অসমীয়া সাহিত্যৰ চানেকি আৰু মই-০২

Rinku Rajowar
0
"অসমীয়া সাহিত্যৰ চানেকি"ত ধাৰাবাহিক ভাবে এশটা প'ষ্ট প্রকাশ হোৱা বাবে মোক যিখন প্রমাণ পত্ৰ প্ৰদান কৰা হৈছিল সেইখন মোৰ বাবে এক সম্পদ | মাজে মাজে মই সেইখন চাই থাকো | বহু সযতনে ৰাখিছো সেইখন ।
      ৰিণ্টুৰ প্রতি গভীৰ ভালপোৱা জাগি উঠা মৰমৰ বাবে অন্তৰৰ নিভৃত কোণৰ পৰা স্বতঃস্ফুৰ্তভাবে ওলাই অহা শব্দৰে ল'ৰাটোক লৈ মই এটা কবিতা লিখি উলিয়াইছিলো | কি ল'ৰাহে তুমি শিৰোনামাৰে | সেই কবিতাটোক ইমান ধুনীয়াকৈ অলংকাৰ পিন্ধাই তাক অনন্য মাত্রা প্রদান কৰি মোক উপহাৰ দিছে সেয়াও মোৰবাবে এক অন্য প্রাপ্তি | তাৰোপৰি ৰিণ্টুৱে সেই কবিতাটো বৰ্তমানৰ অন্যতম ছ'চিয়েল মিডিয়া Face bookত আপলোড দি আৰু এখোজ বেছিকৈ আগুৱাই লৈ গৈছে | তেনে ধৰণৰ অলংকাৰ পিন্ধাই সজোৱাটো মোৰ বাবে দুৰূহ , সিমান জ্ঞান মোৰ নাই, সেয়া মোৰ বাবে অসাধ্য | 
      সময় আগুৱাই গৈ থাকিল লেখাবোৰো প্রকাশ পাই থাকিল | আলোচনীত নতুন নতুন শিতান সংযোগ হ'বলৈ ধৰিলে | এই অভাজনকো এটা শিতানৰ পৰিচালনাৰ দায়িত্ব প্রদান কৰা হ'ল | কিন্তু একো কাম নজনা মানুহ এজনক শিশু শিতানৰ দৰে এটা শিতানৰ দায়িত্বত ৰখা হ'ল | এয়াওটো মোৰ বাবে কম প্রাপ্তি নহয় | এনে মৰম বাৰু নেওচিব পাৰিনে ? কেতিয়াও নোৱাৰিম | এনেদৰে গভীৰৰ পৰা গভীৰতলৈ সোমাই গৈ থাকিলো | আলেচনীখনৰ বুকুৰ মাজলৈ | "অসমীয়া সাহিত্যৰ চানেকি" দৈনিক ই-আলোচনীখন এতিয়া মোৰ আলোচনী বুলি ক'বলৈ সাহস গোটাব পৰা হলো |   আগলৈ

   🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)