নৈ পৰীয়া গীত

©Admin
0
নৈ পৰীয়া আজি ম ই
শাওণৰ বোকা পানীৰে 
মনত আউল লগাই 
ভাঁহি আহে পিতাই হালোবা এছাৰি লৈ
মাটি চহোৱা এখন ছবি। 
ৰ'দ আৰু বৰষুণে ক্ষণে ক্ষণে ৰং সলনি কৰা
কপালৰ ঘাম মুচি 
মাটি বোকা কৰি
মিঠা সপোন ৰচা।
মনত পেলাই আইলৈ 
ফিচিকা চাদৰখন আচলৰ গোন্ধ। 
এজাক চিপচিপিযা বৰষুণত
হৃদয়ৰ প্ৰেমৰ কঠিযা সিচি 
সেউজীয়া কৰা খেতিদৰা।
এতিয়া নদীৰ বুকুত 
পিতাই খেতি দৰা
আমি হলো নৈ পৰীয়া। 
আই পিতাই সপোনবোৰ সপোন হৈ ৰ'ল।
মাথো স্মৃতি হৈ ৰ'ল
নৈ পৰীয়া এটি গীতৰ কৰুন সুৰত। 

📝হিৰণ্য চেতিয়া গগৈ
 টেঙা খাত ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)