আলসুৱা হৃদয়

©Admin
0
তোমাতেই বিলীন সদায়
মোৰ এই আলসুৱা হৃদয় ,
কিয়‌ জানো???
 ই সদায় তোমাকেই বিচাৰে..
অনবৰতে,
বাৰে বাৰে...

তোমাৰ বাবেই সাঁচি ৰাখিছোঁ
অজস্ৰ মৰমৰ সাগৰ
তুমি সাঁতুৰিব পৰাকৈ ,
বিলাব বিচাৰোঁ মৰুভূমিৰ মাজতো
সুৱাস তেজী গোলাপৰ
তুমি আকলুৱা হোৱাকৈ....

তুমিয়েই মোৰ চিনাকি
তুমিয়েই মোৰ পৰিচয় ,
তুমিয়েই মোৰ সঁহাৰি
জানাই তুমি নিশ্চয় ।

ৰাখি ‌দুচকুতে অভিমান
সাজিছো‌ এক নতুন জীৱন ।
দিছো জীৱনৰ প্ৰতিটো খোজ
তোমাৰ খোজত খোজ মিলাই,
হৃদয়ৰ স্পন্দনত ,
প্ৰেমৰ ভাঁজত ,
তুমিয়েই আছা মাথোঁ সদায় লুকাই....

✍️স্বাতী জয়ছোৱাল
    নাহৰকটীয়া , ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)