অনাকাংক্ষিত অধ্যায়-১০

Rinku Rajowar
0
অফিচৰ লান্স ব্ৰেকৰ সময়ত কিছুমান তথ্য সংগ্ৰহ কৰিবলৈ প্ৰানজিত
মিৰিজাবাৰীৰ বটানিকেল গাৰ্ডেনলৈ পৰ্ণাৰ লগত যোৱাৰ কথা আছিল। গতিকে আদবাটতে পৰ্ণাক তাৰ বাইকত তুলি সি ওলাই আহিছে। এনেতে হঠাতে অনুৰাগৰ পৰা ফোন আহিল।
"হেল্ল' অনুৰাগ ক'?"
"প্ৰানজিত বৰ্তমান তই ক'ত আছ' ক'চোন?"
"মই পৰ্ণাৰ লগত মিৰিজাবাৰীলৈ আহিছো।কেলেই কি হ'ল?"
"তই সেইফালে গৈ থাকোতে জোনাকপুৰ পাবি বুজিছ'।তাতে এটা ইনচিডেণ্ট হ'ল।সেই নিউজ টোৰে ৰিপ'ৰ্টিং কৰিব লাগে।ইটছ ভেৰী আৰ্জেন্ট"
"ঠিক আছে।মই এতিয়া তাৰলৈকে যাম তেন্তে।তই কেমেৰামেন শশাংক অক লকেশ্যনলৈ পঠাই দে।"
"অ' সি ওলাই গ'ল অলপ আগত।তইও সোনকালে যা।"
"অ'কে"
   ফোনটো কাটি সি পৰ্ণাক নিউজ ৰিপ'ৰ্টিং এটা কৰা পাছত হে যে মিৰিজাবাৰীলৈ যাব পাৰিব সেই কথা কৈ ততাতৈয়াকৈ পৰ্ণাক লৈ জোনাকপুৰৰ দিশেৰে ৰাওনা হʼল।জোনাকপুৰলৈ গৈ থাকোতে ৰাস্তাতে সি জীৱনাদিত্যৰ গাড়ীখনো লগ পালে।কিছুদূৰত যে সাংঘাটিক ঘটনা এটা ঘটিল সিহঁতি অনুমান কৰিব পাৰিলে।সেয়েহে প্ৰানজিতে অলপদূৰত বাইকখন ৰখাই পৰ্ণাক তাতে ৰৈ থাকিবলৈ কৈ ঘটনাস্থলীৰ ফালে আগবাঢ়ি গ'ল।সমগ্ৰ ঘটনাৰ বুজ লৈ সি জীৱনাদিত্যৰ ২.০০ বজাৰ বাতৰিত ৰিপৰ্টিং কৰিবলৈ সাজু হ'ল। 

"শেহতীয়াকৈ অহা বাতৰি মতে জোনাকপুৰ অঞ্চলত  এটি চাঞ্চল্যকৰ হত্যাকাণ্ড ইতিমধ্যে সংঘটিত হৈছে।দিনদুপৰতে হৈ যোৱা এটি সামূহিক আক্ৰমণৰ ফলত হোৱা  হত্যাকাণ্ডৰ বিষয়ে সবিশেষ জনাবলৈ আমাৰ লগত এই মুহু্ৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰানজিত চৌধুৰী।প্ৰানজিত, আপোনাৰ পৰা এই হত্যাকাণ্ডৰ বিষয়ে জানিবলৈ বিচাৰিছো আৰু জোনাকপুৰৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতি সকলোকে দেখুৱাবলৈ আপোনাক অনুৰোধ জনাইছো।প্ৰানজিত...
"হয় অনুৰাগ।অতি দুখেৰে মই আপোনালোকক জনাবলৈ বাধ্য হৈছো যে অসমত পুনৰ এক নতুন হত্যাকাণ্ডই জোকাৰি গৈছে।জোনাকপুৰৰ অনিল বৰা নামৰ এজন লোকে পাচলি বিক্ৰী কৰিবলৈ আজি ৰাতিপুৱা ওলাই আহিছিল।বজাৰত কেইজনমান লোকৰ লগত হোৱা মতানৈক্যৰ বাবে বাকী লোকসকলেও তেওঁৰ ওপৰত কৰা সামূহিক আক্ৰমণৰ ফলতেই তেওঁৰ মৃত্যু হ'ল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।আমি বৰ্তমান প্ৰত্যক্ষদৰ্শী সকলৰ পৰা জানিবলৈ বিচাৰিম যে এই ঘটনা আকস্মিক নে পূৰ্বপৰিকল্পিত সেইকথা তেওঁলোকে কিবা অনুমান কৰিছে নেকি? তেওঁলোকে কি কি দেখিবলৈ পাইছিল...."
       এটি নতুন হত্যাকাণ্ডই পুনৰবাৰ জোকাৰি গ'ল অসমবাসীক।গণপ্ৰহাৰত সংঘটিত এই হত্যাকাণ্ডৰ মূল ৰহস্য কি সেইকথা জানিবলৈ আৰক্ষী প্ৰশাসনেও প্ৰচেষ্টা চলাই আছে।সৰু সৰু বিবাদকে আলম লৈ আজিকালি জীৱন কাঢ়ি নিবলৈও কুণ্ঠাবোধ নকৰা মানসিকতা যেন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।
    ৰিপৰ্টিং শেষ কৰি প্ৰানজিত ঘূৰি আহিল তাৰ বাইকখনৰ ওচৰলৈ।এতিয়া আৰু তাৰ ক'তো যাবলৈ মন নাই। কিমান নিমিষতে মানুহবিলাকে ইজনে আনজনৰ প্ৰাণ কাঢ়ি নিব পাৰে।জীৱশ্ৰেষ্ঠ মানৱৰ কি অধঃপতন।এইবোৰ ভাবি চিন্তি থাকোতে তাৰ হঠাত মনত পৰিল পৰ্ণাক সি তাতে ৰৈ 
থাকিবলৈ কোৱাৰ কথা।কিন্তু তাই ক'ত?নাইচোন তাই ৰৈ থাকিব কোৱা স্থানত।সেই ঠাইটুকুৰা তেতিয়াও উত্তাল হৈ থকা বাবে সি পৰ্ণাক বিচাৰি ভয়ত শিয়ঁৰি উঠিল।

ক'ত যাব পাৰে তাই!ঠাইডোখৰো অচিনাকী।বিভিন্ন  দুশ্চিন্তাই তাৰ মন অশান্ত কৰিবলৈ ধৰিলে।নাই,তাই ক'ত যাব!ইয়াতে ক'ৰবাত থাকিব।বলিয়াৰ দৰে সি পৰ্ণাক বিচাৰি আগুৱাই গ'ল।বহুদূৰ গৈ সি পৰ্ণাক দেখা পালে।এজোপা ডাঙৰ গছৰ কাষত ফুটপাথতে তলমূৰ কৰি বহি আছে তাই।সি কʼব নোৱাৰাকৈয়ে দৌৰি গৈ পৰ্ণাক জোৰেৰে সাবটি ধৰিলে।
"মোক নোকোৱাকৈ কিয় অকলে ইয়াত আহি বহি আছা পৰ্ণা! অকলে কিয় ইমান দূৰলৈ আহিছিলা ??আজি তোমাৰ যদি কিবা হ'লহেঁতেন মই..."প্ৰানজিতে ভয়তে পৰ্ণাক চিঞৰি চিঞৰি ক'বলৈ ধৰিল।
"প্ৰানজিত....তাহাঁতে মোৰ দেউতাক মাৰি পেলালে জানা আৰু...আৰু.. মোকো মাৰিবলৈ খেদি আহিছিল।মই ইয়াতে লুকাই থাকিলো প্ৰানজিত।মোক এতিয়াই ইয়াৰ পৰা লৈ যোৱা নহ'লে সিহঁতে মোক মাৰি পেলাব।"পৰ্ণাই উচুপি উচুপি প্ৰানজিতৰ বুকুত সোমাই কৈ থাকিল। তেতিয়াওঁ তাই  এক অজান ভয়ত থৰথৰকৈ কঁপিয়েই আছিল।
"পৰ্ণা,তোমাক কোনে মাৰিব আহিছিল কোৱা।মই সিহঁতক বিচাৰি উলিয়াম।"পৰ্ণাৰ চকুপানী মচি মচি প্ৰানজিতে ক'লে।
"তুমি নোৱাৰিবা প্ৰানজিত।নাযাবা সিহঁতৰ ওচৰলৈ।সিহঁতি কেনেকৈ দেউতাক মাৰিছিল সেয়া আমি জানো।বহুত ভয়ংকৰ তেওঁলোক।মোক ঘৰলৈ লৈ ব'লা না।মই ঘৰলৈ যাম।"
     পৰ্ণাক কোনোমতে শান্ত কৰি তাইক ঘৰলৈ লৈ যাবলৈ সাজু হ'ল প্ৰানজিত।পৰ্ণাৰ অস্বাভাৱিক আচৰণত সি আচৰিত হৈছে।সি তাইক লগ পোৱাৰ পৰা তাইক কেতিয়াও এনেদৰে কন্দা দেখা নাই।হাঁহি স্ফূৰ্তিবোৰ যদিও কম তাইৰ কিন্তু তাইৰ কথাবোৰত কিবা এটা আকৰ্ষণ আছিল।যদিও তাই অকলে থাকি ভাল পাই কিন্তু তাৰ লগত তাই বহুখিনি সময় কটাইছে।ঘৰলৈ ঘূৰি যোৱাৰ পৰত বাইকৰ পিছফালে একেবাৰে মনে মনে বহি গৈ থাকিল পৰ্ণা।কিবা এটা সুধিম বুলি ভাবিও প্ৰানজিতে বাৰে বাৰে নুসোধাকৈয়ে  থাকিল।ঘৰত গৈহে কথাবোৰ ভালকৈ পাতিব বুলি মনতে ভাবি থলে সি।
"পৰ্ণা,তোমাৰ ঘৰ পালোহি।"
"হা....অ' অ'" বুলি কৈ তাই বাইকৰ পৰা নামি তাক একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ'ল।মাধৱী বৰুৱা বাহিৰতে ৰৈ আছিল।প্ৰানজিতে বাইকখন ৰখাই তাইৰ পিছে পিছে ঘৰলৈ সোমাই আহিল।
"খুৰী,আপোনাৰ লগত কথা এটি আছিল।"বাৰাণ্ডাতে থকা মাধৱী বৰুৱাক দেখি সি সুধিলে।
"কি কথা প্ৰানজিত?আহা ভিতৰলৈ সোমাই আহা"
"খুৰী,টুডে আই এম ৰিয়েলি ভেৰি ছ'ৰী।জানি বুজি আজি তাইক মই জোনাকপুৰলৈ নিয়া নাছিলো।মই কেতিয়াও তাইৰ বেয়া হোৱাটো নিবিচাৰো খুৰী।মোক ভূল নুবুজিব।"থোকাথুকি মাতেৰে সি কৈ উঠিল।পৰ্ণাক হেৰুৱাৰ কথা সি সপোনতো ভাবিব নোৱাৰে।আজি তাৰ কি অৱস্থা হৈছিল সেয়া কেৱল সিহে জানিছিল।
"পৰ্ণাৰ কি হৈছিল প্ৰানজিত??"মাধৱী বৰুৱাই আচৰিত হৈ সুধিলে।
"প্ৰানজিত দা,বাক আজি আপুনি জোনাকপুৰলৈ নিছিল?"অফিচৰ পৰা আহি ঘৰৰ মুখ পাওঁতে প্ৰানজিতৰ কথা শুনি গৌৰীয়ে সুধিলে।
"কি প্ৰয়োজন আছিল তালৈ বাক নিয়াৰ।"পুনৰ গৌৰীয়ে খঙত কৈ উঠিল।
"ছ'ৰী গৌৰী।কিন্তু তোমাৰ বাক কোনে মাৰিব খুজিছিল কোৱা??তোমাৰ দেউতাক কোনে মাৰিছিল?"
  গৌৰীয়ে মাকৰ ফালে চালে।দুয়োজনীয়ে বুজিলে যে পৰ্ণা এতিয়াও তাৰমানে মানসিকভাৱে সম্পূৰ্ণ সুস্থ হোৱা নাই।তাইক সুস্থ হ'বলৈ আচলতে কিহৰ প্ৰয়োজন?দৰৱ নহয়;বেলেগ সমাধানৰহে হয়তু প্ৰয়োজন হʼব।কিন্তু কেনেকৈ পাব সেই সমাধান!নে তাই চিৰজীৱন...গৌৰী ভয়ত কঁপি উঠিল।তাই দৌৰি পৰ্ণাক বিচাৰি ভিতৰলৈ সোমাই গ'ল।
(আগলৈ....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)