-কোন? এই ৰাতিখন ? গাৰুৰ তলৰ পৰা মোবাইল টো খপ্ জপ্ কৈ ধৰি বৰুৱাই বিৰক্তিৰ সুৰেৰে ক'লে।
--ছাৰ, মই ইন্দ্ৰ। ইন্দ্ৰ সাংবাদিক। আপোনালৈ এটা শুভ সংবাদ। আপুনি সাহিত্যিক বঁটা এটাৰ বাবে নিৰ্বাচিত হৈছে। আপুনি মোক কাইলৈ ৰাতিপুৱা ১০বজাত লগ ধৰিব, সকলো ক'ম। এতিয়া শুভৰাত্ৰি।
বৰুৱাই কিবা কোৱাৰ আগতে ইন্দ্ৰই ফোন কাটি দিলে। তেওঁৰ মনতো উগুল থুগুল লাগিল। সাহিত্যিক বঁটা! আনন্দতে তেওঁ ইন্দ্ৰলৈ মনতে কৃতজ্ঞতা এটা জনালে যদিও ইন্দ্ৰক বহু চেষ্টা কৰিও চিনিব নোৱাৰিলে। যাহওক কাইলৈ লগ পালে চিনি পাব। চাকৰিৰ পৰা অৱসৰ লৈ বৰুৱাই ফেচবুকৰ সাহিত্য চৰ্চা গোট বিলাকত গল্প, কবিতা আদি লিখি আছে। গোট বিলাকৰ পৰা সন্মানো পাইছে। লিখনি বিলাকতো ভাল ভাল মন্তব্য, প্ৰশংসা পাই আহিছে। মনৰ আনন্দতে তেওঁ ৰাতিটো ভালকৈ শুৱই নোৱাৰিলে।
পিচদিনাখন ঠিক ১০ বজাতে ওলাই ইন্দ্ৰলৈ ফোন কৰি নিৰ্দিষ্ট স্থানত ইন্দ্ৰক লগ ধৰিলে। হাঁহি মাৰি ইন্দ্ৰই সুধিলে -ছাৰ মোক চিনি পাইছেনে?
হয়, হয়, ধৰিব পাৰিছো,তুমি ফেচবুকৰ কবি ইন্দ্ৰনীল পিচে সাংবাদিকতা কৰা বুলি গম পোৱা নাছিলো।
ইন্দ্ৰই পাতনি মেলিলে ---ছাৰ, আমাৰ এটা সাংবাদিক সন্থা আছে। আমি প্ৰত্যেক বছৰে সাহিত্যিক বঁটা প্ৰদান কৰো।এইবাৰ আপোনাৰ নামতো এই বঁটাৰ বাবে নিৰ্বাচন কৰিছো। এই বঁটাটোত মানপত্ৰ, কিতাপৰ টোপোলা, জাপি, শৰাইৰ উপৰিও নগদ ধনো থাকিব। সংবাদ মাধ্যমটো আমি প্ৰচাৰ কৰিম, আপোনাক সকলোৱে চিনি পাব।
বৰুৱাই ইন্দ্ৰক ভূৰি ভূৰি প্ৰশংসা কৰিলে।
ইন্দ্ৰই লাহেকৈ ক'লে --ছাৰ, আমাৰ এই সন্থা টো যিহেতু নতুন সেয়ে বিজ্ঞাপনৰ বাবে আপুনি আমাক ১০ হেজাৰ টকা দিব লাগিব। অৱশ্যে আপোনাক দিব লগীয়া বস্তু বোৰৰ দাম ১০ হেজাৰতকৈ বেচি হ'ব আৰু নগদ ধনতো কিছু পাবই।
বৰুৱাই শিল পৰা কপৌৰ দৰে অলপ সময় থৰ লাগিল। ফেচবুকৰ বন্ধু, বেয়াকৈ ক'বও নোৱাৰে ইপিনে সাংবাদিকো।
--চাই লও ৰ'বা, বৰ্তমান মোৰ হাতত একেবাৰে টকা নাই,পেঞ্চনৰ টকা কেইটাও পোৱাই নাই নহয়।
দীঘল দীঘল খোজ লৈ বৰুৱা ঘামি জামি ঘৰ সোমাল।
🖋️পাৰু মহন্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ