অনাকাংক্ষিত অধ্যায়-০৫

Rinku Rajowar
0
প্ৰানজিতৰ বাইকখন আহি গৌৰীহঁতৰ ভাড়াঘৰৰ সন্মুখত ৰ'লহি।গৌৰীৰ পিছে পিছে প্ৰানজিতো তাইৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
"প্ৰানজিত দা,আপুনি অলপ সময় ইয়াতে বহক।মই মাক আপুনি অহাৰ খবৰটো দি আহো দেই।"এইবুলি কৈ গৌৰীয়ে    প্ৰাণজিতক আলহী বহা কোঠাত বহিবলৈ দি  ভিতৰলৈ সোমাই গ'ল।
   মাকক আলহী অহাৰ খবৰ দি গৌৰী বায়েকৰ কোঠাত সোমালগৈ।অন্ধকাৰময় কোঠাটিত তেতিয়া পোহৰৰ লেখমানো প্ৰভাৱ নাই।।আন্ধাৰে মুন্ধাৰে একো মনিব নোৱাৰি তাই কোঠাৰ লাইটটো অন কৰি দিলে।
"লাইটটো কিয় জ্বলালি গৌৰী।জানই চোন মই পোহৰত থাকি অশান্তি পাওঁ বুলি।নুবুজ' নহয় তহঁতি।"বিৰক্তিৰে পৰ্ণাই কৈ উঠিল।
"বুজা নুবুজাৰ কথা বাদ দে।কিমাননো আন্ধাৰ তোৰ প্ৰিয় হৈ থাকিব।পোহৰকো ভাল পাবলৈ শিক।অ'হ তোক কথা এটা ক'বলৈহে আহিছিলো।তোক বিচাৰি আজি আমাৰ ঘৰলৈ কোনোবা আহিছে।"
"মোক বিচাৰি!!কিয়??"
"তোৰ সহায় লাগে বোলে তেখেতক।"
"মোৰ সহায়!! কেনেধৰণৰ সহায় গৌৰী?"
"কি সহায়,কাক লাগে সকলো তই কোঠাৰ বাহিৰ হ'লে নিজেই গম পাবি।আহ,আলহীৰ লগত চিনাকী হ'বিগৈ।কিমান নো কোঠাৰ ভিতৰত সোমাই থাকিবি।"
"এক মিনিট,তই কেনেকৈ ভাবি ল'লি যে যিকোনো মানুহে মোৰ সহায় বিচাৰি আহিব আৰু মই সহায় কৰিম।সেইবোৰ মানুহ যিবোৰ মানুহে আমাৰ দৰে সৰু পৰিয়ালবোৰ নিমিষতে নিশ্চিহ্ন কৰি তুলিছিল।তই পাৰিব পাৰ',কিন্তু মই নোৱাৰো।মোক অকলশৰে জীয়াই থাকিব দে গৌৰী।"
"বা..তই ভবা দৰে তেনেকুৱা বেলেগ একো কাম নহয়।আৰু প্ৰানজিত দা হঁত তেনেকুৱা মানুহ নহয়।তেওঁ তোৰ দৰেই ভাল পাই প্ৰকৃতিৰ  ৰূপক।আৰু তেওঁ যিটো কামত জড়িত হৈ আছে সেই কামটোত তোৰ বাহিৰে আন কোনোবাই ভালদৰে জানিব পাৰিব বুলি মই নাভাবো।তোৰ অধ্যয়নক জীৱন্তৰূপ দিবলৈ চেষ্টা কৰ বা।"
"মই অধ্যয়ন কৰিছো নিজে জানিবলৈ বিচৰা বাবে,নিজে ভালপোৱা বাবে।সেই জ্ঞান মোৰ সমাজৰ আগত প্ৰকাশ কৰিব পৰাকৈ সাহস নাই গৌৰী।"
"বা শুন,প্ৰানজিত দাই বনাঞ্চলবোৰৰ ওপৰত এখন ডকুমেণ্টৰী বনোৱাৰ কথা ভাবিছে।তই যদি ভাব' সহায় কৰিব পাৰিবি তেতিয়াহ'লে ওলাই আহিবি।যদি নোৱাৰ' নালাগে।তই নিজে ভাবি চা কি কৰিলে ভাল হ'ব।"
এইবুলি কৈ গৌৰী কোঠাৰ পৰা ওলাই আহিল।
      মাথোঁ কিছু সময়ৰ ব্যৱধানত জন্ম হোৱা গৌৰী আৰু পৰ্ণা মাধৱী বৰুৱাৰ দুই যমজ সন্তান।একেই সংঘাত,একেই জীৱন,একেই আদৰ্শ। কিন্তু তথাপিও দুয়ো দুটি বেলেগ মনৰ জোনাক।দুটি বেলেগ দিশেৰে যেন আগবাঢ়ি যাব খোজে দুয়োজনীয়ে।আন্ধাৰ কোঠাত থাকি বেছিকৈ ভাল পোৱা একেবাৰে নিৰস মনৰ ছোৱালী পৰ্ণা।মানুহৰ ভীৰৰ পৰা প্ৰায়ে আঁতৰি থাকিব খোজে তাই। জীৱনৰ ৰং বিচাৰিবলৈ যদিও প্ৰয়াস কৰে সেয়া কেৱল পৃথিৱীৰ সেউজীয়া কণতেই আবদ্ধ।তাই ওচৰৰ মহাবিদ্যালয়ৰ পৰাই মাক আৰু ভনীয়েকৰ আব্দাৰত অসমীয়াত অনাৰ্চসহ স্নাতক ডিগ্ৰী লৈ সিমানতে শিক্ষা সমাপ্ত কৰিলে। এতিয়া মাথোঁ প্ৰকৃতি বিষয়ক সকলো খবৰ আলোচনী,বাতৰি কাকত বা বেলেগ মাধ্যমৰ পৰা সংগ্ৰহ কৰি সেইসমূহৰ ওপৰত বিতংভাৱে জানিবলৈ প্ৰচেষ্টা কৰে।তেনে ক্ষেত্ৰত ভনীয়েকৰ বাহিৰে বেলেগৰ পৰা সহায় ল'বলৈ ভাল নাপায় তাই,অকলশৰে থাকিহে বেছি ভাল পায়।কিন্তু কেতিয়াবা মাক,ভনীয়েকৰ কৃপাত সেয়াও হৈ নুঠে।তেতিয়া ভীষণ অশান্তি পাই তাই।উপায়হীন হৈ গৌৰীৰ পিছে পিছে তাইও ওলাই আহিল।
   ইফালে মাধৱী বৰুৱাই  কথা আৰম্ভ কৰিছিলেই প্ৰানজিতৰ লগত।গৌৰীয়েও পৰ্ণাক লৈ কোঠালৈ সোমাই আহিল।
"প্ৰানজিত দা,বহু সময় বহোৱালো ন' আপোনাক।এইয়াই পৰ্ণা বা যাৰ কথা আপোনাক মই কৈছিলো।"
"নমস্কাৰ"পৰ্ণাই প্ৰানজিতৰ ফালে চাই ক'লে।
"নমস্কাৰ,মই প্ৰানজিত চৌধুৰী।গৌৰীয়ে  মোৰ কথা আপোনাক ইতিমধ্যে কৈছে চাগে।"
"অ' কৈছে ।"গহীনাই পৰ্ণাই উত্তৰ দিলে।
"মই আচলতে আপোনাৰ ওচৰলৈ বিশেষ কাৰণ এটাতহে আহিছিলো...."
"গম পাইছো।মই আপোনাক যিমান পাৰো সহায় কৰিম।"
প্ৰানজিতৰ কথা শেষ হ'বলৈ নিদি পৰ্ণাই উত্তৰ দিলে।
"পৰ্ণা,কামৰ কথা পাছতো পাতিবি। ল'ৰাটোৰ  কাৰণে এতিয়া চাহৰ যোগাৰ কৰগৈচোন।গধূলি সময়ত আলহী ল'ৰাটোক চাহ একাপো খুৱাই পঠাব নোৱাৰিলে আমাৰো ভাল নালাগিব নহয়।"মাকে ক'লে।
"ঠিক আছে তেন্তে।আপোনালোক বহক।মই চাহ আনোগৈ।"
পৰ্ণা যোৱাৰ পিছত মাকে প্ৰানজিতক ক'লে,"তুমি আকৌ পৰ্ণাৰ কথাত বেয়া নাপাবা।খুব কম কথা কয় তাই।লগ সংগও খুব কম তাইৰ।"
"নাই নাই খুৰী,বেয়া একেবাৰে নাপাওঁ। মোৰ লগত এই কামবোৰত ব্যস্ত হৈ যোৱাৰ পিছত কি ঠিক তাই সলনি হ'বও পাৰে।"
"তুমি তাইক সলনি কৰিব পাৰিবা বুলি মোৰ মনে কৈছে ।"
     মাধৱী বৰুৱাৰ কথাত প্ৰানজিত হাঁহি উঠিল।পাকঘৰত সোমাই গৌৰীয়ে পৰ্ণাক সহায় কৰি থকাৰ সময়ত বাহিৰৰ কোঠাৰ পৰা ভাঁহি অহা মাক আৰু প্ৰানজিতৰ সৰু সুৰা হাঁহি আৰু কথা-বাৰ্তাবোৰ দুয়োজনীৰে কাণত আহি পৰিল।গৌৰীয়ে ভালেই পালে মাকে প্ৰানজিতৰ লগত সহজ ভাৱে কথা পাতিব পৰাৰ বাবে।বিভিন্ন কামত গৌৰীহঁতৰ পৰিয়ালটোৱে বহু ঠাই সলনি কৰিব লগা হোৱা বাবে মাকৰ কথা পাতিবলৈ প্ৰায় লগৰীয়া নোহোৱাৰ দৰেই।তাৰোপৰি পৰ্ণা অকলেই থাকি ভাল পায় আৰু গৌৰী নিজৰ কামতেই ব্যস্ত থাকে।দুয়োজনীয়ে চাহ আৰু জলপান লৈ ড্ৰয়িং ৰুম পালেহি।তাৰপিছত সকলো যতনাই দি গৌৰীয়েও তেওঁলোকৰ সৈতে আড্ডাত যোগ দিলে আৰু পৰ্ণায়ো এটি অনাকাংক্ষিত পৰিৱেশৰ সৈতে সহযোগ কৰিবলৈ নিজকে সাজু কৰি তুলিবলৈ প্ৰয়াস কৰিলে।
"প্ৰানজিত দা;দিহিং পাটকাইৰ  বৰ্তমানৰ পৰিস্থিতি  কেনেকুৱা?"গৌৰীয়ে সুধিলে।
"বৰ্তমান সময়ত  বহুলোকে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখন দেখুৱাই তাত থকা জৈৱ বৈচিত্ৰৰ কথা সাঙুৰি কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্তত নিন্দা কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ দৰে একাংশ সংবাদ মাধ্যমো ইয়াৰ ব্যতিক্ৰম নহয়।যাৰ বাবে আজি উত্তৰ পূব কয়লা ক্ষেত্ৰলৈ ভাবুকি আহি পৰিছে।বৰ্ষাৰণ্যৰ চাৰিত্ৰিক গুণসমূহ থকা চালেকি সংৰক্ষণৰ বাবে যি প্ৰতিবাদ চলিছে বা প্ৰকৃতি সুৰক্ষাৰ বাবে জনসাধাৰণ যেনেকৈ সজাগ হৈছে সেয়া ভাল কথা।কিন্তু ভূল তথ্যৰে প্ৰতিবাদ হোৱাটো জানো গ্ৰহণযোগ্য হয়?"
"গ্ৰহণযোগ্য নহ'লেও এই বিষয়টোৱে কিন্তু আমাক অসমৰ বনাঞ্চলসমূহৰ বিষয়ে জনা আৰু এইবিলাকৰ সুৰক্ষাৰ বাবে চিন্তা কৰিবৰ বাবে যি সজাগতা আনিলে সেয়া কিন্তু উল্লেখনীয়।"গৌৰীয়ে কʼলে।
"দিহিং পাটকাই বৰ্ষাৰণ্য(চৰকাৰীভাৱে নথিভুক্ত নহয়)আৰু দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য দুয়োটা বেলেগ বিষয়।কেৱল দিহিং পাটকাই বুলিলে বহু সংৰক্ষিত বনাঞ্চল,প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ সমষ্টি।এই বৃহৎ অঞ্চল তিনিচুকীয়া,ডিব্ৰুগড় আৰু  শিৱসাগৰ জিলালৈ বিস্তৃত হৈ আছে।এই বৰ্ষাৰণ্যৰ ভিতৰত আপাৰ দিহিং পশ্চিম,আপাৰ দিহিং পূব,ডুমডুমা,ডাঙৰী আৰু কুমচাং সংৰক্ষিত বনাঞ্চল,টিৰাপ আৰু বুঢ়ীদিহিং,নামচাংমুখ আৰু বৰডুবীয়া বনাঞ্চল পৰে।"পৰ্ণাই ক'লে।
"আমি এইবিলাকৰ বিষয়ে আমাৰ ডকুমেণ্টৰী খনত দেখুৱাব নোৱাৰো নে?"প্ৰাণজিতে সুধিলে।
"নিশ্চয় পাৰিব প্ৰানজিত দা ।এতিয়া আপোনাক সহায় কৰিবলৈ মোৰ বাও আপোনাৰ লগত আছে।"গৌৰীয়ে উৎসাহেৰে ক'লে।
প্ৰানজিতে পৰ্ণাৰ ফালে চাই সুধিলে,"মোক আপুনি সহায়...."
"মই সহায় কৰিম।মোক তুমি বুলি ক'লেই হ'ব।"পৰ্ণাই গহীন হৈ ক'লে।
(আগলৈ.....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)