শিশুৰ মানসিক বিকাশত বহিঃঘটনাৰ প্ৰভাৱ

Rinku Rajowar
0
শিশুৰ পিতৃ-মাতৃয়ে শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশৰ সময়ছােৱাত কিছুমান কথা মন কৰিব লাগে আৰু কেতিয়াবা বহু কথাই মন নিদিয়াৰ ফলত পিছত শিশুৰ মানসিক বিকাশত মনত আঁচোৰ পৰা দেখা যায় ।
শিশুৰ বাবে কিছু কথা সংগ্ৰহ কৰি লিখিবলৈ লৈছাে । শিশু অৱস্থাত শিশুৰ মন বহুত কোমল হৈ থাকে । সেয়ে শিশুক যিয়েই নিশিকাওঁক বৰ মৰমেৰে আৰু আশ্বাস দি শিকাব লাগে । দাবী-ধমকি দিলে শিশুৱে ভয় খাই আৰু সেইজনৰ ওচৰত শিক্ষা কেতিয়াও ল'ব নোঁৱাৰে ।
শিশুকালত পোৱা কিছু ঘটনাৰ পৰা সংগ্ৰহ কৰিছাে ।  বৰকৈ দাবী দিয়াজনক দেখিলে শিশুৰ মনত শংকাৰ জন্ম হোৱাৰ বাদে আন একো নহয় । তেওঁৰ পৰা শিক্ষা আহৰণ কথা দূৰৰে কথা , শিশুৱে সকলো বাদ দি ভয়-ভয়কৈয়ে থাকিব তেওঁক দেখিলে ।

শিশু কাহিনী :: ১

এজন শিশুক দেউতাকে সৰুতে পঢ়াবলৈ লৈছিল । পঢ়াওঁতে শিশুজনে বুজা নাছিল । দেউতাকে উধাই-মুধাই তাক গালি দিলে -- 'তই আৰু জীৱনত পঢ়িব নোৱাৰ' ॥ সেই গালি খাই শিশুজনৰ মনত সাঁচ বহি গ'ল ।
তাৰ পিছত দেউতাকে তাক পঢ়াবলৈ ল'লেই শিশুজনে মিছা মাতে যে, "মােক মিচে হ'ম ৱৰ্ক দিছে" । দেউতাকে তেতিয়া পঢ়াবলৈ লোৱা বিষয়তো বাদ দিবলগীয়া হৈছিল । মুঠ কথাত সি কোনোকালে দেউতাকৰ পৰা শিশুকালত শিক্ষা ল'বলৈ মন নকৰিছিল ।
যেতিয়া সি চফল ডেকা হৈছিল - তেতিয়া সেই কথাষাৰ ঘৰৰ মানুহক কৈছিল । 
তেতিয়া দেউতাকে উপলব্ধি কৰিছিল যে , "শিশু মনক আঘাত দিলে শিশুৱে কেতিয়াও শিক্ষা আহৰণ কৰিব নোঁৱাৰে " ॥ পিতৃ-মাতৃয়ে শিশুক মনত দকৈ আঘাত পোৱা শাস্তি দিয়াতোও অনুচিত । শাস্তিও লঘুকৈ দিব লাগে ।

শিশুৰ কাহিনী -২ (সত্য)

এজন শিশুক মাকে অসমীয়া বিষয়ৰ বাবে শিক্ষক এজনক টিউচন ধৰি দিলে ।
পিছদিনাখন মাষ্টৰজন আহিল । অসমীয়া বিষয় পঢ়াবলৈ আৰম্ভ কৰিলে । অলপ সময় পঢ়াই থকাৰ মাষ্টৰজনৰ ডাঙৰ -ডাঙৰ মাত আৰম্ভ হ'ল । তোৰ মই জিভা কাটি দিম । ভালকৈ পঢ় । লোৰ শলা গৰম কৰি মুখত লগাই দিম বুলি ভয় খুৱাইছে । মাকে ৰান্ধনি ঘৰত চাহ কৰি আছিল আৰু দৌৰি আহি মাষ্টৰৰ কথাবােৰ শুনি বৰ দুখ পালে । ন বছৰীয়া ল'ৰাক এনেকৈ দম দিয়ে নেকি ? ইমান জঘন্য ভয় দেখুওৱা মাষ্টৰ কেতিয়াও  মাকে দেখা নাছিল । মাকে মাষ্টৰজনৰ কাষতে ৰৈ থাকিল আৰু ভয় কৰিলে আজি মোৰ ল'ৰাক এওঁ কি কৰে পাত্তা নাই । ভয় দেখুৱালেও ইমান কম বয়সৰ শিশুক ইমান ভয় লগা কথা ক'ব নেলাগে । সেই ছাত্ৰ বা ল'ৰাজনে তেনে পৰিৱেশত কেনেকৈ শিক্ষা ল'ব । এনে ধৰণে শিক্ষা লোৱা কেতিয়াও নহয়  । 
মাকে মাষ্টৰজনৰ কথা-কাণ্ডবােৰ দেখি বৰ বেয়া পালে ।
ভাবিলে তেওঁ শিক্ষক প্ৰকৃতাৰ্থত হয়নে ??
শিক্ষকৰ ব্যৱহাৰ এনে হ'ব লাগেনে??

তাৰ পিছত দেউতাকক কথাষাৰ জনালে । 
দেউতাক দূৰৈত থাকে । দেউতাকে ক'লে , " মােৰ ল'ৰা নপঢ়াকৈয়ে থাকক । এনে অসুৰহেন মাষ্টৰৰ ওচৰত আৰু টিউচন নিদিবা । কাইলৈৰ পৰা আহিব নালাগে বুলি ক'বা । মাকে তাৰ পিছত মাষ্টৰজনক আহিব নালাগে বুলি  জনাই দিলে ।

    সেই ঘটনাৰ পাচত কাষৰে "জিতুক" অসমীয়া পঢ়াবলৈ মাতিছিলো । জিতুৱে সুন্দৰ মাত কথা, ব্যৱহাৰ আৰু মৰমেৰে বুজাই ছাত্ৰজনক পঢ়ালে আৰু ছাত্ৰজনে তেওঁৰ ওচৰত পঢ়ি পাছত অসমীয়া বিষয়ত বহুত ভাল নম্বৰ পাইছিল আৰু অসমীয়াৰ সম্যক জ্ঞান বহুত আয়ত্ব কৰিছিল ।

#শিশুক#শিশু#অৱস্থাৰ পৰাই প্ৰাথমিক সামাজিক, মানসিক জ্ঞান বা পথ দেখুৱাব ::

শিশু অৱস্থাৰ পৰাই নিয়ম - নীতি, আচাৰ ব্যৱহাৰ, আদিবােৰ অলপ- অলপকৈ শিকাব লাগে -কিন্তু মনত দুখ দিব নালাগে । 
 "সেই  পেন্দুকণাত পোৱা অলপ শিক্ষাই মানসিকভাৱে ক্ৰমান্বয়ে বাঢ়ি আহি কৈশােৰ বা ডেকা বয়সত  মন পূৰঠ হোৱা সময়ত কথাবােৰ নিজে চালি- জাৰি চাব পৰা হয় ; 
সেয়ে শিশু অৱস্থাৰ পৰাই শুদ্ধ দিশতো দেখুওৱা উচিত" আৰু সেইটো সৰুতেই শিকে । এইটো ভাবিব নালাগে যে সৰু হৈ আছে এতিয়াই নিশিকাওঁ - এইটো ভুল; সি আয়ত্ব সেই সময়ত নকৰিলেও অন্তৰৰ  কোণৰ অলপ জ্ঞানকে ভৱিষ্যতত ব্যৱহাৰ কৰিবলৈ শিকে যে -- "আইতাই মোক এনেকৈ সৰুতে কৰিবলৈ কৈছিল" । এনে উদাহৰণ শিশুৰ ক্ষেত্ৰত পোৱা গৈছে । 

সাৰমৰ্ম :: শিশুক অযথা দম দিব নালাগে । মৰমেৰে বুজাব লাগে । শিশু অৱস্থাত দিয়া মানসিক দণ্ডই জীৱনত সাঁচ বহুৱাই দিয়ে আৰু  জীৱনভৰ ভয় শংকা আদিবােৰে মনত বেয়াকৈ ক্ৰিয়া কৰে আৰু সেইবােৰে শিশুৰ মানসিক অৱস্থা দুৰ্ব্বল কৰি পেলায় ॥

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)