সেউজীয়া জীৱনৰ ৰং

ধৰিত্ৰীৰ বুকুত কেতিয়াবা লক্ষ্য কৰি চাবাচোন সৌন্দৰ্য্যৰ কথা,সেই প্ৰকৃতিৰ সৌন্দৰ্য্যই মানুহৰ মনত কিমান আনন্দ দিয়ে হয়টো সেই কথা সকলোৱে জ্ঞাত নহয় জানো,,ৰঙা-নীলা ফুলৰ সুবাসেই তাৰ লগতে সেই ৰঙা-নীলা ফুল-পাহিৰ মিচিকিয়াই হাঁহি থকা,ফুলৰ পাহিত পখিলা বাই আৰু  ভ্ৰমৰ কাইয়ে ৰস পান কৰাবোৰ  নথৈ আনন্দিত নকৰেনে বাৰু ?? মৌছুমী বতাহৰ ফাঁহে ফাঁহে ,,গছ-গছনি আদিৰ লগত হালি-জালি থকা ,যেন কেতিয়াবা ধৰিত্ৰীয়ে আনন্দত মতলীয়া হোৱা যেন অনুভৱ নকৰেনে বাৰু মোৰো যে সেই অনুভৱ কেতিয়াবা নকৰা নহয় ॥ প্ৰকৃতিৰ  সৌন্দৰ্য্যত যদি লক্ষ্য কৰো প্ৰধানকৈ পৃথিৱীৰ বিভিন্ন ধৰণৰ গছ-গছনিৰ উদাহৰণেৰে চহকী হৈ আছে অৱশ্যে তাৰ ভিতৰটো জীৱ-জন্তু ,চৰাই-চিৰিকটিৰ নিদৰ্শনো নোপোৱা নহয় ।বাৰু যি কি নহওঁক মুল কথালৈ  আহো, উদ্ভিদৰ  বিভিন্ন প্ৰকাৰত মানৱ জাতিক সহায় কৰি আহিছে,তাৰ ভিতৰতে যদি কওঁ উশাহত গছ-গছনিয়ে মানৱ তথা সমস্ত জীৱ মন্ডলক অক্সিজেন প্ৰধান কৰি আহিছে ,ৰন্ধন-প্ৰকৰণৰ বিভিন্ন কামত হয়টো তেনে উদাহৰণ বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন বোধ নকৰো।                                                                       কিন্তু আমি মানুহবোৰ  জীৱ-শ্ৰেষ্ঠ হোৱাৰ উপৰিও  তেনে কিছুমান জঘন্য কাম কৰা দেখা যায় ব্যক্তিগত স্বাৰ্থত গছ-গছনি কাটিব লৈছে যাৰ ফলত গছ-গছনিৰ  সংখ্যা ক্ৰমান্ধয়ে হ্ৰাস পাব ধৰিছে আৰু তাৰ লগতে পৃথিৱীৰ পৰা বন্য-প্ৰাণীৰ বিলুপ্ত হব ধৰিছে।  এটা বৃক্ষ এশ পুত্ৰৰ সমান"সেই বাক্যৰ বিষয়ে বহলাই কোৱাৰ নিতেই প্ৰয়োজন নাই ,উদ্ভিদে (গছ-গছনি) সকল মানুহৰ প্ৰয়োজনতেই  সহায় কৰা নাই দিছে মানৱ জাতিক বহুতো জীৱনৰ  ৰহস্য নীতি।প্ৰথমে,উদ্ভিদে বা গছ-গছনিয়ে কেনেকৈপুষ্টি চলায় ,হয়টো আপুনি জ্ঞাত "সালোক-সংশ্লেষণ"ৰ বিষয়ে ,হয়টো তাৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই তথাপিও  আপোনাক সোৱঁৰাই দিছো,ইতিমধ্যে আপুনি গম পালেই নহয় জানো উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য মজুত কৰে ,সেই খাদ্য প্ৰক্ৰিয়াত উদ্ভিদে পানী আহৰণ কৰে মাটিৰ পৃষ্ঠীয় অংশৰ পৰা শিপাৰ দ্বাৰা,আৰু সুৰ্য্যৰ পোহৰৰ পৰা গ্লুকন -D আৰু পত্ৰহৰিৎৰ দ্বাৰা কাৰ্বন গ্ৰহণ কৰে ।           যিহেতু উদ্ভিদে খাদ্য প্ৰস্তুত কৰে নিজাকৃত ভাৱে অৰ্থাৎ স্ব-নিৰ্ভৰশীল,,অৰ্থাৎ ইয়াৰ পৰা আপোনাক বক্তব্য কৰিব খুজিছো নিজকে উপযুক্ত কৰা অৰ্থাৎ স্বাৱলম্বী হোৱা।  দ্বিতীয়তে,যদি  আৰু ভেঁকুৰৰ  বিষয়ে কওঁ,আমি সকলোৱে একো একোটা ভেকুঁৰ হওঁ,পাৱত গজা বা গেলা-পচাত গজা ভেঁকুৰ হবলৈ কোৱা নাই বৰন্স তাৰ পৰিবৰ্তে উল্লেখ কৰিব খুজিছো যে একো একোটা লাইকেন বা মাইকৰাইজা হোৱা ,অৱশ্যে সেই দুটাও ভেকুঁৰৰে অন্তৰ্গত । লাইকেনৰ বিষয়ে জ্ঞাত নহয়নে বাৰু বোধ কৰো আপুনিও নিশ্চয় জ্ঞাত তথাপিও সেই চেৱতে আপোনাক মনত পেলাই দিছো-লাইকেন হৈছে এক প্ৰকাৰৰ ভেকুঁৰ প্ৰজাতি যিয়ে সালোক-সংশ্লেষণকাৰী উদ্ভিদ অৰ্থাত সেউজীয়া উদ্ভিদৰ লগত সহজীৱী হিচাপে বসবাস কৰে ,হয়তো তেনে বিষয়ত বিতংভাৱে দৃষ্টিপাত কৰিলে শেষ নহ'ব ।  ইয়াৰ পৰা এইটোৱে উল্লেখ কৰিব খুজিছো  যে,সকলোৱে সমান ! জাতি, ধৰ্ম ,ধনী-দুখীয়া,বগা-কলা সেইবোৰ প্ৰাৰ্থক্য কিয় বিচাৰিব লাগে ! আমি সকলোৱে একে নহয়নে বাৰু !সেউজীয়া উদ্ভিদ আৰু ভেকুঁৰৰ মাজতে যদি  এক্য আৰু ভাতৃত্ববোধ গঢ়িব তুলিব পাৰিছে আমি জীৱ-শ্ৰেষ্ঠ মানৱ জাতিয়ে সেই এক্যৰ এনাজৰীডাল  গঢ়িব নোৱাৰিমনে ?            সাধাৰণ অৰ্থত  যদি কওঁ ,সকোলোৱে বিনিময় কৰিব লাগে সিজনে ইজনৰ অভাৱবোৰ তেনেক্ষেত্ৰত জোনবিল মেলাৰ উদাহৰণকে লব পাৰো ।  উদাহৰণস্বৰূপে যদি লক্ষ্য কৰো  যে বৰ্তমানৰ প্ৰেক্ষাপথৰ সময়ছোৱাত অৰ্থাৎ লক-ডাউনৰ সময় ছোৱাত অভাৱ-অৱিয়বোৰ সিজনে-ইজনৰ মাজত লাইকেনৰ দৰে গঢ় দিব লাগে আৰু অৱশ্যে গঢ়িয়ো উঠিছে ।কোনো এখন বিপদৰ সাগৰত কক-বকাই থকা পৰিয়ালত অথচ সহায়ৰ হাত আগবঢ়াব নোৱাৰিলেও সান্তনাৰ জয় বাণীৰ জৰিয়তেও সহায়ৰ হাত আগবঢ়াব নোৱাৰোনে?কিন্তু বৰ্তমানৰ ইন্টাৰনেটৰ পৰিপক্ষত আজি সমাজৰ লগত মিলাপ্ৰীতিৰ এনাজৰীৰ শিকলি চিঙিব ধৰিছে । কংক্ৰিটৰ হাবিত বাস কৰাটো তেনে আলৈ-আথানিৰ ৰেলখন বাৰুকৈয়ে নিস্প্ৰাপ হৈছে ,সেই ক্ষেত্ৰত যদি লক্ষ্য কৰিলে  চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত "দৃশ্যান্তৰ"কবিতাখনলৈ মনত নপৰেনে বাৰু,,মোৰো নপৰা নহয় ।                                  তৃতীয়তে,আহিছো ফাগুন-চ'ত মাহত  পুৰনি বস্ত্ৰবোৰ ত্যাগ কৰি বসন্তৰ আগমনত পৃথিৱীৰ বুকুত বিৰিখে নতুন বস্ত্ৰ পিন্ধে,সেই দৃশ্যই মানুহৰ জীৱন কিমান সতেজ কৰে নহয়নে বাৰু ??ইয়াৰ পৰা ইয়াকেই  আঙুলিয়াব  খুজিছো যে অতীতত হোৱা সকলো কাৰ্যৰ বা দুখ-গুণ,হৰ্ষ বিষাদবোৰ ত্যাগ কৰি নতুনত্ব জীৱনক আকোঁৱালী লোৱা সেই বসন্তৰ ছেৱতে।   সঁচাকৈ বিষয় টো কিমান প্ৰাসংগিক,তেন্তে আহক সকলোৱে উদ্ভিদৰ প্ৰতি সচেতন হওঁ।

🖋️তপন পায়েং 
উদ্ভিদ বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send