"ভাৰতীয় ৰাজনীতি" বিষয়ে কিছু প্ৰশ্ন

©Admin
0
১)ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ। 
২) ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৮৮৫ চনত।
৩)কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰঃ এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত।
৪)ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ উমেশ চন্দ্ৰ বেনাৰ্জী।
৫)মুছলিম লীগ কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯০৬ চনত।
৬)মুছলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ নবাব ছলিমউল্লা।
৭)হিন্দু মহাসভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯১৬ চনত।
৮)ভাৰতৰ প্ৰথম বাওঁপন্থী দল কোনটো?
উত্তৰঃ ভাৰতীয় সাম্যবাদী দল।
৯)ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯২৪ চনত।
১০) তামিলনাডুৰ দুটা ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ ডি এম কে, এ আই ডি এম কে।
১১)শিৱসেনা কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল?
উত্তৰঃ মহাৰাষ্ট্ৰ।
১২)পাঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি?
উত্তৰঃ আকালি দল।
১৩)ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ ১৯৭৭ চনত মোৰাৰজী দেশাইৰ নেতৃত্বত।
১৪)ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি?
উত্তৰঃ ডি এম কে।
১৫)ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?
উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।
১৬)ভাৰতীয় সংবিধান কেতিয়া বলবৎ/কাৰ্যকৰী কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।
১৭)ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
উত্তৰঃ ড০ ৰাজেন্দ্ৰ প্ৰসাদ।
১৮)সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?
উত্তৰঃ ড০ ভীমৰাও ৰামজী আম্বেদকাৰে।
১৯)সংসদীয় গণতন্ত্ৰৰ ধাৰণা ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে?
উত্তৰঃ ইংলেণ্ডৰ সংবিধানৰ পৰা।
২০)ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি কোন দেশৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰঃ কানাডা।
২১)ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা সংবিধানত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰঃ ১৯৭৬ চনত ৪২ তম সংশোধনীৰ জৰিয়তে।
২২)ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ, অধ্যায় আৰু অনুসূচী আছে?
উত্তৰঃ ৩৯৫ টা অনুচ্ছেদ, ২২টা অধ্যায় আৰু ১২ টা অনুসূচী আছে।
২৩)ভাৰতত স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কোন আইনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে।
২৪)ভাৰতীয় সংবিধান অনুসৰি মৌলিক অধিকাৰ কেই প্ৰকাৰৰ?
উত্তৰঃ ৬ প্ৰকাৰৰ।
২৫)ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ১১টা।

( সংগ্ৰহ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)