কিবা এটা ভাবি ভাবি কলেজলৈ গৈ আছো। ক্লাছ ৰূম টো সোমাইয়ে ইফালে সিফালে চালো
_____অহ আজি বৰ্ষা অহাই নাই নেকি? ক্লাছ হ'বই হ'ল চোন। ফোন এটা কৰিবলৈও মই কলেজলৈ ফোন লৈ নাহো। ছেহ! মইও যাম গৈ অলপ পাছত।গাটোও ভাল লগা নাই, তাতে বৰষুণো দিব। বৰ্ষা নাহিলে কলেজত লগেই নাথাকে মোৰ। দুটা ক্লাছ কৰি এপ্লিকেচন এখন দি ওলাই আহিলো।
______অঅ ,,, আহিলেই নহয় বৰষুণজাক। দৌৰি গৈ কলেজৰ ওচৰৰ দোকান খনতে সোমালো ।
______বৰ আপদ হ'ল দেই। এইটো সময়তে হে আহিবলৈ পালে বৰষুণ জাক। ঘৰলৈ যোৱাই সমস্যা হ'ল এতিয়া এই জাক।
______ক্লাছ নহ'লে নেকি আজি।
______অহ কোনে মাতিলে? পাছলৈ ঘূৰি দেখিলো প্ৰান্তিক মানে প্ৰান্তিকদা । অহহ গ'লো আজি মই। লাজে ভয়ে গোতেইখন আৱৰি আনিছে।
______নহয় ক্লাছ হৈছে। মোৰ হে ক্লাছ কৰিবলৈ মন নগ'লে।
প্ৰান্তিক_______কিয়?
_____নাই এনেই। পিছে আপুনি ইয়াত যে। অহ কি সুধিছো মই? কথাটো কৈ ৰৈ গ'লো ।
প্ৰান্তিক_______মই এইখিনিতে থাকো। দোকানলৈ আহিছিলো বৰষুণ জাক দিয়া কাৰণে ফচি গ'লো।
______ওমম,,,, আৰু একো নক'লো।
______হে প্ৰভু! বৰষুণ জাক সোনকালে লৈ যোৱা। ইয়াত থকা প্ৰায় দুই ঘণ্টাই হ'ল।
প্ৰান্তিক______বৰষুণ নেৰিবই চাগে
_____হা,,,অঅ''
প্ৰান্তিক_______ কি কৰিবা পিছে এতিয়া? গোটেই আন্ধাৰ হৈ আহিছে। তোমাৰ ঘৰলৈ যোৱাও দেৰি হ'ব। বেয়া নোপোৱা যদি ময়ে তোমাক থৈ আহিব পাৰিম। ব'লা।
______নাই নাই মই পাৰিম
প্ৰান্তিক______আৰে একো নহয়। বৰষুণ এৰিব এৰিব বুলি আজি তুমি ইয়াতে থাকিব লাগিব নহ'লে।
______কথাটো মিছাও নহয়। কি কৰা যায়। বৰষুণ দিয়ে আছে। ইয়াতে আন্ধাৰ হ'বলৈ হ'লে মায়ে মোক গালি পাৰিব।
প্ৰান্তিক______কি ভাবি আছা ?
______একো নাই। ঠিক আছে তেন্তে।
প্ৰান্তিক______ৰ'ৱা তেতিয়া হ'লে মই গাড়ীখন উলিয়াই আনোগৈ।
গাড়ী আনি পাই গ'লহি। মোক আগৰ ছিটটোৰ দৰ্জা খন খুলি দি নিজেও বহি ল'লে।
গৈ আছো কিবা এটা ভাল লাগি আছে। বৰষুণ জাক আহি বেয়াও কৰিলে ভালো কৰিলে। ভাল লগা মানুহ জনক আজি ইমান ওচৰৰ পৰা পাইছো। মনে মনে বৰষুণ জাকক ধন্যবাদ জনালো।
প্ৰান্তিক_______কি হ'ল ? অকলে অকলে হাঁহি আছা যে?
আগলৈ••
🖋️পূৰ্নিমা হালৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ