যাত্ৰাৰ অন্তত (অণুগল্প)

©Admin
0
জীৱন এক গান নহয়-- জীৱন এক সপোন নহয়-- জীৱনক ভোকে যেতিয়া কালমূৰ্তি ধৰি চেপি ধৰে-- উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰে -- আপোনজনৰ পৰা বিচ্ছেদ হয়-- তেতিয়া কৰ্মহীন শ্ৰমিকে লকডাউনৰ মাজতেই হাজাৰ যোজন পথ পদ পথেৰেই খোজকাঢ়ি-- মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশলৈ‌ যোৱাৰ সিদ্ধান্ত লৈ -- সেউজ প্ৰকৃতিৰ সুন্দৰ দৃশ্য , ফুল-- চৰাইৰ গান শুনি শুনি-- নৈ, নিজৰা পৰ্বত পাহাৰৰ ৰূপ- সৌন্দৰ্য উপভোগ কৰি-- ভোক, পিয়াহ ভাগৰত অৱস হৈ পৰা শৰীৰটো ৰে'ল লাইনৰ মাজতে দীঘল দি জীৰাবলৈ দি জীৱনৰ সপোন দেখা ক্ষণতে-- আকস্মিক চলন্ত মালবাহী ৰেলখনে মহতীয়াই শৰীৰটো কাটি অস্তিত্বহীন কৰি সিপুৰীত থকা আপোন ঘৰখনলৈ যোৱাৰ পথটো মুকলি কৰি দিয়া কথাটো-- কি বুলি ভবা যায়-- জীৱনটোক কি বুলি কোৱা হয়-- জীৱন এক গান-- জীৱন এক কবিতা নে জীৱন এক মিঠা সপোন-- জানে আপুনি ভালকৈয়ে জানে-- ম‌ইও জানো-- ভোকাতুৰ শ্ৰমিকসকলক কোনে লৈ আহিছিল-- ৰেল লাইনৰ মাজলৈ-- নিশ্চয় মৃত্যুয়ে লৈ আহিছিল জীৱনৰ শেষ যাত্ৰা পথলৈ-- জীৱনক যি বুলিয়ে নাভাবো কিয়-- জীৱন এক যাত্ৰা-- জীৱনবোৰ দুৰ্গম পথৰ যাত্ৰী...।

🖋️গৌৰী শ‌ইকীয়া
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী,  গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু অসম চৰকাৰৰ সাহিত্য বঁটা প্ৰাপক লেখিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)