নচিকেতা ককাইদেউ- চানেকিৰ শিশুচ'ৰা

Rinku Rajowar
0
মৰমৰ ভাইটি-ভণ্টিহঁত, আজি তোমালোকৰ মাজলৈ মই নচিকেতা ককাইদেউৱে আজৱ আৰু দু:সাহসিক ব্যক্তি এজনৰ জীৱন বৃত্তান্তৰ বিষয়ে ক'বলৈ জোলোঙাটি কঢ়িয়াই আনিছো। আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাবা, লগতে আনকো ক'বলৈ হাবিয়াস এটি তোমালোকৰ জন্মিব। 
     ব্যক্তি জন অ-ভাৰতীয়। সুদূৰ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইংলেণ্ডত জন্ম লাভ কৰা ব্যক্তি সেই জন হৈছে আমাৰ পৰিচিত,বা হয়তু তোমালোকে আজিলৈকে শুনা নাছিলা তেওঁৰ বিষয়ে, তেওঁ হৈছে প্ৰসিদ্ধ প্ৰকৃতিবিদ,লেখক আৰু চিকাৰী জিম কৰবেট, সম্পূৰ্ণ নাম এডৱাৰ্ড জেমছ কৰবেট। তেওঁ সবাতোকৈ জনপ্ৰিয় এই চিকাৰী পৰিচয়েৰে। 
     পৰাধীন ভাৰতৰ কালছোৱাত তেওঁ বৃটিছ শাসনৰ অধীনত এজন বৃটিছ আৰ্মিৰ বিষয়া আছিল। তেওঁ ভাৰতত থকা অৱস্থাত ঘাইকৈ ভাৰতৰ অংগ ৰাজ্য উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত সৰহ সময় অতিবাহিত কৰিছিল। সেই কালছোৱাত উত্তৰাখণ্ড ৰাজ্যৰ গাড়োৱাল অঞ্চলৰ কুমাঅ'ন গাঁৱত নাহৰফুটুকী বাঘ আৰু আন বাঘে ওচৰৰ অৰণ্যৰ পৰা আহি নানা ধৰণৰ ঘৰচীয়া জীৱ-জন্তুসমূহক চিকাৰ কৰি খোৱাৰ লগতে বৃদ্ধ,আদসীয়া, মহিলা, শিশুকে আদি কৰি অনেক মানুহৰ প্ৰাণে মাৰি ভক্ষণ কৰিছিল। তেতিয়া আমাৰ কাহিনীৰ নায়ক জিম কৰবেট ছাৰে সেই হিংসুক বাঘ সমূহক কেতিয়াবা জাল পাতি আৰু কেতিয়াবা নিজেই ওৰেটো ৰাতি সাৰে থাকি বাঘ চিকাৰ কৰিছিল, আৰু এনেদৰে কেতিয়াবা এটা বাঘৰ কাৰণে খুপনি পুতি থাকি একসপ্তাহজোৰা নিদ্ৰাহীন কৈ পাৰ কৰে। গাঁৱৰ সহজ-সৰল মনৰ মানুহবোৰে যাতে বাঘৰ উপদ্ৰৱৰ পৰা হাত-সাৰি থাকিব পাৰে তাৰ কাৰণে তেওঁ জীৱনৰ সিংহভাগ সময়েই এই সেৱাত উচৰ্গা কৰিছিল। মৰমৰ ভাইটি-ভণ্টিহঁত, মই তোমালোকক উল্লেখ কৰা ধৰণে তেওঁ এজন ক্ষীপ্ৰ লেখক আছিল, তেওঁ এই চিকাৰী জীৱনৰ যাত্ৰাত বাস্তৱ আৰু দু:সাহসিক অভিযানৰ আলম লৈ অনেক গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল; সেই সমূহৰ ভিতৰত-"Man-Eaters of Kumaon", "The Man-Eating Leopard of Rudraprayag", "The Temple Tiger", "More Man-Eaters of Kumaon" ইত্যাদি সমূহ গ্ৰন্থ তেওঁৰ চিকাৰী জীৱনৰ এক মাইলৰ খুটি সৃষ্টি কৰা জীৱনকীৰ্তি। লগতে তেওঁ এই অৰণ্য সমূহৰ বুকুত উত্তৰা-দক্ষিণা,পূবা-পশ্চিমাকৈ ঘূৰি ফুৰোঁতে প্ৰায়োগিক দিশেৰে এজন সফল প্ৰকৃতিবিদ ৰূপেও আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। 
   তেওঁ উল্লেখ কৰা অনুসৰি বাঘে গাড়োৱাল গাঁৱত বৃদ্ধ, ডেকা,আদসীয়া, মহিলা আৰু শিশুকে আদি কৰি ১,২০০ মানুহক ভক্ষণ কৰিছিল। আৰু সেই বাঘক তেওঁ চতুৰ বিদ্যাৰ প্ৰয়োগেৰে নিধন কৰিবলৈ সক্ষম হৈছিল। এনেকৈয়ে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ মানুহৰ মাংসৰ প্ৰতি দূৰ্বাৰ মোহ উপজা বাঘ সমূহক তেওঁ চলে-বলে-কৌশলেৰে নিধন কৰি এক দু:সাহসিক নিচান উৰুৱাই গাঁৱৰ সহজ-সৰল মানুহৰ অন্তৰৰ মাজত ঠাই পাবলৈ সক্ষম হৈছিল।
     মৰমৰ ভাইটি-ভণ্টিহঁত, তোমালোকক মই তেওঁৰ "The Man-Eaters of Kumaon" গ্ৰন্থ খনত বাঘ নিধন কৰাৰ সম্পৰ্কে উল্লেখ কৰা এষাৰ কথা ইয়াত টানি আনি চকু ফুৰাবলৈ সুবিধা দিছোঁ। তেওঁ কৈছে-"The wound that has caused a particular tiger to take to man-eating might be the result of a carelessly fired shot and failure to follow up and recover the wounded animal, or be the result of the tiger having lost his temper while killing a porcupine."
      তেওঁৰ স্মৃতিৰ বাবে পৃথিৱীৰ চিৰ সাক্ষী হৈ ৰ'বলৈ সেই উত্তৰাখণ্ড ৰাজ্যৰ গাড়োৱাল গাঁৱৰ নিকটৱৰ্তী অঞ্চলত ১৯৩৬ চনতেই "জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান" শীৰ্ষক নামাকৰণ কৰিলে। আৰু এই "জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানেই" হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান।
      মৰমৰ ভাইটি-ভণ্টিহঁত, এনেদৰেই এজন বৃটিছ বিষয়াই আমাৰ পৰাধীন ভাৰতৰ ভিতৰুৱা গাঁৱৰ অঞ্চল সমূহত গঞা ৰাইজৰ দিনৰ ভাগৰৰ ৰাতিটো কাতি কৰিবলৈ নিজ জীৱনৰ এক সময় উচৰ্গা কৰি থৈ গৈছিল। আমি ইয়াৰ পৰা সহজেই বুজি পালোঁ যে-"শান্তিক পালন কৰিবলৈ হ'লে সময় আৰু পৰিস্থিতিৰ দাস হৈ কেতিয়াবা হিংসাক দমন কৰিলে সেয়া পাপ হ'ব নোৱাৰে।" আমাৰ জিম কৰবেট ছাৰেও তাকেই কৰিছিল; নিৰীহ বাঘ সমূহক নিধন কৰি গাঁৱৰ ৰাইজক শান্তি দিছিল।
     মৰমৰ ভাইটি-ভণ্টিহঁত, আজিলৈ তোমালোকক এই নচিকেতা ককাইদেউৱে কঢ়িয়াই অনা জোলোঙাটিত জিম কৰবেট ছাৰৰ কাহিনীটো হঠাতে পাই তোমালোকলৈ বুলি জোকাৰি দিলোঁ। আগলৈও তোমালোকৰ জিজ্ঞাসু মনক শাম কটাৰ উদ্দেশ্য লৈ অহাৰ প্ৰতিজ্ঞাৰে আজিলৈ সামৰো।

🖋️হোমেন গগৈ (নচিকেতা)
       ধুনীয়াপথাৰ,চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)