৰ ভিতৰত অন্যতম এজন । প্ৰচাৰ বিমুখ এইগৰাকী ৰহস্য সাহিত্যিকৰ কেইবাটাও ৰহস্য গল্প আৰু উপন্যাস এসময়ত 'বিস্ময়' আৰু 'ৰহস্য'ত প্ৰকাশ পাইছিল । 'পৃথিৱীখন এতিয়া ডাঃ মেৰিয়াছৰ হাতৰ মুঠিত' নামৰ ৰহস্য উপন্যাসৰ বাদেও, কুইন অব দ্য ক্লাবছ,  মুমূৰ্ষ পৃথিৱী, তিত পখিলা, ভূত সপোন আৰু অন্যান্য, তেওঁৰ সন্ধানত  আৰু প্ৰতিবিম্ব নামেৰে কেইবাটাও ৰহস্য গল্প সৃষ্টি কৰিছিল ।
    আজি ত্ৰিশ জোনৰ বিয়লি তেখেতৰ স্বাস্থ্যৰ বুজ ল'বলৈ লক্ষীমপুৰৰ পহুমৰা মাজগাৱৰ তেখেতৰ বাসগৃহলৈ গৈছিলো । বিভিন্ন কথা-বতৰাৰ মাজেৰে তেখেতৰ সৈতে কিছু বিৰল আৰু মনোৰম  মুহুৰ্তৰ অংশীদাৰ হৈ ৰ'লো । অসম সাহিত্য সভাই যদি তেখেতক এটি সন্মানেৰে বিভূষিত কৰিলেহেঁতেন তেখেতে জীৱনৰ শেষ বয়সত আকৌ কলম তুলি ল'বলৈ প্ৰেৰণা পালেহেঁতেন । বৰ্তমান তেখেতে কৰ্কট ৰোগৰ লগতে বাৰ্দ্ধক্য জনিত বহু উপসৰ্গত ভুগি আছে ।  অসমীয়া সাহিত্যৰ চানেকীৰ হৈ তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো আৰু পৰম পিতাৰ ওচৰত প্রাৰ্থনা জনাইছোঁ যাতে তেখেত সোনকালে সুস্হ হৈ উঠে ।

     📝 সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)