__________ ম'বাইল চাগে ভৰ্তি হৈ গল। ইমান দেৰি ফটো মাৰিলি। বৰ্ষাক কলো।
বৰ্ষা_________ নাইহোৱা আকৌ মাৰিম দেই তোৰ লগত।
________ উফ হব.
স্বাগত_________ বলা সেইখিনি তে ৰেস্তোৰাঁ এখন আছে কিবা এটা আগত খাই লওঁ।
প্ৰান্তিক________ অ বলা। আহি পেলাই কিমান ফটো মাৰা মাৰি থাকিবা.
যাবলৈ ললো আটাইকেইটা। আগে আগে প্ৰান্তিক আৰু স্বাগত দা।।আমি দুই জনী পাছে পাছে। মনে মনে বৰ্ষাক কলো ।
__________ অই মোৰ খাবলৈ যাবলৈ মন যোৱা নাই প্ৰান্তিক দা আৰু স্বাগত দাৰ মুখৰ আগত খাবলৈ বহুত লাজ লাগিব। কিন্তু এতিয়া নাযাওঁ বুলি কেনেকৈ কওঁ।
বৰ্ষা________ ওম লাজ টো অলপ মোৰো লাগিব ।হব দে আমি দুই জনী একেলগে বহিম।
_______ ওম
প্ৰান্তিক________ ফুচ ফুচাই কি পাতিছা দুই জনীয়ে?
পটককৈ প্ৰান্তিক দাই মাত লগাই দিলত বৰ্ষাই কলে
বৰ্ষা______ নাই একো পতা নাই
প্ৰান্তিক________, তোমাক পোৱালিয়ে কিবা লগাইছে ন' মোৰ কথা
_________ আপুনি যে মোকেই ধৰিছে।মই কি লগাম বাৰু।
খং উঠি আহিল।
প্ৰান্তিক_______ বাঃ ইমান খং।
স্বাগত_______ তহঁতি কিয় ইমান সৰু লৰা ছোৱালীৰ নিচিনাকৈ কাজিয়া কৰিছ'?
প্ৰান্তিক_______ মই নহয় জীয়া।
_______ huh মোৰলৈ দোষ দিব আহিছে।
ৰেস্তোৰাঁ খন পালোঁগৈ।
প্ৰান্তিক_______ কি খাবা? বৰ্ষা আৰু মোক সুধিলে।
বৰ্ষা,______ জীয়া কি খাবি ক' তই যি খাৱ মইও সেইটো খাম।
মই কিবা এটা আনিলেই হব বুলি কৈ থলো। প্ৰান্তিক দা আৰু স্বাগত দাই খোৱা বস্তু আনিবলৈ গৈছে। আমি দুই জনী একেলগে বহিম বুলি কৈ থৈছিলো। কিন্তু নিমিলিব। প্ৰান্তিক দা আৰু স্বাগত দা আমাৰ সন্মুখত বহিব লাগিব। কি হব বহুত লাজ লাগিব তেনেকুৱা হলে। বৰ্ষা ক মোৰ সন্মুখত বহিবলৈ কৈছিলো কিন্তু তাই নবহে । কি হব কি হব ভাবি থাকোতেই তেওঁলোক আহি পালেহি।
স্বাগত দাই খোৱা বস্তু খিনি বৰ্ষা আৰু মোৰ সন্মুখত দি দি তেওঁলোকেও খাবলৈ ধৰিছে। বৰ্ষাক চিকুত মাৰি দিলো। তাই গম পাই গল কিয় চিকুতিলো। তাইয়ো লাজে লাজে খাবলৈ ধৰিছে। মই বস্তু খিনি কৈ ৰৈ আছো।
প্ৰান্তিক_______ কি হল খোৱা আকৌ।
______ ওম।
খাবলৈ লৈছো। কপালত হাত খন থৈ খাই আছো।প্ৰান্তিক দা লৈ নিজেও চোৱা নাই আৰু তেওঁ যাতে চাব নোৱাৰে সেইবুলি। মুঠতে সোনকালে খাই শেষ কৰিছো।
সকলোৰে প্ৰায় খাই হৈছে গৈ মই হে লাহে লাহে খাই আছো।। বৰ্ষাই খাই বাহিৰলৈ গল স্বাগত দাও মই আৰু প্ৰান্তিক দা থাকি গলো । নাই চোৱা কাৰোলৈ মই তললৈ চাই এনেই বহি আছো।। ইতিমধ্যে খাই হৈ গল মোৰ।। এপাকত ইফালে সিফালে চাওঁতে প্ৰান্তিক দা লৈ চকু পৰিল। মোৰ লৈ চাই আছিল। মই আকৌ বেলেগ এফালে চাই দেখাইছো। পটককৈ ম'বাইল লৈ মেচেজ এটা অহা শুনিলো। চালো প্ৰান্তিক দাৰ মেচেজ । _______ পোৱালি মুখ খন মচি লোৱা।
ইচচচচচচচ,,,,,, ৰাম বহুত লাজ পাইছো দেই।খোৱা বস্তু লাগি আছিল মুখত।লগা লগ ফোনৰ স্ক্ৰিন খনত চাই মুখ খন মোহাৰি ললোঁ।
আকৌ এটা মেচেজ আহিছে
প্ৰান্তিক_______ হুম,,, এতিয়া ঠিক আছে।
হাহিও উঠিছে। তেওঁলৈ চাবলৈ বহুত লাজ লাগিছে। ইমান ওচৰতে বহি মেচেজ কৰিছে। সেইকাৰণে মোৰ মুখলৈ চাই আছিল। স্বাগত দা আছে কাৰণে চাগৈ মেচেজ কৰি কৈছে। স্বাগত দা লৈ চালো তেওঁ দেখিলে নেকি আকৌ।
________ উফ নাই দেখা। ফোন টিপি আছে।
বৰ্ষা আহিল তেনেতে ।
বৰ্ষা_______ ব"লা যাওঁ এতিয়া
প্ৰান্তিক________ অ ব"লা...
আহিলো তাৰ পৰা গোটেই কেইটা।
প্ৰান্তিক দাই সুধিলে,,
প্ৰান্তিক_______ আকৌ যাবা সেই খিনিলৈ ফটো মাৰিবলৈ?
বৰ্ষাই টপৰাই কৈছে " অ যাম আকৌ"
মই সময় টো চালো ২ টা বাজিল। ঘৰ পাওঁতে ৪ টা বাজিব।
"জীয়া ফটো নামাৰা নেকি?" প্ৰান্তিক দাই সুধিলে।
________ হা ,,,, অ ২ বাজিল চোন। ঘৰ পাওঁতে দেৰীয়েই হব।। আজি নামাৰো নেকি ,,,
ফটো মাৰি খুব ভাল পাওঁ যদিও এতিয়া মন যোৱা নাই তাতে প্ৰান্তিক দা হঁতৰ মুখৰ আগত,,,,,
প্ৰান্তিক________ ওম ঠিক আছে হব দিয়া। বৰ্ষা ঘৰ যাবলৈ দেৰি হব নহয় আৰু ফটো মাৰিবা জানো্?
বৰ্ষা_______ অ নালাগে হব মইও এনেই হে কৈ আছিলো।
ঘৰ যাবলৈ ল'লো। আগৰ নিচিনাকৈ গাড়ীত বহি ল'লো।
বৰ্ষাক তাইৰ গাড়ীৰ ষ্টেণ্ডৰ ওচৰত নমাই দিব প্ৰান্তিক দাই। তাইক ঘৰত থৈ আহিম বুলি কৈছিল যদিও তাই নালাগে কলে । হয়টো মাকৰ কাৰণেই।
বৰ্ষাৰ গাড়ীৰ ষ্টেণ্ডৰ ওচৰ পালোঁহি।তাই নামিব লৈছে। যাবৰ সময়ত মনটো একেবাৰে মৰা তাইৰ ।
বৰ্ষা_________ যাওঁ দেই প্ৰান্তিক দা আৰু স্বাগত দা।আৰু thank you আজি ফুৰাবিলৈ নিয়াৰ বাবে।
প্ৰান্তিক________ হেই পাগলী । কিহৰ thank you আকৌ।
তাই হাঁহিছে ।কিন্তু সেই হাঁহি টোৰ আঁৰত তাইৰ দুখ খিনি মই দেখিছোঁ।
বৰ্ষা_______ জীয়া যাওঁ। তই যাবি।চকু কেইটাই কান্দো কান্দো কৰি পেলাইছে তাইৰ। স্বাগত দা আৰু প্ৰান্তিক দা নথকা হ"লেতো কান্দি দিলে হেঁতেন।
________ ওম যাবি মই এইকেইদিনতে তহঁতৰ ঘৰলৈ যাম।
বৰ্ষা________ সোনকালে যাবি নহ'লে পাছত বহুত দেৰি হৈ যাব।
_______ ওম তই চিন্তা নকৰিবি। ঘৰ গৈ ফোন কৰিবি।
বৰ্ষা______ হম,,,, bye..
তাই গাড়ীত বহা লৈকে আমি ৰৈ আছো।
তাইৰ গাড়ীও যাব লৈছে আৰু আমিও আহিছো।
স্বাগত_______ কি হল জীয়া। বৰ্ষাৰ কথা বোৰ অলপ বেলেগ লাগিল যে কিয় । কিবা হৈছে নেকি?
কথা খিনি লুকুৱাই ৰাখিব মই নোৱাৰিলো। কৈ দিলো তেওঁলোকেই যদি কিবা এটা কৰিব পাৰে ভাল হব।
কথা বোৰ শুনি প্ৰান্তিক দাৰ বহুত খং উঠিছিল তাতকৈও বেছি স্বাগত দাৰ। কি কৰিব তেওঁলোকেও ভাবি পোৱা নাই।
আৰু অলপ পাছতে স্বাগত দা টাউনতে নামিব ।তেওঁক নমাই আমি যাবলৈ ল'লো। বতৰ টো বেয়া এটোপ দুটোপ কৈ বৰষুণ পৰিছে। সোনকালে ঘৰ পালে গৈ হল আৰু তাকে ভাবি আহিছো।
প্ৰান্তিক________ জীয়া তুমি আগলৈ আহা ।
মই পাছৰ চিট টোত অকলে বহি থকা দেখি সম্ভৱ তেওঁ আগলৈ মাতিলে।
_____ ওম গৈছো
বতৰ টো গোটেই আন্ধাৰ হৈ আহিছে। ভয় ভয় লাগিছে অলপ। বৰষুণ জাক ডাঙৰ কৈ হৈছে। মনে মনে বহি গৈ আছো। সময় টো চাইছো ৪ বাজিবই হৈছে। কিন্তু যেনেকৈ আন্ধাৰ হৈ গল ৰাতি হোৱা নিচিনা লাগিল। তেনেতে ফোন টো বাজি উঠিল। চালো মাৰ ফোন।
_______ অ মা মই গৈ আছো পাম গৈয়ে ।
মায়ে সুধাৰ আগতে মই কৈ দিলো।
_______ সোনকালে আহ। বৰষুণ দিছে দেখিছোঁ নে। দেউতাই বাৰে বাৰে মোক সুধি আছে তোৰ কথা।
________ গৈছোঁ গৈছো পাম গৈয়ে এতিয়া।
ফোন টো কাটি দিলে।
প্ৰান্তিক________ মাৰ ফোন?
_______ ওম
প্ৰান্তিক________ গালি দিছে নেকি?
_______ ওঁহো
একো নাই কোৱা আৰু,,,,,
ঘৰলৈ আৰু ১৫ মিনিট মান আছে।
প্ৰান্তিক________ কি হল ইমান মনে মনে আছা যে?
________এনেই
প্ৰান্তিক________ ভয় কৰিছা নেকি?
_______ নাই ভয় আকৌ কিয় কৰিম মই।
প্ৰান্তিক______ ওম গুড গাৰ্ল
অকণমান কৈ হাঁহি দিলো। তেওঁ হাঁহি দিলে। কিবা এটা ভাল লাগি গল।
প্ৰান্তিক_______ তুমি কিয় ইমান সৰু ছোৱালীৰ নিচিনা?
_______ কিনো কথা বোৰ সুধিচে।কত নো মই সৰু ছোৱালীৰ নিচিনা?
প্ৰান্তিক_______ ইমান লাজ তোমাৰ।
________ নহয় লাজ
প্ৰান্তিক_______ হয়।কথা এটা কওঁ?
________ কওঁক
কি কথা কব বা বুকু খনে ঢপ কৰি গ"ল
প্ৰান্তিক________ লাজ কৰিলে তোমাক ধুনীয়া লাগে
_______ ইইইইইই,,,,,, কিনো কথা কৈছে।
প্ৰান্তিক________ সেইয়া আকৌ লাজ কৰিছা ধুনীয়া লাগিছে।
হাঁহি দিলো।
ঘৰ পাইছো গৈ। তেওঁ অলপ আঁতৰত গাড়ী খন ৰখাই দিছে।
বৰষুণ জাক দিয়েই আছে। যাবলৈ কে চিন্তা হ"ল।
প্ৰান্তিক_______ ঘৰ কেনেকৈ যাবা বৰষুণ দি আছে নহয়।
_______ একো নাই পাৰিম। দৌৰি যাম এইকণ।
নামিব লৈছো।
প্ৰান্তিক_______ ৰ"ৱা ৰ'ৱা মই খুলি দিছোঁ দর্জা খন।
_________ নালাগে মই পাৰিম।
প্ৰান্তিক_____ ৰৱা।
বৰষুণত তিতি তিতিয়েই তেওঁ দৰ্জা খন খুলি দিবলৈ আহিছে। বেয়া লাগিল মোৰ তেওঁ লৈ।
প্ৰান্তিক_______ নামা,,
গাড়ীৰ পৰা নামিলো
_______ ওম যাওঁ আপুনি যাব।
প্ৰান্তিক_______ যোৱা।
যাবৰ সময়ত নাজানো কিয় মনটো বেয়া লাগি গৈছে। আহিব লৈছো।
প্ৰান্তিক________ জীউ শুনা।
হাত খনত থাপ মাৰি ধৰিলে। মই ৰৈ গ"লোঁ।
Oh শেষ,,,,কি হল আকৌ বুকু খনে খুব ঢপঢপাইছে।
______ হম,,,, কওঁক
হাত খনত ধৰি টানি আনিলে। বহুত ওচৰত তেওঁ আৰু মই। আজিলৈকে কেইটাই তেওঁক ইমান ওচৰত পোৱা নাই। বৰষুণত তিতি already জুৰুলা- জুপুৰি হ"লো।।
মই হাত খন এৰুৱাবলৈ চেষ্টা কৰিছো।কিন্তু পৰা নাই।
আগলৈ।,,,,,
🖋️পূৰ্ণিমা হালৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ