সহায় কৰা ভূত

©Admin
0
এগৰাকী মাজুলীৰ জীয়ৰি, পানেশ্বৰীয়ে ঘূণাসূঁতীৰ পৰা  মাকৰ ঘৰলৈ বুলি
কণ কণ লৰা -ছােৱালী দুটা আৰু গিৰিয়েকৰে সৈতে নাৱেৰে  বাৰিষাৰ  দিনত বহুত তালি - টুপুলাইদি আহি মাজুলীৰ ঘাট  পাওতে বেলি পৰো পৰো সময় 
হৈছিল ।
সেয়ে, গিৰিয়েকে  কৈছিল," লৰা ছােৱালী কেইটা লৈ তুমি অলপ আগবাঢ়ি গৈ থাকা ঘৰলৈ , মই বস্তুখিনি লৈ লাহে -লাহে গৈ আছাে । কাৰণ, বহুত বস্তু  আছে, টালি - টুপুলাবােৰ ভাৰবান্ধি নিব লাগিব " ।

পানেশ্বৰীৰ মাকৰ গাৱঁলৈ ঘাটৰ পৰা প্ৰায় এক কিলোমিটাৰমান দূৰ । পানেশ্বৰীয়ে লাহে -লাহে আহি থাকোতে অলপ -অলপ চিলমিল- চিলমিল আন্ধাৰ হওঁ -হওঁ অৱস্থাত গাৱঁৰ ৰামখুৰা হঠাৎ ওলালহি ।

পানেশ্বৰীয়ে ক'লে, " অ ৰাম খুৰা নেকি " ?
ৰাম খুৰাই ক'লে, "অ তোমালোকে অকলে আহি আছা আহা ময়ো গাৱঁলৈকে গৈ আছাে, বলা একেলগে যাওঁ " ।

পানেশ্বৰীয়ে বাটত সংগী এজন পাই ভালেই পালে । সকাহো পালে । হয় ল'ৰা-ছোৱালী দুটাও আছে, বাটৰ সংগী হ'ল ।  নিজৰ সৰু ল'ৰা -ছোৱালী দুটাক মাজত ৰাখি লুংলুঙীয়া ৰাস্তাৰে আহি গাওঁ পাইছিলহি আৰু তাই ঘৰ পাই ঘৰত সিহঁতক সোমোৱাই দি নিজেও সোমালে আৰু ৰামখুৰা, ৰামখুৰা বুলি  কেইবাবাৰো মাতিলে, আৰু ইফালে -  সিফালে  চাই ক'তো দেখা নাপালে ।

পানেশ্বৰীয়ে ভাৱিছিল, আমাৰ সন্ধ্যাৰ পথৰ সংগী হিচাবে আহিছিল, গতিকে চাহ অকণ খুৱাই পথিয়াওঁ ।  বাটত আহি থাকোতে গেলগেলীয়া মাতেৰে ৰামখুৰাই  পানেশ্বৰীৰ লগত কথা পাতি আহিছিল । পানেশ্বৰীৰ আগে আগে   পথৰ প্ৰদৰ্শকৰ নিচিনাকৈ আগে- আগে গলগলীয়া মাতেৰে দুই - এটা কথা কৈ, গৈ আছিল । 

মাকৰ ঘৰ পাই উঠি ঘৰৰ মানুহক কলে আমাৰ লগত পাই ৰামখুৰা  ও আহিছে, তেখেত আমাৰ বাটত সহায়ৰ নিচিনা হল । তেওঁক অলপ চাহ খাবলৈ মাতাচােন কােনোবাই । ঘৰৰ মানুহে আগফালে ওলাই ইফালে সিফালে চালে কিন্তু পাই ৰামখুৰাক নেদেখিলে ।

পানেশ্বৰীয়া ভাবিলে," ঘৰ পালেগৈ হ'বলা" । সেইবাবে ৰামখুৰাৰ ঘৰলৈ, ভায়েক শশীক   মাতিবলৈ  পথিয়ালে।

ৰামখুৰাৰ ঘৰৰ মানুহে কলে,"ক'তা তেওঁ দেখােন গৰু গাই বান্ধি কেতিয়াবাৰে পৰাই বিচনাত শুই আছে ", বুলি পানেশ্বৰীৰ ভায়েক "শশী"ক ক'লে ।

তেতিয়া পানেশ্বৰীৰ ভায়েকে শশীয়ে বায়েকক আহি ক'লেহি ," তেওঁ  হেনো বেলি পৰো পৰো সময়ৰ পৰাই বিচনাত ভাগৰ লগা  বুলিছে বুলি আজি শুই আছে ", বাহিৰলৈ যোৱাই নাই !!
তেতিয়া পানেশ্বৰী হতভম্ব হ'ল !!
পানেশ্বৰীৰ ভায়েক শশী  ও হতভম্ব !!
ই কি !! কেনেকৈ !! 
তেন্তে, বাইৰ লগত অহা ৰামখুৰা কোন আছিল (?) !!!
দুয়ােঘৰ মানুহে গমপালে পানেশ্বৰীক  "পথ -দেখুওৱা" বা সহ -পথচাৰী  হিচাবে সহায় কৰিবলৈহে  ৰামখুৰাৰ ৰূপ ধৰি সৰু-সৰু ল'ৰা- ছোৱালী কেইটা থকাৰ বাবে  "মানুহৰূপী ৰামখুৰাই", কানিমুনি সন্ধ্যা সহায়ৰ বাবেহে আগবাঢ়ি আহিছিল !!

পানেশ্বৰীৰ মাকৰ ঘৰে  কথাখিনি জানি আছৰিত হ'ল !!!
কি ধৰণৰ ভূত (?) !!
ৰক্ষা । একোযে অন্যায় নকৰিলে !
আইতাকে নাতি-নাতিনী দুটাক ভালকৈ
হাত-ভৰি ধুৱাই , তেল দি মালিচ কৰি অলপ জুইৰ কাষত বহিবলৈ দিলে ।

তেনেতে পানেশ্বৰীৰ গিৰিয়েকে নাৱৰ পৰা অনা বস্তুখিনি ভাৰ বান্ধি লৈ আহি চোতাল পাই চিঞঁৰিলে -কোন ক'ত আছ' , ওলাই আহচােন ।
শশী ওলাই আহিল আৰু ভিনিয়েকৰ তালি -টুপুলাবােৰ ভিতৰলৈ নিলে ।
টিউবৱেলৰ পাৰলৈ গৈ ভৰি-হাত ধুই ভিনিহিয়েক ঘৰ সোমাল ।

শাহুৱেকে জোৱায়েক মনেশ্বৰক বহিবলৈ দি পানী এবাতি খাবলৈ দিলে - তেওঁ পানীকণ খাই ল'লে ।

পানেশ্বৰী আৰু মাকৰ ঘৰৰ সকলোৱে - সকলো কথা ক'লে । মনেশ্বৰে মুখ -মেলি
কথাবােৰ শুনি আছিল আৰু মুখমেলি বহুত সময় কথাবােৰ ভাৱি-ভাৱি থৰ লাগি বহি থাকিল !!!

মনেশ্বৰ আচৰিত হ'ল !
উসঃ ! ভূতটোৱে, ল'ৰা-ছোৱালী কেইটাৰ যে একো অপকাৰ নকৰিলে ৰক্ষা !!

সেইৰাতি ৰামখুৰাৰূপী ভূতৰ কথা শুনি সকলো আচৰিত ৷

 টোকাঃঃ ( সত্য  কাহিনী - ১৯৫৭ চনৰ )
 
📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)