আমাৰ দৈনন্দিন জীৱনত বিজ্ঞান,প্ৰযুক্তি আৰু উদ্ভাৱনী নীতিৰ প্ৰভাৱ, অৱদান আৰু ইয়াৰ মুখ্য কাম

Rinku Rajowar
1
আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে । আচলতে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানে কেনে ব্যাপক প্ৰভাৱ পেলাইছে তাৰ বিষয়ে কোৱাটো কষ্ট সাধ্য হৈ পৰিছে। তথাপিও আমি কওঁ যে বিজ্ঞানে আমাৰ চিন্তা শক্তি বিলাক বৃদ্ধি কৰিছে হয় কিন্তু আমাৰ যি কৰ্ম স্পিহা সেয়া দিনক দিনে কমাই আনিছে বুলি মই ভাবো। শাৰীৰিক শ্ৰমৰ পৰিবর্তে বিলাসী জীৱন কটাই বিপদ মুখী কৰি পেলাইছে আমাক । প্ৰচুৰ আৰাম আৰু আমোদ-প্ৰমোদ খাদ্যই এলেহুৱা কৰি তুলিছে আৰু ইয়াৰ ফলত আমাৰ বেমাৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ  মৃত্যুৰ মুখলৈ ঠেলি দিছে।
    
        আমাৰ জীৱন শৈলী উন্নত কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী নীতিয়ে বহুতো অৱদান আগবঢ়াই আহিছে। যাৰ ফলত গৱেষণা আৰু উদ্ভাৱনাই ন-ন প্ৰচেষ্টাৰে নতুব নতুন বাট দেখুৱাই দি আহিছে। 
         আৰ্থ-সামাজিক উন্নয়ন প্ৰাপ্তিৰ বাবে যিসমূহ ক্ষেত্ৰত বিজ্ঞান , প্ৰযুক্তি আৰু উদ্ভাৱনী উপযোগ কৰিব পাৰি, সেই ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায়ক হোৱাৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নত সহযোগিতা আগবঢ়োৱা, সকলো শাখাৰ মানুহ আৰু শিশুৰ মাজত বিজ্ঞান ,প্ৰযুক্তি আৰু উদ্ভাৱনীৰ জনপ্ৰিয়তা উন্নীতকৰণ আৰু বৈজ্ঞানিক মানসিকতা তথা আচৰণৰ উন্নতি হোৱাটো বিচাৰো।ইয়াৰ উপৰিও নিৰলস জ্ঞান-চৰ্চাৰে জীৱনৰ ৰহস্য উদ্ভাৱন কৰাৰ লগতে প্ৰকৃতিক জয় কৰি মানৱৰ সেৱাত সফলতাৰে নিয়োগ কৰাৰ দৃঢ় সংকল্প লৈ  সৎ-সাহসেৰে আগুৱাই আহি আধুনিক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনীত নতুন প্ৰজন্মৰ  বিৰল প্ৰতিভা, উদ্ভাৱনী দক্ষতা আৰু অভাৱনীয় চিন্তা-ক্ষমতাসম্পন্ন   ন-ন ছাত্ৰ-ছাত্ৰী সকলকো সমান খোজত আগুৱাই লৈ যোৱাটো বিচাৰোঁ।

      বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী নীতিয়ে সমাজৰপৰা কুসংস্কাৰ-অন্ধবিশ্বাস নাইকিয়া কৰি মানুহে আধুনিক শিক্ষাৰে আয়ত্ত কৰা জ্ঞান আৰু প্ৰজ্ঞাৰ সহায়ত কাম কৰা উচিত। ইয়াৰ উপৰিও সমাজৰ বিপুল সম্পদৰাজিৰ ওপৰত গৱেষণা কৰি এইবোৰৰ সুব্যৱহাৰৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত বৰঙণি আগবঢ়োৱা।  অঞ্চলটোৰ দীৰ্ঘকালীন সমস্যাসমূহ সমাধানৰ জৰিয়তে উদ্যোগীকৰণত সহায় কৰা, অঞ্চলটোৰ গৱেষণা সংক্ৰান্তীয় সমস্যাসমূহ সমাধান কৰা আৰু অঞ্চলটোৰ ৰাজ্যিক অনুষ্ঠানসমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন গৱেষণাগাৰসমূহৰ লগত সম্পৰ্ক স্থাপন কৰি অঞ্চলটোৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাৰ বাবে কাম কৰা আদি লক্ষ্য আগত ৰাখি এই গৱেষণাগাৰে প্ৰচেষ্টা চলাই নিয়া।  লগতে সমাজ খনক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী শক্তিৰে আগুৱাই লৈ গৈ এখন আদৰ্শ সমাজ গঢ়ি তোলা। ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানৰ সকলো দিশ সাঙুৰি সেইবোৰৰ পৰা সৃষ্টিশীল বাট দেখুৱাই দিয়া।

✍🏻 শচীন কুৰ্মী

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment