কালৰূপী কৰ'ণা নে? মানৱ সভ্যতাৰ শত্ৰু কৰ'ণা

©Admin
0

কাহানিও ভৱা নাছিলো

এনে সময় আহিব বুলি

য'ত মাথো মৃত্যু তৃষ্ণা অন্ধকাৰ

মানৱ সভ্যতা পতন মুখী

চাৰিওদিশে হাহাকাৰ 

কৰ'না ভাইৰাছ নামৰ মানৱ শত্ৰুৰ

নগ্ন তাণ্ডৱত আতংকিত আজি জনগণ

বাট-পথ,দোকান-পোহাৰ, মেলা , বজাৰ

আজি জনশূন্য 

প্ৰতি ঘৰে ঘৰে মৃত্যুৰ বিভীষিকা

কি গাঁও কি চহৰ নগৰ , কিম্বা দেশ বিদেশ

কৰ'না মহামাৰীৰ কবলত 

লাখ লাখ আক্ৰান্ত হাজাৰ হাজাৰ

মৃত্যুমুখী ৷

নাৰ্ছ,ডাক্তৰ,বৈজ্ঞানিক স্বাস্থ্য কৰ্মীৰ

অপ্ৰাণ প্ৰচেষ্টা মানৱ শত্ৰু কৰ'নাক কৰিবলৈ দমণ হলেও নাই কোনো ফলাফল

তথাপিও প্ৰচেষ্টা অব্যাহত 

সাহস, ধৈৰ্য্য,মন আশাম্বিত ৷

কি আছিল সেই সময়  

উল্লাস আনন্দ উৎসৱ পাৰ্ৱণ, শান্তি সম্প্ৰতিৰে অতিবাহিত কৰিছিলো ৷

কৰ'না নামৰ কালৰ সোঁতত জাহ গ'ল

সেই সোণালী সময় 

এতিয়া হাঁহিবিহীন মুখখন

ভয়ত আতংকিত হিয়াখন

হলেও উমি উমি জ্বলি আছে আশাৰ বন্তি

কিজানিবা আকৌ আহিব অতিতৰ সোণসেৰীয়া সময়

আকৌ হাঁহিব পাৰিম চাগে মনখুলি

এটাই আনটোক বুকুৰ মাজত লম সাবটি

বাটপথত আকৌ হব জন আৱাগমণ

দোকান পোহাৰ , বজাৰত হব জন সমাগম 

কিন্তু আহিবনে ?অতিৰ সময় উভতি

হবনে ? মনৰ আশাবোৰ পুৰণ

হবনে সপোন বাস্তৱ 

নে হব মানৱ সভ্যতাৰ সম্পূৰ্ণ পতন ?

এই প্ৰশ্নবোধক চিনটো বৰ আমনিদায়ক

হব যি হব হব সময়ে উত্তৰ দিব ৷


📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)