ৰুণজুন খণ্ড-১৬

©Admin
0

 ৰিহণ আৰু ৰুনজুনহঁতে যােৱা দুদিন ধৰি কেইবা ঠাইতাে ফুৰি ফুৰি আজি চিলঙৰ পৰা  ঘূৰি আহিল ।চানৰ  ফুৰ্ত্তি, মাক - দেউতাক দুয়ােজনকে একেলগে পাই ।
   কাইলৈ ব্যৱসায়ৰ কামত ৰিহণ আকৌ দিল্লী যাবগৈ । এতিয়া ব্যৱসায়ৰ কাম  দিল্লীত  পাইছে ।
    এনেদৰে সংসাৰ চলি আছে । লাহে লাহে ল'ৰাও ডাঙৰ হবলৈ লাগিলে । চানক স্কুলত নাম লগাই দিলে । সি পঢ়াত তীখৰ 
আছিল । তেনেতে, কিছু বছৰৰ পাছত সৰু ল'ৰাতােৰ জন্ম হ'ল । তাৰ নাম ৰাখিলে মুন  ।  ৰুণে এতিয়া দুয়ােতাকে চম্ভালিব লাগে । সিহঁতৰ সকলো দায়িত্ব ল'ব লগা হৈছিল ।
পঢ়া-শুনা, বেমাৰ-আজাৰ, খেলা - ধুলা আদি কৰি সিহঁতৰ মনােৰন্জনৰ বাবেও  অকল মাকেই চােৱা-চিতা কৰিব লগীয়া হ'ল ।
ৰিহণৰ কাম লাহে লাহে বাঢ়ি আহিল মাহত ২৫ দিন বাহিৰত আৰু ৫ বা ৬  দিনহে ঘৰত থাকে আৰু ঘৰত থাকিলেও সকলােবোৰ তায়েই  তদাৰক কৰিব লগীয়া হ'ল । তাৰ ব্যৱসায়ত ক্ৰমে ক্ৰমে লাভ   হৈ গৈ 
থাকিল । তেওঁ এতিয়া কোটি টকাৰ ব্যৱসায়ী হ'ল ।
চান ডাঙৰ হ'ল - সি মেত্ৰিক পৰীক্ষা পাচ কৰিলে । খুউৱ ভালদৰেই পাছ কৰিলে । উত্তীৰ্ণ  হোৱাৰ পিছত তাক দেউতাকে বাংগালােৰত পঢ়িবলৈ পথালে   আৰু দ্বাদশ শ্ৰেণী ভালদৰে পাছ কৰিলে ।  সি সৰুৰে পৰাই যিমান ভাল আছিল -সেইদৰেই ইলেকত্ৰিকেল ইন্জিনীয়াৰিঙও  ভালদৰে পাছ কৰিলে । সি  বাংগালােৰৰ BHEL ত  চাকৰি পালে ।
সৰুতাে মজলীয়া ধৰণৰ  পঢ়াত-  তাক মেত্ৰিক পাছ কৰাৰ পিছত দিল্লীত B.A. পঢ়িবলৈ পঠালে । সকলােবােৰ  নিজৰ নিজৰ কামত ব্যস্ত  থাকে । সৰুতাে বাহিৰত যোৱাৰ পাছৰ পৰা মাক (ৰুণ) তেনেই অকলশৰীয়া হৈ গ'ল ।  মাকে সদায় সৰুতোৰ কাৰণে বেছিকৈ চিন্তা কৰি থাকে - সি কেনেকৈ চলিব, পাৰিবনে নাই ইত্যাদি ইত্যাদি ।  ডাঙৰ ল'ৰাটােৱেও মাকলৈ বৰকৈ ফােন নকৰা হ'ল ।
  সিহঁত পঢ়িবলৈ ওলাই যোৱাৰ পাছৰে পৰাই মোবাইলৰাে ব্যৱহাৰ  হ'বলৈ লাগিল । কিন্তু, মোবাইল থাকিলে কি হ'ব কােনেও ফােন এটাও নকৰে । বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে ।
কোনােবা চিনাকি বা লগৰ বান্ধৱীৰ ঘৰত  ও  সদায় যাব নােৱাৰি, মাজে মাজে বৰ উৰুঙা- উৰুঙা লাগে । ঘৰৰ
চাকৰ - বাকৰৰ লগত কিনাে কথা পাতিব, বৃহৎ অট্টালিকা সদৃশ ঘৰটোত অকলে থাকি  এনেকুৱা লাগে যেন - গােটেই ঘৰটাে যেন পৰি তাইক হেচাঁ মাৰি ধৰিব ।
সংসাৰৰ ব্যস্ততাৰ বাবে নিজৰ বান্ধৱী মুনলিমাকো তাই কেতিয়াবা ফােন কৰিবলৈ পাহৰে । সেই দিনা তাইক মনত পেলাই তাইলৈ ফােন কৰিলে ।
:হেল্ল মুনলিমা ।
: অ ৰুণ নেকি?
: হয়, মই ৰুণে কৈছাে ।
: পিছে কিয় ফােন কৰিলি ?
: তােৰ কেনেকুৱা মুন ?
: ডাঙৰ ল'ৰাটােৰ বাবে ছােৱালী চাবলৈ গৈছিলাে ।
: ৰুণে , অঁ হয় নেকি ।
: মুনে ক'লে - মই বোৱাৰী চাবলৈ যোৱাতাে তােক ক'ম বুলি ভাবিহে আছিলাে । আহি পাইছােহে, তেজপুৰৰ পৰা ।
: ৰুণে - হ'ব দে এদিন আহিবি চােন । কাইলৈকে আহিব পাৰ' । মইতাে একদম 
ফ্ৰি । যি কোনাে সময়তে আহিব পাৰিবি ।
: মুন - ঠিক আছে ।
: ৰুণ- কাইলৈ ভাত খোৱাকৈ আহিবি ।
: মুন - হ'ব তেন্তে কাইলৈ কথা পাতিম ।
                   
আগলৈ••••

🖍মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)