হঠাৎ ডেনী আৰু চিংকীয়ে জোৰেৰে ভূকিবলৈ ধৰিলে।
বৰ পুত্ৰ আৰু সৰু পুত্ৰৰ মাত শুনিলো ঘৰৰ চৌহদৰ বাহিৰত।ভঁয়ত অলপ কঁপিছিল বুকুখন। ভয়ত খিৰিকীৰে সুধিলো "বাবা কি হ'ল।""
''সিহঁতৰ লগত বৰ পুত্ৰৰ বন্ধুও আছে। তেওঁ লোকৰ চিনেমাৰ পাৰ্টনাৰ।
মই তললৈ নামি অহিলো।ল'ৰাই কলে"
"মা অলপ আগতে বগা শাৰী পিন্ধি এগৰাকী মহিলা থিয় হৈ আছিল ।এক মিনিটৰ ভিতৰতে নাইকিয়া হৈ গ'ল।"
কি ?
মই সুধিলো আচৰিত হৈ,
বুকু খন কঁপিবলৈ ধৰিলে। সৰু ল'ৰা বৰ সাহসী।
সি মোক ধূপ এডাল লগাই বিছনাৰ ওচৰলৈ লৈ গ'ল। ধূপৰ গোন্ধত ভূত পলায়।
ভয় ভয় কৰি মই শুলো।
ভূতৰ কথা বিশ্বাস নকৰো যদিও মনলৈ আহিল ।
কিজানিবা আছেই। কাষতে শ্মশান আছিল।এখন নদী বৈ কাষতেয়তেতিয়ালৈকে তেওঁ একো গমেই
নেপায়।
ৰাতিপুৱা ওচৰৰ আইতা জনীক সুধিলো
"অ আইতা আপুনি কালি ৰাতি তিনি আলিত ৰৈ আছিল নেকি''
আইতাই কলে-
ওম কালি ল'ৰাতো ঘৰলৈ অহা দেৰি হোৱা দেখি চাবলৈ ৰৈ আছিলো।''
মোৰ বুকুৰ পৰা ভয়তো তেতিয়া হে আঁতৰি গ'ল।!
🖋️ৰিজু মণি দেৱী ,নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ