এজাক বৰষুণৰ অপেক্ষাত-০৯

Rinku Rajowar
0
প্ৰান্তিক_________ উফ্ এতিয়া হে বিষটো ভাল হৈছে অলপ।
কথা টো শুনিও চোৱা নাই মই। 
________ বৰ্ষা আৰু স্বাগত দা কত থাকিব
প্ৰান্তিক________ স্বাগত কলেজৰ ওচৰতে থাকিব,, বৰ্ষাক তাইৰ গাড়ীৰ ষ্টেণ্ডৰ পৰা আনিব লাগিব।
________হম,,,,,
সোনকালে বৰ্ষাক লগ পালে হয় দেই,অকলে অকলে বৰ কিবা লাগিছে।
________ কত যাব কওঁক চোন।
প্ৰান্তিক_______ পোৱালি মানুহৰ ইমান question কিহৰ? মনে মনে বহি থাকা।গম পাবা নহয় পাছত
________ হুহ,,,
নকওঁ আৰু একো কথা ।মনে মনে বহি আছো। প্ৰায় ১৫ মিনিট মানৰ পাছত বৰ্ষাক আনিবলৈ সেইখিনি ঠাই পালোগৈ। দেখিছোঁ তাই ৰৈ আছে। প্ৰান্তিক দাই গাড়ী খন ৰখাই দৰ্জাখন খুলি দিছে।
________ আহিলি
বৰ্ষা_______ ওম আহিলো। প্ৰান্তিক দা কি খৱৰ?
প্ৰান্তিক_______ ভালেই অ আজি হে বুকু খন অলপ বিষাইছে। এতিয়া অলপ ভাল পাইছো যেনিবা।
বৰ্ষা_______ অ বুকু বিষাবলৈ কি হ'ল আকৌ পতককৈ।
প্ৰান্তিক_______ জানো কি হৈছিল এতিয়া ঠিক হৈছে অলপ।
মই বৰ্ষাক চিকুত মাৰি দিলো।
________ এনে কৈছে তোক, এক্তিং কৰিছে। 
বৰ্ষাই হাঁহি দিলে। গৈ আছো কলেজৰ ওচৰ পাম গৈ এতিয়া।
_______ তোক ধুনীয়া লাগিছে আজি
বৰ্ষা_______ হব মিছাকৈ নকবি।
_______ সঁচাকৈ কৈছোঁ। বাঃ তই আজি লাজ কৰিছ" নে ? দুই জনীয়ে কথা পাতি পাতি গৈ আছো। আমাৰ কথা শুনি তেওঁ মাত লগালে।
প্ৰান্তিক_______ অকলে অকলে তোমালোক ২জনীয়ে কি কথা পাতি আছা।মোকো কোৱা আকৌ।
________ নকবি বৰ্ষা,, পোৱালি মানুহৰ কথা বেলেগে শুনিব নালাগে।
প্ৰান্তিক________ আও পোৱালিৰ কথা শুনা।
বৰ্ষা_______ হব কাজিয়া কৰিব নালাগে এতিয়া।
কলেজৰ ওচৰ পালো গৈ।স্বাগত দা নাই অহা তেতিয়া লৈকে।
________ স্বাগত দা অহাই নাই।
প্ৰান্তিক________ অ মই ফোন এটাকে কৰি ইমান দেৰি কি কৰিছে সি ?
ফোন টো কৰিব লওঁতেই স্বাগত দা আহি পাইছেহি।
প্ৰান্তিক_______ ইমান দেৰি কৰিছ" আমি ইয়াত ৰৈ থকা বহুত দেৰি হল টোৰ কাৰণে ৰৈ ৰৈ আমনি লাগি গৈছে।
________ একো দেৰি হোৱা নাই স্বাগত দা আমি just আহি পাইছোহে। 
মই তপককৈ কৈ দিলো।
স্বাগত________ উম্ মই জানো নহয় তোমালোক অহা বেছি দেৰি হোৱা নাই। ই মোক এনেই কৈছে।
প্ৰান্তিক________ হব তই এতিয়া মোৰ কথাটো বিশ্বাস নকৰ" ।।হব দে 
কথাটো কৈ একেবাৰে মন টো মাৰি দেখুৱাইছে।মই জানো তেওঁ এনেই এইবোৰ কৰি দেখুৱাইছে। হাঁহি আছো মনে মনে।
বৰ্ষা________ উফ। কথা কৈ হল যদি আমি এতিয়া যাব পাৰো নে ?
প্ৰান্তিক________ ওম গৈছো
তেওঁ গাড়ী start কৰিলে।কত যাম নাজানো মুঠতে গৈ থাকিব লাগে গৈ আছো।আকৌ নোসুধো আৰু।
স্বাগত_______ বাকী কোৱা চোন তোমালোকৰ কি খৱৰ।
_______ আছো আৰু স্বাগত দা তোমাৰ কোৱা?
স্বাগত______ ভালেই মোৰ। বৰ্ষা তুমি একো নকলা যে।
স্বাগত দাই সদাই বৰ্ষাক কথাবোৰ অলপ বেলেগ কৈ সুধে। তেওঁৰ সেই কথা বোৰত বৰ্ষাৰ প্ৰতি অলপ আকুলতা ফুটি উঠে। মই ধৰিব পাৰিছো্। 
বৰ্ষা_______ মোৰ নো আৰু আছো যেনে তেনে।
কথা কেইটা কওঁতে তাইৰ মনটো মাৰি পেলাইছে। প্ৰান্তিক দাই মনে মনে গাড়ী চলাই গৈ আছে। একো কোৱা নাই। তেওঁকে শুনাই স্বাগত দাক মাতিছো।
_________ স্বাগত দা তোমালোকৰ exam  কেতিয়াৰ পৰা? 
স্বাগত________ অ পৰীক্ষা হ'বই এই কেইদিনতে।
________ ওম ভাল কৈ দিবা।
কথা কেইটা জোখত কৈ অলপ ডাঙৰ কৈয়ে কৈছো।
প্ৰান্তিক দাই কথা বোৰ শুনি মনে মনে হাঁহি আছে। গম পাইছে কিজানি  মই যে তেওঁক শুনাই কথা বোৰ কৈছোঁ। মাজে মাজে আইনা খনত মোৰলৈ চাই হাঁহে।মই মুখ খন বেকা কৰি দিও। বৰ্ষাৰ লগত কিবা কিবি কথা পাতি গৈ আছো। পটক কৈ গাড়ী খন ৰখাই দিলে। গাড়ীৰ টাৱাৰে ফুটিল নে আহিয়েই পালোহি একো ধৰিবই পৰা নাই। ওচৰত তেনেকুৱা একো দেখা নাই। কেৱল গছ গছনি আছে।
________ কি হল আহি পালোহি নেকি।
প্ৰান্তিক দা গাড়ীৰ পৰা নামিছে।
প্ৰান্তিক_______ তুমি বহি থাকা আমি যাওঁ। বৰ্ষা নামা।
_______ হূহ। স্বাগত দা এইখিনিত চোন    যাব লগীয়া ঠাই নাইয়েই। গোটেই হাবি দেখোন।
স্বাগত________ অাহা আহিলে দেখিবা।
_______ হম্। বৰ্ষা মই গাড়ীৰ পৰা নামিলো।
প্ৰান্তিক দা আৰু স্বাগত দা আগে আগে আমি ২জনি তেওঁলোকৰ পাছে পাছে গৈ আছো। গছ বোৰৰ মাজে মাজে শাৰী শাৰী কৈ চকী পাৰি থোৱা আছে। ভিতৰলৈ সোমাই গৈ আছো। পৰিবেশ টো বহুত ধুনীয়া লাগিছে। আৰু অলপ দূৰ গৈয়েই বিল এখন দেখিছোঁ । বিল খনৰ পাৰত ফুলি থকা এজাৰ গছ বোৰে সানি ধৰিছে।
বৰ্ষা________ wow... প্ৰান্তিক দা ইমান ধুনীয়া জেগা। আগতে কেতিয়াও দেখা নাই। বাহিৰৰ পৰা গছ বোৰ দেখিলে ধৰিবই নোৱাৰি ভিতৰত যে ইমান ধুনীয়া পৰিবেশ আছে। 
বৰ্ষা গোটেই যিনি কব নোৱাৰা হৈ গৈছে।
_________ ইমান ধুনীয়া। তাইৰ লগতে মইও কৈ পেলালো।
প্ৰান্তিক________ ওম আমি ইয়ালৈ প্ৰায়ে আহি থাকো। বহুত ধুনীয়া ঠাই ।ফটো তুলিবলৈ বহুত ধুনীয়া।
প্ৰান্তিক দাই ফটোৰ কথা কবলৈ হে পালে বৰ্ষাৰ গাত তত্ নাইকিয়া হল।
বৰ্ষা________ জীয়া বল না মোক ফটো মাৰি দিবি।
________ ৰ" আহি পাইছো হে। অলপ পিছত মাৰিম ফটো।
বৰ্ষাৰ কথা শুনি প্ৰান্তিক দা আৰু স্বাগত দাই হাঁহি আছে।
বৰ্ষা______ ব"ল না এতিয়া please
তাই আকৌ কৈছে
_______ যাম ৰ'' অলপ বহি লওঁ । বহুত ভাগৰ লাগিছে।
বৰ্ষা_______ হ'ব তই বহি থাক মই অকলেই যাম।
কথা টো কলে আৰু গ"ল । অলপো ৰৱলৈ ধৰ্য্য নাই তাইৰ।
_______ হেৰাই নাযাবি আকৌ । তাইক জোকাই চালো্
বৰ্ষা_______ হব মই সৰু ছোৱালী নহয়। 
গুচি গল তাই।
তাইক আজি ইমান ফুৰ্তিত দেখি খুব ভাল লাগিছে। আৰু চাগে তাই এনেকৈ কেতিয়াও ফুৰিবলৈ নাপাব যদি মাকে তাইক বিয়া দি দিয়ে।
গছ এজোপা তলতে বহিলো। ওচৰতে প্ৰান্তিক দাও আছে । স্বাগত দাৰ ফোন এটা আহিল অলপ আঁতৰত গৈ কথা পাতি আছে। অকলে অকলে প্ৰান্তিক দাৰ লগত থাকিবলৈ লাজো লাগিছে। বৰ্ষাৰ লগত গুচি যোৱা হলেই ভাল আছিল। তেনেতে প্ৰান্তিক দাই কলে
প্ৰান্তিক________ কি হল মনটো মাৰি আছা যে?
________ নাই এনেই।
প্ৰান্তিক_________ গাড়ীত দেখোন বহুত পেকপেক্ কৰি আহিছিলা এতিয়া কিয় মনে মনে আছা।
আকৌ মুখ খন বেকা কৰি দিলো।
প্ৰান্তিক________মুখ খন কিয় ইমান বেকা কৰি থাকা তুমি। গাল খনতে চিকুতি দিলে।
________ আহঃ দুখ পাইছো এৰি দিয়ক।
প্ৰান্তিক________ কান্দি নিদিবা আকৌ এতিয়া।
_________ হব bye মই বৰ্ষাৰ ওচৰলৈ যাওঁ । নাথাকো আপোনাৰ লগত।
প্ৰান্তিক________ পোৱালি তোমাক কন্দুৱাই ভাল লাগে অ মোৰ।কান্দিলে যে তোমাৰ নাকটো ফুলি যায়।
হে প্ৰভু ! বহুত লাজ পাইছো।মোৰ নাক টো ফুলি যায় নেকি সঁচাকৈ।
________ কিনো আপুনি।ইমান চাই থাকিব লাগে নেকি সেইবোৰ।
প্ৰান্তিক________ হব দিয়া এতিয়া লাজ কৰিব নালাগে।
কিয় মই ৰৈ গলো এইখিনিত ।বৰ্ষা জনিও অহা নাই ।
_______ বৰ্ষাক মাতি আনো মই।যাওঁ
মুখ খন ফুলাই কৈছোঁ। তেনেতে স্বাগত দা আহিল।
প্ৰান্তিক________ ইমান দেৰি কাৰ লগত কথা পাতি আছিলি?
স্বাগত________ ঘৰৰ পৰা ফোন কৰিছিল। বৰ্ষা ক'ত গ'ল?
__________ ফটো মাৰিবলৈ গল অহাই নাই। মই মাতি আনোগৈ ৰ'ৱ।
প্ৰান্তিক দাক কথাটো সুধিছিল যদিও  মইয়ে উত্তৰ দিলো।
স্বাগত_______ নালাগে ৰৱা মই যাওঁ তাইক মাতি আনো। ভোকো লাগিছে কিবা এটা খাবলৈ যাম ।।তাইক সোনকালে মাতো।
স্বাগত দা যাম কোৱা দেখি মই একো নকলো।
প্ৰান্তিক_______ বেয়া পাইছা।
_______ উহো নাইপোৱা
প্ৰান্তিক_______ চোৱা কিমান ধুনীয়া ঠাই।গোটেই খন নীলা নীলা।
_______ গোটেই খন দেখোন সেউজীয়া হে গছ বোৰৰ বাহিৰে একোৱেই নাই। আপুনি আকৌ কত নীলা দেখিলে।
প্ৰান্তিক________ কিয় সেইয়া দেখা নাই। এইফালে দুটা নীলা চৰাই বহি আছে। আকাশ খন নীলা। বিল খনৰ পানী বোৰ নীলা আৰু এজাৰ ফুল বোৰ বেঙুনীয়া।
________ ওম দেখিছোঁ কিন্তু নীলা চৰাই কত দেখিল ?
 ৰবা,,দেখাইছো বুলি কৈ তেওঁ জেপৰ পৰা ফোন টো উলিয়াই কেমেৰা টো অন কৰি দেখুৱালে। কেমেৰাত আমি দুয়োটা ওলাই গ'লো।
প্ৰান্তিক_________ এইয়া চোৱা এই দুটা নীলা চৰাই।
মই অবাক হৈ গ'লো।
______ ইছ ৰাম! নীলা কিয় পিন্ধি আহিছিলো আজি।
_______ আপুনি কথা নাপালে আৰু,,,,, 
প্ৰান্তিক________ অ নীলা নহয় নো কি? তুমি বাৰু আজি নীলা পিন্ধি আহিব লাগে নে? মই পিন্ধিছো দেখিছাই,,,,
________ মই কিবা জানি বুজি পিন্ধিছোঁ নেকি। মই নো কেনেকৈ জানো আপুনিও যে নীলা পিন্ধিব ?
প্ৰান্তিক________ হ'ব দিয়া ধুনীয়া লাগিছে। একদম্ পোৱালি পোৱালি লাগিছে।

আগলৈ,,,,,,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)