পাগল প্ৰেমিক মই

©Admin
1
কাউৰীৰ কোলাহলৰ মাজতো
মই
তোমাৰ সন্ধান বিচাৰো।
তোমাৰ ঘ্ৰিণাৰ সাগৰত সাতৰিমই
বৰ তৃপ্তি পাওঁ।
তোমাৰ অভিমানৰ পুখুৰীত মই
এটি দুটি ডৰিকণা বুটলিছিলো
মোৰ মনৰ একুৰিয়ামত সজাবলৈ।
কিন্তু তোমাৰ খং আৰু অভিমানে
মোক খেদি পঠালে।
তুমি খং কৰিলে মৰম যেন লাগে
আৰু অভিমান কৰিলে সপোন যেন লাগে।
তোমাৰ খং আৰু অভিমানৰ মিশ্ৰিত ৰূপ দেখি
মই পাগল হৈছিলো।
ক্ৰমান্বয়ে তোমাৰ কাষলৈ
চাপি গৈছিলো।
মানুহে মোক জোকাইছিল
পাগল প্ৰেমিক বুলি।

কিন্তু সঁচাকৈয়ে পাগল প্ৰেমিক মই তোমাৰ
তোমাক দেখাৰ পাছত 
মোৰ মন ফুলনিত
এপাহ তেজৰঙা গোলাপে
আলফুলকৈ পাহি মেলিছিল
ভাবিছিলো সেই ৰঙা গোলাপ পাহ তোমাকেই দিম।
কিন্তু তুমি দুহাত মেলি আদৰি ল'লা 
আনৰ পৰা এটি ৰঙা গোলাপৰ কলি।
আলফুলকৈ সাবতিলা বুকুৰ মাজত।
আৰু হৈ ৰ'লো মই তোমাৰ প্ৰেমৰ পাগল প্ৰেমিক অকলশৰে।



📝দ্বীপ দীপাংকৰ লাহন
   বিশ্বনাথ,গহপুৰ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বহুত ভাল লাগিল

    ReplyDelete
Post a Comment