এধানি মৰম বিচাৰি

©Admin
0

: জিমলি মাইনা , উঠিলা ?
ৰমলা বাইৰ মাতত তাই মাকৰ ফটোখনৰ পৰা মূৰ তুলি চায় ৷
উত্তৰত মুৰ জোকাৰি সন্মতি দিয়ে ৷
: কি হ’ল মাইনা ? মনটো মাৰি আছা যে.. গা বেয়া লাগিছে নেকি ?
: সৰু সৰু আঙুলি কেইটাই অকমান বেয়া লাগিছে বুলি দেখায় ৷
ৰমলাই জানে তাইৰ শাৰীৰিক অসুখতকৈ মনৰ অসুখহে বেছি হৈছে ৷ সৰুৰ পৰা দেখি আহিছে তাইক ৷ তাইৰ লগত থাকিয়ে আজি জিমলি সাত বছৰীয়া হ’লহি ৷ মূখখন দেখিলেই ৰমলাই জানে তাইৰ কি হৈছে ৷  তাইৰ লগত অকণমান কথা পাতি ৰমলাই ঘৰৰ কামত ধৰে ৷

জিমলি; বিখ্যাত ব্যৱসায়ী অপুৰ্ব চলিহা আৰু তনুশ্ৰী চলিহাৰ একমাত্ৰ কন্যা ৷ সৰুৰ পৰাই তাই অলপ ভাবুক..মৰম আকলুৱা ৷ ক্লাৱৰ পাৰ্টিৰ পৰা ভাগৰি অহা মাকৰ ওচৰত তাইক দিবলৈ সময় নাথাকে ৷ তাইৰ খোৱাৰ যতন ল’বলৈ মাকৰ আহৰি নাই ৷ দেউতাকটো ব্যৱসায় সংক্ৰান্তত ঘৰৰ বাহিৰতে থাকে ৷  সৰুৰ পৰা তাই ৰমলা বাইৰ লগতে খেলি কৰি ডাঙৰ হৈছে ৷ মাকক বিচাৰি কান্দি কান্দি শুই যোৱা জিমলিৰ মৰম লগা মুখখন দেখি  ৰমলাৰ অন্তৰে কান্দি উঠে ৷ মাকৰ এধানি মৰম বিচাৰি হাহাঁকাৰ কৰে তাইৰ অকণমানি মনটোৱে ৷ মৰম আকলুৱা ছোৱালীজনী দিনে দিনে মৰহি গৈছে ৷

আজিকালি জিমলি বেছিকৈ মাকৰ ওচৰত থাকিব বিচাৰে ৷ মাকৰ পিছে পিছে ঘুৰি ফুৰে ৷ মাকৰ কিন্তু সময়ে নাই ৷ কোচত উঠি মাকক সাবটি ধৰা জিমলিক ৰমলাৰ হাতত গতাই মাক ক্লাৱলৈ ওলাই যায় ৷ চহৰৰ নাম জ্বলা সমাজ সেৱিকা তনুশ্ৰী চলিহাৰ  জীয়েকৰ প্ৰতি থকা দায়িত্বশীল মনোভাৱ দেখি ৰমলাৰ হাঁহি উঠে ৷

: অ’ মা আজি তুমি মোৰ লগত থাকাচোন.. খেলিম আমি..মোৰ লগৰবোৰৰ মাকহতেঁ তাহাতৰ লগত সদায় খেলে,সাধু কয় ৷ তুমিহে নেখেলা মোৰ লগত ৷
ৰাতিপুৱাৰ পৰা মাকক তাই আবদাৰ কৰি আছে তাইৰ লগত খেলিবলৈ ৷ মাকৰ সেইবোৰত মন দিবলৈ সময় নাই ৷ আজি  মিটিং এখনৰ নিৰ্দিষ্ট বক্তা হিচাপে যাব লাগিব ৷ তাৰে প্ৰস্তুতিত ব্যস্ত ৷ বেছিকৈ জিমলি তাইৰ পিছে পিছে ঘূৰি ফুৰা দেখি ৰমলাক চিঞৰ লগায় ৷ তাইৰ মাতত ৰমলা দৌৰি আহি ওলাহি
: ৰমলা, এইক লৈ যাচোন..দিগদাৰ কৰি আছেহি..অকণমান খেলি দে তাইৰ লগত ৷
জিমলিক ওচৰলৈ আনি বুজায়
: জিমলি মাইনা, তুমি এতিয়া ৰমলা বাইৰ লগত খেলাগৈ ৷ মায়ে পিছত খেলিব দেই তোমাৰ লগত ৷ যোৱা এতিয়া ..মাৰ বহুত কাম আছে ৷
নাই ,আজি জিমলিয়ে মাকক এৰি নিদিয়ে ৷ আকৌ মাকৰ পিছে পিছে দৌৰি গ’ল ৷ এইবাৰ তনুশ্ৰীয়ে অলপ টানকৈয়ে ক’লে তাইক ৷ উচুপি উচুপি ৰমলাৰ লগত বাহিৰলৈ গুচি আহিল ৷ একোকে নেখেলিলে ৷ মনে মনে বহি ৰ’ল বাহিৰত ৷

সেইদিনাৰ পৰা তাই খেলা ধূলাও নকৰা হ’ল, নাখায়ো ভালকৈ ৷ মনে মনে থকা
হ’ল ৷ স্কুল যাবলৈও মন নকৰে ৷ ৰমলাই মাতি মাতিও মাত উলিয়াব নোৱাৰা হৈছে ৷ বৰ চিন্তাত পৰিছে ৰমলা অকমানিজনীকলৈ ৷ টেবুলত বহি কিবা লিখি থকা তনুশ্ৰীক মাত লগাই
: বাইদেউ
: অ’ ৰমলা, কচোন ৷ জিমলি স্কুল গ’ল নেকি ?
: জিমলি মাইনা স্কুল গ’ল ৷ যাবলৈ মনেই কৰা নাছিল ৷ ফুচুলাই পঠিয়াইছোঁ ৷
আপোনাক কথা অলপ ক’ব লগা আছিল ৷
: উম, কচোন ৷ মই শুনি আছো ৷
: বাইদেউ জিমলি মাইনাক আপুনি অলপ সময় দিয়ক ৷ তাইৰ লগত থাকক ৷ সদায় ৰাতি ৰাতি আপোনাক বিচাৰি উচুপি থাকে৷ কান্দি কান্দি শুই যায় ৷ আজিকালি ভালকৈ নাখায়ো , নেখেলেও ৷ ভালকৈ মাত বোল ও নকৰে ৷ বহি থাকে মনে মনে ৷
তাইক মাকৰ মৰমৰ প্ৰয়োজন ৷ আপুনি কামত ব্যস্ত থাকোঁতে থাকোঁতে আপোনাৰ ছোৱালীলৈ পাহৰিয়ে গ’ল ৷
ৰমলাৰ কথাবোৰ শুনি কিবা ক’ব লওঁতেই তনুশ্ৰীৰ ফোনটো বাজি উঠিল ৷ চাই দেখে জিমলিৰ স্কুলৰ পৰা ফোন কৰিছে ৷ জিমলিৰ কিবা হোৱা নাইতো!!! অজান আশংকাত তাই কঁপি উঠিল ৷ লাহেকৈ ফোনটো ৰিচিভ কৰে
: হেল্ল’
ইফালৰ পৰা গলগলীয়া মাত ভাহিঁ আহে
: আপুনি জিমলিৰ মাক তনুশ্ৰী চলিহা হয়নে ?
: হয়, মই তনুশ্ৰীয়ে কৈছোঁ
: আপুনি সোনকালেই চিটি হস্পিতাল আহক ৷ আপোনাৰ ছোৱালীৰ অৱস্থা বৰ ভাল নহয় ৷ ক্লাছত অজ্ঞান হৈ পৰিলত আমি তাইক হস্পিতালত ভৰ্তি কৰালোঁ ৷
ইফালৰ পৰা ভাহি অহা কথাখিনিত তনুশ্ৰী কপিব ধৰিলে ৷ কি হৈ গ’ল এয়া ৷ তাই বৰ ভুল কাম কৰিলে ৷ কামৰ মাজত তাই নিজৰ ছোৱালীজনীলৈ মনেই নিদিলে ৷ সকলো দায়িত্ব ৰমলাক দি নিজে মেল মিটিং কৰি ফুৰিল ৷ বহুত দেৰি হৈ গ’ল ৷ জিমলিৰ কিবা হ’লে তাই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব ৷ নাই নাই  জিমলি ৰ একো নহয় ৷
তাইৰ সলনি হোৱা মুখৰ ৰং দেখি ৰমলাই বুজিলে নিশ্চয় নহ’বলগীয়া কিবা ঘটিছে ৷
: বাইদেউ কি হৈছে ? কোনে ফোন কৰিছিল ?
তাই এফালৰ পৰা সকলো কৈ কান্দিব ধৰে ৷ জিমলিৰ কিবা হ’লে তাই কেনেকৈ থাকিব ৷ কান্দি কান্দি তাই হস্পিতাললৈ দৌৰ দিয়ে ৷ লগতে ৰমলাও যায় ৷

হস্পিতালৰ বেডিং ত জিমলিক দেখি কান্দি পেলায় । ডক্টৰে তাইক মাতি নি ক’ব ধৰে
: আপোনাৰ ছোৱালী বহুত দুৰ্বল হৈ পৰিছে ৷ তাই ভালকৈ খোৱা বোৱা নকৰে নেকি ? আপুনি অলপ চোৱা চিতা কৰিব ৷ আৰু দুৰ্বল হৈ পৰা হ’লে তাইক বচোৱাই টান হ’লহেতেন ৷ দৰব বেজি লিখি দিছোঁ ..সময় মতে দিব আৰু তাইক অলপ সময় দিব ৷ মাকৰ মৰমৰ সমান ঔষধ নাই ৷ সোনকালেই ভালহৈ উঠিব ৷ চিন্তা কৰিব নালাগে ৷
অকণমানি ছোৱালীজনীয়ে তাইৰ কাৰণে কিমান সহিলে ৷ নাই , এতিয়াৰ পৰা তাইক নিজৰ পৰা অলপো আতৰ হ’ব নিদিয়ে ৷ কান্দি কান্দিয়ে তাই জিমলিক সাবটি ধৰে ৷  চকু মেলি মাকক তেনে অৱস্থাত দেখি তায়ো মাকক সাবটি ধৰে ৷ আজিৰ পৰা মায়ে সদায় তোমাৰ লগত খেলিব, সাধু ক’ব,তোমাক খুৱাই ও দিব ৷ সোনকালে ভালহৈ লোৱা মোৰ মাইনাজনী বুলি মাকে জিমলিক সাবটি ধৰে ৷ মাকৰ এই মৰমকণ বাবে হাহাঁকাৰ কৰা তায়ো মাকৰ বুকুৰ মাজত কুচিমুচি সোমাই পৰে ৷ মাক জীয়েকৰ এই দৃশ্য দেখি ৰমলাৰ সুখৰ চকুলো বৈ আহে ৷ মনে মনে জিমলি সোনকালে ভালহৈ উঠিবলৈ প্ৰাৰ্থনা কৰে ৷

                    (সমাপ্ত)

✍️ দশমী শইকীয়া
         গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)