আপুনি যে কবিতা ভাল নাপায়

©Admin
0
 (১)
আপুনি যে কবিতা ভাল নাপায় 
যুদ্ধ এখন হোৱাৰ দৰে 
শব্দ এটা আৰম্ভ কৰো কেনেকৈ? 

ৰাতিপুৱাৰ ৰ'দে মোক খিৰিকিৰ কবিতা এটা দিছে
আবুৰ উঠা পৰ্দাত মকৰাজালৰ কাহিনী 
আৰু দিয়ে এখিলা সৰাপাত

আপুনি যে কবিতা ভাল নাপায় 
থওঁ নে মোৰ কবিতাত শব্দবোৰ। 

(২)
শব্দবোৰ ঠিক আন্ধাৰৰ দৰে 
পোহৰ বিচাৰি হাহাকাৰ কৰে

মোৰ ম'মডাল শেষ হোৱাই নাই
পোহৰ এতিয়াও নমা নাই
পোহৰ এতিয়াও কমা নাই

আপুনি যে কবিতা ভাল নাপায় 
থওঁ নে মোৰ উশাহত শব্দবোৰ। 

(৩)
অ' এইমাত্ৰ ছোৱালী এজনী পাৰ হৈ গ'ল
বহাগৰ কবিতা এটা লৈ
তাইৰ সেনা কৰা চুলিৰ ৰং
ওঁঠৰ তানবোৰ শুনি 
মই মোৰ নখবোৰত আঁকি থওঁ কবিতা

ভাদৰ নিশা বুধুৱাৰ চোতালত যেতিয়া ধূলি উৰে
প্ৰেমিকৰ মাতত শুনো মই প্ৰেয়সীৰ চিঞৰ
কৰমতীৰ নাচোনত দেখো এশ এটা চিঞৰ
চিঞৰত চিঞৰ এটা হৈ
আন্ধাৰে আন্ধাৰে
ময়ো কবিতা হৈ চিঞৰো

আপুনি যে কবিতা ভাল নাপায়। 

(৪)
আপুনি যে কবিতা ভাল নাপায় 
নৈ পৰীয়া কেকুঁৰিৰ কথা কি ক'ম আপোনাক 
এতিয়া সকলোবোৰ একে হৈ থকা নাই 
নৈত গাধ ধুবলৈ অহা মিনিৰ যে নুশুনু
পয়ৰীৰ মাত 

আপুনি যে কবিতা ভাল নাপায় 
সপোনবোৰ  লৈ উৰা
চৰাইৰ কথা কি ক'ম আপোনাক 
পোহৰ দেখি উৰি অহা টোকোৰা চৰাইজনী 
গ'ল যে গ'লেই। 

(৫)
আপুনি যে কবিতা ভাল নাপায় 
আঙুলিৰ ফাঁকত চিয়াঁহীৰ দাগ লগা কথাবোৰ 
কি ক'ম আপোনাক 

শুই থকা গছৰ জড়তাত কেইপাক ঘূৰে
আমৰলি পৰুৱা 
শীৰ্ততাত কঁপে যে চৰাইৰ ডেউকা

আপুনি শুনিছেনে কেতিয়াবা চৰাইৰ পাখিত দুখ
মই শুনা নাই এতিয়াও 
মাত ভঙা চিঞৰ 

আহঁতৰ ছাঁত এতিয়াও কুঁৱলি পৰে
জাৰত কঁপি উঠে শিপা 
কিন্তু নুশুনু চৰাইৰ ডেউকা 

শব্দবোৰ শুনি পৰুৱাই নিতাল শুৱে ৰাতি
সমীৰত কঁপি উঠা আহঁতৰ শুকান পাতবোৰ সাৱটি। 

(৬)
আপুনি যে কবিতা ভাল নাপায় 
এই কবিতা সুকীয়া 
সোৱাদ লগা ওঁঠৰ মিষ্টতা

নিতৌ নিশা কলিজাত সপোন সপোন হৈ নাথাকে 
বুকুত থিয় দি ই চিঞৰ এটা মাৰে

ৰ'দ লাগে ৰ'দ
কবিতা ভালপোৱা মানুহৰ গাত 
ঘূৰণীয়া বেলিৰ মুখামুখি ৰ'দ। 

(৭)
আপুনি যে কবিতা ভাল নাপায় 
মৰিশালিত গজি উঠা ঘাঁহনিৰ  লগত শুই
কাল্কিনীও দুখৰ কবিতা ৰচে

আপুনি যে কবিতা ভাল নাপায় 
আপুনি নিহত সময়ৰ শব্দ নেকি 
অলপ নিনাদ
অলপ হুমুনিয়াহ 
নিশ্বাসত বিষন্ন হৈছে নেকি আপোনাৰ সুখ আৰু প্ৰাণ

আপুনি যুদ্ধক্ষেত্ৰ হ'ল শিল হ'ল বুকু
মৰীচিকা হ'ল আপোনাৰ হৃদয়

পিছে শিল, যুদ্ধক্ষেত্ৰ আৰু মৰীচিকাক লৈয়ো
কবিতা এটা আৰম্ভ কৰিব পাৰো

কিন্তু আপুনি যে কবিতা ভাল নাপায়।

🖋️ক্ষীৰোদ নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)