শিৱৰাত্ৰি ( চুটিগল্প)

শিৱৰাত্ৰি বুলি হোষ্টেলটোত খদমদম্ লাগি আছ ৷ লিডাৰ লিডাৰ ভাৱ এটা দি প্ৰশান্তই জুনিয়ৰ খিনিক কাম ভগাই দি আছে ৷ ৰূপকৰ  ঘোটা বনোৱাৰ পাল পৰিছে ৷ ঘৰত চাহ একাপো বনাই নপোৱা ৰূপকে মাকক ফোন কৰি ঘোটা ৰেচিপি লৈ আছে ৷ দুদিনৰ মূৰত গা ধোৱা কেইটাই আজি বাথৰূমত শাৰী পাতিছে ৷ কোনোবা এটাই চিঞৰিছে পংকজক ৰূমটো চাফা কৰিব দে, বামুণৰ পোৱালিৰ ৰূমতে পূজা হ’ব ৷ পংকজে পঢ়া টেবুলৰ তলৰ বিয়েৰৰ বটল, চিখৰৰ খালী পেকেট কেইটা খিৰিকীৰে দলিয়াই গা মোচা পুৰণি গামোচাখনেৰেই মজিয়া মোচাত লাগিল ৷ ঘৰত মাকেও এনে সময়ত গোৱৰ পানীলৈ সিহঁতৰ ঘৰৰ মন্দিৰটো মচি থাকে ৷ মনতে ভাবিলে পঢ়া শেষ হ’লেই ঘৰত পকী মন্দিৰ এটা সাজি দিব লাগিব ৷ ৰূমমেট অকণ ওলাই গৈছে মণিপুৰী ভাং বিচাৰি ৷ প্ৰশান্তই বুজাই দিছে লাখটকীয়া ৰেল লাইনৰ কাষত বহা ছাতি টৰ্চ মেৰামতি কৰা ভোবোকাৰ বুঢ়া জনৰ পৰা কেনেকৈ পুৰিয়া আনিব লাগে ৷ বিভূতিয়ে বৰকৈ দৌৰাদৌৰি কৰি আছে ৷ মগুমাহ তিয়াই থোৱাৰ পৰা চাকি ধূপ আনি থোৱালৈ তাৰ দায়িত্ব ৷ পূজা বুলি আজি এচিলিম টানি দিয়াৰ আশাত কোনেও নজনাকৈ অকণৰ হাতত পুৰিয়া এটা বেলেগকৈ আনিবলৈ টকা ত্ৰিশটা দি পঠিয়াইছে ৷ ৰূপকৰ ইতিমধ্যে ঘোটাৰ ৰেচিপি বুজা হৈ গ’ল ৷ ইছলামে কি কৰো নকৰোঁকে ঘূৰি ফুৰা দেখি প্ৰশান্তই তাকো কামত লগাই দিছে ৷ চাৰমিনাৰ এপেকেট কিনি আনি ধপাত খিনি উলিয়াই থব লাগে । ভাং আহি পালেই তাত ভৰোৱা হব ৷ পূজাৰ নামত নিচা খোৱাৰ বাহানা দেখি ইছলামৰ মনে মনে হাঁহি উঠিল ৷ হোষ্টেলত এইকেইদিন ল’ৰা কম ৷ তথাপিও থকা কেইটাই ফুৰ্তি কৰিবই ৷ দুপৰীয়া সিদ্ধান্ত হ’ল দুটা গ্ৰুপত ল’ৰাখিনি ওলাই যাব ৷ এটা ভাগে ফুল বেলপাত বিচাৰি যাব, বাকীকেইজনে মূৰ্ত্তি বিচাৰি নেপালীবস্তিৰ ফালে যাব ৷ বিভূতিয়ে হোষ্টেল ৰখাৰ দায়িত্ব ল’লে ৷ এই সুযোগতে অকণে আনি দিয়া পুৰিয়াভাগ শিৱবাবা ৰ নাম লৈ শেষ কৰিব লাগিব ৷ সন্ধিয়া মূৰ্ত্তিলৈ এটা গ্ৰুপ আহি পালে ৷ প্ৰশান্তই টেটুফালি চিঞৰিছে জয় বাবা ভোলানাথ, শিৱবাবা কী জয় ৷ হোষ্টেলত সোমাব লৈ সকলো আচৰিত ৷ এইয়া কি! অসময়ত এনে হোৱাৰটো একো কাৰণ নাই ৷ বাবা ৰ মূৰ্ত্তি যথাস্থানত এৰি সকলোৱে নিজ নিজ ৰূমলৈ দৌৰ দিছে ৷ কি হৈছে কোনেও টলকিবই পৰা নাই ৷ এইসোপা কাপোৰ কোনে ধূলে, কোনে মেলি দিলে সকলোৰে মনত এটাই প্ৰশ্ন ৷ হোষ্টেলত অকল বিভূতিহে আছিল ৷ আটাইকেইটা তাৰ ৰূমলৈ দৌৰ দিলে ৷ নাই বিভূতি তাত নাই ৷ পাকঘৰৰ গাতে লাগি থকা বাথৰূমৰ দৰ্জাখন খুলি দেখিলে বাথৰুমৰ লেতেৰা মজিয়াত বিভূতি সুখনিদ্ৰাত ৷ ওচৰত চৰিয়া, বাল্টি, চাৰ্ফৰ খালী পেকেট ৷ পংকজে একো উৱাদিহ নাপাই তাক দাংকোলাকৈ উলিয়াই লৈ আনিলে ৷ বিভূতিয়ে বিৰবিৰাই কৈ আছে মোক কাপোৰ আনি দে, মই ধুই দিম, চব চাফা কৰি দিম ৷ সকলোৱে ইটোৱে সিটোৰ মূখলৈ চালে ৷ অকণে ক’লে বাপৰে, মণিপুৰী ভাংৰ পাৱাৰ আছে দেই ৷ বুঢ়াই অৰিজিনেল মাল দিছে...

🖋️ প্ৰণৱ চক্ৰৱৰ্তী,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send