ৰাভা সকলৰ অনন্য কৃষ্টি দেওধ্বনী-০৩

©Admin
0
 যোৱা সংখ্যাৰ পিছৰ পৰা
        কবলৈ গ'লে ওজাপালিয়ে গীতৰ মাধ্যমেৰে আদিৰ পৰা অন্তলৈ বিভিন্ন গীত গাই পূজাৰ ভিন্ ভিন্ পৰিবেশ ফুটাই তোলাৰ লগতে পূজা সম্পাদনত পূৰোহিতৰ লেখীয়াকৈ কাম কৰে | পৰিবেশ সাপেক্ষে দেওধ্বনীও নাচে | দেওধ্বনীৰ উপস্থিতিয়ে পূজাৰ পৰিবেশ অধিক গাম্ভীৰ্যপূৰ্ণ আৰু আকৰ্ষণীয় কৰি তোলে | মুকলি চুলিৰে আউলি বাউলি হৈ ঢোল-তালৰ বাজানাৰ তালে তালে গেওধ্বনীয়ে উগ্রমূৰ্তি ধাৰণ কৰি চুলিকোছা ঘূৰাই ঘূৰাই আৰু জপিয়াই জপিয়াই নাচে | তাৰ উপৰিও দেওধ্বনীয়ে নাচৰ মাজে মাজে জীয়া হাঁহ পাৰ মুচৰি যেতিয়া তেজ পি খায় আৰু বলি কটা তৰোৱালৰ ওপৰত থিয় হৈ নাচে তেতিয়া সেই দৃশ্য অধিক ভয়াবহ হৈ পৰে | আজিকালি দেওধ্বনীৰ সাজপাৰ প্রায় স্বাভাবিক আৰু সাধাৰণ | আগতে তমো গুণ সম্পন্ন আছিল | এই সাজপাৰত দেওধ্বনীৰ তাণ্ডবীয় ৰূপ প্রকাশ পাইছিল | পিন্ধন উৰণ আছিল এনে ধৰণৰ | গাত ৰঙা ভোমোকাফুলীয়া মেখেলা আৰু ফুটুকা ফুটুকী আগুৱৰাণ, বুকুত ফুলাম ৰিহাৰ মেঠনী , ককাল টঙালী , কপালত সেন্দুৰৰ দীঘল ৰেখা , শৰীৰৰ বিভিন্ন অংগত কেৰু , নাকফুলি , খাৰু,গলপতা ,মাদলী আদি অলংকাৰ (ড হেমন্ত কুমাৰ শৰ্মা) 
দেওধ্বনী নাচৰ লগত ওজাপালীয়ে কালিকা পুৰাণ , পদ্ম পুৰাণ,দেৱী ভাগৱত আদিৰ কাহিনীৰ আধাৰত কিছুমান গীত গায় | এই গীতৰ লগত চান্দ সদাগৰ, বেউলা লক্ষীন্দাৰৰ কাহিনী প্রভিতিও সন্নিবিষ্ট কৰা হয় | এইগীতবোৰ অসমীয়া ভাষা আৰু স্থানীয় কথিত ভাষা মিশ্রিত | লিপিবদ্ধ কৰা গ্রন্থ বা পুস্তিকা নহয় | ওজাৰ মুখে মুখে বাগৰি অহা লোক সাহিত্যৰ বা ধৰ্মীয় গীতৰ আৰ্হিত প্রচলিত কিছুমান গীত | থুনুক থানাককৈ থলুৱা কথিত ভাষাৰে গোৱা গীত আৰু কথাবোৰ শুনি বেছ আমোদ লাগে | ক্রমাগত ভাবে প্রবাহিত মনোৰম কাহিনী শুনি শ্রোতা বিমুগুদ্ধ হয় আৰু আকৰ্ষণীয় কাহিনীৰ প্রতি আকৃষ্ট হৈ শ্রোতাসকল ভক্তিত গদ্ গদ্ হৈ পৰে | উক্ত কাহিনীবোৰক দেওধ্বনীৰ কাৰ্যাৱলীয়ে অধিক মনোগ্রাহী আৰু মৰ্মশ্পৰ্শী কৰি তোলে | আগলৈ
    
 📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)