মৰমৰ ককাইদেউ

©Admin
0

        
        বুকুত বুজাব নোৱাৰা বেদনা
উজনি -নামনি সকলোতে ম্ৰিয়মান !
শান্ত প্ৰৱাহমান ব্ৰহ্মপুত্ৰও যেন স্থৱিৰ,
স্তব্ধ হৈ পৰিছে জনসমাবেশ ।
তোমাৰ যন্ত্ৰণা, বেদনাত মই
নিদ্ৰাহীন হৈ পৰিছো ।
ছাটি ফুটি , ঘুৰি ফুৰিছো
ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিছো 
তোমাৰ মুক্তিৰ অপেক্ষাত আছো ।
তুমি কভিদ ১৯ত সংক্ৰমিত
ৰজাঘৰীয়াৰ চক্ৰান্তত পৰি
শয্যাগত ৰঙা ঘৰৰ এতিয়া আলহী,
হয়তো বহুত কষ্টত আছা ন' ককাইদেউ তুমি ???
তোমাৰ কষ্ট দেখি••••••••
বুজাব নোৱাৰা বেদনা লৈ
দুচকুত নিগৰিছে আমাৰ চকুপানী
শান্তিৰ বুকুত এতিয়া বিষাদৰ জুই ।
ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিছো
হাজাৰ জন নিৰীহ জনতাই
তোমাৰ মুক্তিৰ দাবী জনাইছে ।
ককাইদেউ সুস্থ শৰীৰে ঘুৰি আহা 
তুমি আমাৰ মাজলৈ ।।।
    
📝বিনিতা বৰা
                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)