২৬ শাওণ,মঙ্গলবাৰ,ইং ১১ আগষ্ট ২০২০। সূৰ্য্যোদয় ঘ:৫/০/৩সূৰ্য্যাস্ত ঘ:৫/৫৬/১৯
ৰাশি - মেষ ৰাশি।
তিথি - কৃষ্ণা সপ্তমী। প্ৰা:ঘ:- ৬/১৯/৩০ লৈ।
নক্ষত্ৰ - ভৰনী ,ৰা:ঘ: ১/২৪/১ লৈ ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা - বাযু কোনত নাই।প্ৰা::ঘ: ৬/১৯/৩০ যোৱাত ঈশান কোনত নাই ।
যোগিনী :- বাযু কোনত ।প্ৰা::ঘ: ৬/১৯/৩০ যোৱাত ঈশান কোনত ।
মৰণত দোষ - এপদ।ৰা:ঘ:১/২৪/১ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য - তাল, নাৰিকল খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা আজিৰ দিনটোত বন্ধু লাভ হব, যদিও ব্যয় বাঢ়িব পাৰে লগতে সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও শত্ৰু বাঢ়িব পাৰে লগতে সজাগ নহলে গৃহ অশান্তি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, মাতৃৰ কষ্ট পাৱ পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব,যদিও দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তন হব পাৰে, যদিও সজাগ নহলে মনত সামান্য হতাশা বাৱ বৃদ্ধি হোৱাৰ কৰ্মত বিৰোধ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰসংশা লাভ হব, ধন লাভ হব, লগতে ব্যৱসায়ত শুভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, ৰোগাৰোগ্য হব যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সম্পদ লাভ হব, লগতে কৰ্মত সফল হব যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,সুখ বৃদ্ধি হব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, আনৰ সহায় লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শত্ৰু জয় হব, মনৰ আশা পুনৰ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, কৰ্ম ব্যস্ততা বাঢ়িব, লগতে প্ৰেমত শুভ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ