কেঁচা মাটিৰ সুবাস

©Admin
0
শাওনৰ বতাহত
কেঁচা মাটিৰ সুবাস
দৃষ্টি পৰিছে পথাৰৰ
উৰ্বৰা ভূমিত।

গৰ্ভাৱৰ্তী মেঘৰ গাঁজনি
ললিত মধুৰ বৰষুণৰ কোৰাচে
ধৰাৰ বুকুয়েদি বাগৰি বৈ যায়।
বোপাইয়ে দি থয় যোৱা
মাটি ডৰাত জানো
জীয়াই থকাৰ সপোনবোৰ
ফলৱৰ্তী হবগৈ নে বাৰু?

পথাৰৰ জেবেৰুৱা শিৰলুৰ মাজত
আজিও স্বপ্ন দেখো
জীৱন জীৱিকাৰ সম্বল
ভাত মুঠি যোগাৰ কৰাৰ
আপোন উৰ্বৰা পথাৰ ডৰাতেই।

কেঁচা মাটিৰ সুবাস
চুমি চুমি পথাৰত
হাল গৰু,নাঙল-যুঁৱলি কোৰৰ
সৈতে বোকাপানীৰে সহবাস কৰো।

আইয়ে জোলোঙা ভৰাই
পথাৰলৈ লয় যোৱা
এমুঠি পঁইতা ভাত
নিমখ জলকীয়া
আলু পিটিকা খোৱাৰ আহবানত
নভৰে কুমলীয়া ভোকাতুৰৰ পেট।

আহাৰ-শাওনৰ পথাৰৰ
চৌ চৌ ৰ'দত
অক্লান্ত শৰীৰ
ভোকাতুৰ ভাগৰুৱা মন
সময়ে হিচাপ কৰে শৰীৰৰ হাড়
দুখৰ শোকে বাৰে বাৰে খুন্দিয়াই
তথাপিও এমুঠি সেউজীয়া সপোনবোৰ দেখি
কেঁচা মাটিৰ সুবাস পান কৰি
জীয়াই থকাৰ সুখানুভূতি পাওঁ।

📝নবীন কুৰ্মি
 সাপেখাতী, চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)