জিল মিল জোনাক নিশা
আকাশৰ চিক্ মিক্ তৰা বোৰলৈ চাই মগ্ন হলো মই
এটি গভীৰ ভাৱনাত |
এই ভাৱনাৰ পৰাই পোখা মেলে
এটি হেপাঁহে
হেপাঁহ মোৰ আকাশ চুবলৈ ;
হেপাঁহ মোৰ তৰা চিঙিবলৈ ;
হেপাঁহ মোৰ পৃথিৱী জিনিবলৈ ;
মোৰ হৃদয়ৰ পিঞ্জৰাত আৱদ্ধ
আকাশ চোৱাৰ অদম্য স্পৃহা
এই স্পৃহাই এদিন হেপাঁহৰ ৰূপ লৈ
এন্ধাৰ বাটত বন্তি জ্বলাই
যায় আগুৱাই
অচিন বাটে
পোহৰৰ দিশে |
📝অবিনাশ বড়া
সহঃ সাধাৰণ সম্পাদক
অসম সাহিত্য সভাৰ আমগুৰি শাখা সমিতি
আমগুৰি মহাবিদ্যালয়, আমগুৰিৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক ২০১৯-২০ বৰ্ষ অসমীয়া বিভাগৰ ছাত্র
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ