এজাক বৰষুণৰ অপেক্ষাত-১৮

©Admin
0
ঘৰ গৈ পালো গৈ। চমু ৰাস্তা টোৱে যোৱা কাৰণে মই আগত পালো গৈ। মায়ে টিভি চাই আছে।মই মুখ হাত কেইটা ধুই মাৰ কোলাতে অকণমান পৰি দিছো। বহুত ভাগৰ লাগিছে। তাতে মূৰটো অলপ বিষাইছে ।  মায়ে   চুলি খিনি মোহাৰি মোহাৰি আজি দিনটোৰ কথা বোৰ সুধি আছে।বৰ্ষা লৈ মাৰো বহুত চিন্তা হৈছে। মই লাহে লাহে কথা বোৰ কৈ আছো। তেতিয়া সময় প্ৰায় ৪.৩০ মান বাজিল।  মূৰটো বিষাইছে বুলি কোৱা দেখি মায়ে ধুনীয়া কৈ চাহ একাপ বনাই আনি দিছেহি। অলপ আৰাম পাই মই ৰুমলৈ গলো। এনেই বিছনা খনত পৰি থাকোতে কেতিয়া নো টোপনি গলো গমকে নাপালো। আন্ধাৰ হল। মাক অলপ সোনকালে ভাত বনাবলৈ কৈ মই বৰ্ষা লৈ ফোন এটা লগালোঁ। দুবাৰ লগালোঁ কিন্তু তাই ফোন টো বাৰে বাৰে কাটি দিছে। চিন্তা হৈ গৈছে কি হল আকৌ পতককৈ। আগতে টো ফোন কাটি নিদিয়ে কিবা কাম কৰি আছে ভাবি মই আকৌ ফোন কৰি নাথাকিলো্। প্ৰান্তিক দা লৈ ফোন টো কৰিব লওঁতেই তেওঁ নিজেই কৰিলে। 
_________ ওম কওঁক
প্ৰান্তিক________ কি কৰিছা।
_______ এনেই শুই আছো। ভাগৰ যোৱাই নাই। ঘৰ কেতিয়া পালে গৈ?
প্ৰান্তিক_______ হল অলপ দেৰি। কাইলৈ পৰা আমাৰ exam নহয়। তাকে কিতাপ খন উলিয়াই লৈছো। পঢ়িবলৈ অলপো মন যোৱা নাই।
_______ কিয়,,,,, 
প্ৰান্তিক_______ দিনটো ভাগৰ তাতে এতিয়া কাৰোবালৈ মনত পৰি আছে। আজি কথাও পাতিবলৈ নাপালোঁ নহয়।
_______ ও,,,হব এতিয়া কাৰোবালৈ মনত পেলাই থাকিলে কাইলৈ পৰীক্ষাত কি লিখিব জানো মই।
হাঁহি দিলো।
প্ৰান্তিক_________ ওম তুমি টো তেনেকৈ কবা। সঁচাকৈ আজি বহুত ভাগৰ লাগিছে অ । কেতিয়া যে শুবলৈ পাম।
_______ ওম মই গম পাইছো।
প্ৰান্তিক_________ কি গম পাইছা? 
_______ ভাগৰ লাগিছে বুলি গম পাইছো অ। মাত টো সৰু সৰু কৈ ওলাইছে যে,,,,
প্ৰান্তিক________ ৱাঃ পোৱালি বহুত স্মাৰ্ট দেখোন।
________ হব দিয়ক আপোনাৰ মুখত যে আজি মোৰ বিষয়ে ভাল কিবা এটা শুনিব পাৰিছো। নহলে টো মোক সদাই লাজ হে দি থাকে।
প্ৰান্তিক________ লাজ কিয় দিম অ তোমাক।।তোমাক লাজ দিলে মই লাজ নাপাম নেকি?
_______ ওম,,,,
ভাল লাগি গৈছে।
_______ হব এতিয়া আপুনি অলপ পঢ়ক। ভাত খাই জল্ডি শুই যাব। মই বৰ্ষা লৈ ফোন এটা কৰো।
প্ৰান্তিক________ কিয় আকৌ কথা নাপাতা,,
_______ আপোনাৰ ভাগৰ লাগিছে বুলি কলে কাৰণে মই জোৰ নকৰিলো সেইকাৰণে। আপুনি যদি বিচাৰে পাতিম।
প্ৰান্তিক_______ ওম ঠিক আছে হব দিয়া।মই মেচেজ কৰিম পিছত। Bye love you
______ ওমম্,,,, 
মোৰ কবলৈ লাজ লাগিল।
প্ৰান্তিক______ ওম বুলি ক"লা  ন",,,,,
মই নোকোৱা দেখি তেওঁৰ অভিমান চোৱা। 
_________ কিনো মোৰ কবলৈ লাজ লাগে।
প্ৰান্তিক_______ তুমি লাজ লাজ কৈয়ে থাকা huh
_______ ইহহহ্্্্ হ'ব পাছত কম নহয়।
প্ৰান্তিক________ ওম বাৰু মই ৰৈ থাকিম।
_______ ঠিক আছে হব bye
প্ৰান্তিক_______ ok পোৱালি bye।

 ফোন টো কাটি মাৰ ওচৰলৈ গলো। সেইখিনি তে বহি বহি বৰ্ষা লৈ আকৌ ফোন লগালোঁ। এইবাৰ ৰিচিভ কৰিলে 
__________ কি হল অথনী যে ফোন কাটি কাটি দিছিলি?
বৰ্ষা_______ বহুত ডাঙৰ কথা হল নহয়। তহঁতি যোৱা পাছতে মা আৰু পুলিচ আহিল। মায়ে মই পলাই গলো বুলি কেছে দিলে। পুলিচে বিচাৰি নাপাই ইয়ালৈ আহিল। মোক ইয়াত দেখি সবৰে আগতে মায়ে বহুত লাজ পালে। মোক যে বেলেগৰ লগত সন্দেহ কৰে সেইটো কাৰণে পুলিচে খুব গালি দিলে।
_________ অ ভালেই হৈছে লাজ অলপ পাবই লাগে।নিজৰ জীয়েকক ইমান সন্দেহ।। এতিয়া ক" কি কৰিবি   তাতে থাকিবি নে নিজৰ ঘৰলৈ যাবি।
বৰ্ষা________ নাই মই ইয়াতে থাকিম । পুলিচক মই সব কথা কৈ দিলো।মোক সুধিছিল কত থাকিম,,?  মই ইয়াতে থাকিম ক'লো।লিখা লিখি কৰি নিচে। আৰু জান" নে মাক ইমান দিনৰ মূৰত দেখি আইতাই  ইমান কান্দিছে। কিন্তু মায়ে ভাল কৈ মাত এটাও নিদিলে। বেয়া লাগিছিল মোৰ মাক কেতিয়াও লগ নাপাম দেউতাক কেতিয়াও লগ নাপাম ।
__________ দেউতা ও গৈছিল নেকি লগত?
বৰ্ষা_______ নাই নাই অহা মই দেউতাক ফোন কৰি কথা খিনি কলো যে মই ইয়াতে থাকিম। দেউতাই ভাল হে পাইছে কাৰণ তাত মাৰ গালিৰ কাৰণে শান্তি নাছিল। কম চে কম মই ইয়াত শান্তি কৈ থাকিব পাৰিম। মাজে মাজে দেউতা আহি থাকিব।
_________ ওম ভালেই হল দে।
বৰ্ষা________ আৰু বহুত আছে কবলৈ তোক পাছত কম দে
______ ওম হব কি কৰিছ" এতিয়া?বৰ্ষা_______ বাহিৰতে বহি আছো।আৰু শুণ চোন thank you so much মোক ইমান খিনি কৰি দিয়া কাৰণে। স্বাগত দা আৰু প্ৰান্তিক দা লৈও ফোন এটা কৰিব লাগিব পাছত । ইমান কষ্ট কৰিলে মোৰ কাৰণে।
_________ পাগল হলি নে কি তই thank you কব নালাগে।

আগলৈ,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)