চিঞঁৰি চিঞঁৰি কয়
অতীতৰ সীমাৰেখা। নাই...।"
সঁচাকৈয়ে, সোঁৱৰণিয়ে বহু কথা কৈ যায়। প্ৰতিজন ব্যক্তিৰ বাবেই শৈশৱ মধুৰ। সেয়েহে আজিও মনটো উৰি যাব খোজে সোণোৱালী শৈশৱলৈ। মানসপটত সজীৱ হৈ থকা শৈশৱৰ টুকুৰা- টুকুৰ স্মৃতিলৈ।
অতীত ৰোমন্থনৰ আমেজেই কিছু সুকীয়া। স্মৃতি হʼব পাৰে কেতিয়াবা কিছু মিঠা অনুভৱ আৰু কেতিয়াবা হʼব পাৰে অত্যন্ত হৃদয়বিদাৰক। তথাপিও জীৱন নাঁৱত দুই ভৰি থৈ সময় নদীত নাওঁ মেলি দিলো অনন্ত যাত্ৰাৰ আৰম্ভণিৰে। মাজে- মাজে আকুলতা জন্মে.....। কিন্তু কিয়??? আকুলতা কাৰোবাক পোৱাৰ, আপোনজনক হেৰুওৱাৰ, আনন্দৰ, বিষাদৰ, প্ৰেৰণাৰ, সপোনৰ, দিঠকৰ, ফলাফলৰ.....। মৰম- চেনেহ, দুখ- বেদনা আদি আৱেগৰ মাজত, কঠোৰতাৰ মাজত নাইবা সৰলতাৰ মাজত, উৎসাহ- উদ্দীপনা নতুবা নিৰাশা- হতাশাৰ মাজত, মানৱতাৰ মাজত নতুবা হিংস্ৰতাৰ মাজত। মাথোঁ সৃষ্টি হয় আকুলতা.....।
জীৱনৰ দুৱাৰদলিত ধৰি থুপুক- থাপাককৈ বাঢ়ি আহিছিল মোৰ আশা, স্বপ্ন আৰু কল্পনাবিলাসী মনটো। লাহে-লাহে অনিশ্চয়তাৰ বান্ধোন ছিঙি নিশ্চয়তাৰ নতুন পৰশত ঠন ধৰি উঠিছিল ইহঁতে; আলফুলে, সযতনে। বিশাল বিশ্বত নিজকে বিলীন কৰি দিয়াৰ এক অপ্ৰাণ ব্যর্থ চেষ্টা। আকৌ, পাহি মেলিছিল নতুন নতুন অযুত আশাই। অজুত সপোনে বাহ সাজিছিল বুকুত।
সুখ- দুখ, হাঁহি- কান্দোন, আনন্দ- উৎসাহ, ব্যথা- বেদনা, পোৱা- নোপোৱা, আশা- নিৰাশা, স্বপ্ন- দিঠকৰ সমন্বয়েই মানুহৰ জীৱন। এটাৰ অবিহনে আনটোৰ অস্তিত্ব নাই। যিদৰে, অভাৱ নহʼলে প্ৰাপ্তিৰ, গ্ৰীষ্ম নহʼলে ঠেৰেঙা লগা শীতৰ, দিন নহ'লে ৰাতিৰ, পূৰ্ণিমা নহ'লে অমাৱস্যাৰ কোনো অস্তিত্ব নাই। এইবিলাকৰ এটাৰ অবিহনেও জীৱন অপূৰ্ণ হৈ ৰ'ব। মানুহৰ জীৱনলৈ অহা প্ৰতিটো সুখৰ মূহুৰ্ত হ'ব পাৰে শীতৰ কোমল ৰ'দালি, শেৱালিৰ মিঠা সুবাস, এটা সোণালী সপোন নাইবা নিজান ৰাতি কোনোবা অচিন বাঁহীৰ সুৰ। এই দুদিনীয়া জীৱনৰ প্ৰতি ৰন্ধ্ৰে এ ৰন্ধ্রে , যৌৱনৰ প্ৰতি কোঁহে- কোঁহে নিহিত হৈ আছে আকুলতা আৰু জীৱনটো নতুন ৰূপত সজাই তোলাৰ এক সুমধুৰ প্ৰতিশ্ৰুতি। শেষত কবিৰ ভাষাত....
" অনুভৱবোৰে শব্দ হৈ
বাহ সাজিছে বুকুত
কবিতা হৈ.....।
জামুৰঙী কলিজাৰ ডায়েৰীত
লিখি ফুৰিছো
জাকৰুৱা স্মৃতিৰ
টুকুৰা- টুকুৰ খবৰ.....।"
✍️ প্ৰজ্ঞা দেৱী ভূঞা
ছাত্ৰী,জাঁজী হেমনাথ শৰ্মা মহাবদ্যালয়
সমাজতত্ব বিভাগ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ