বিজ্ঞাপন (চুটিগল্প)

©Admin
0

 চৰকাৰী হাইস্কুলখনৰ খেলপথাৰখন পাৰ হৈয়ে কলেজৰ সীমা আৰম্ভ হৈছে ৷ কলেজখনৰ পাছফালৰ জৰাজীৰ্ণ ঘৰটোতেই বৰ্ণা, অংকুৰ, সাগৰ আৰু কৌশিক ব্যস্ত ৷ লকডাউন চলি থকাত কলেজৰ ক্লাচবোৰ বন্ধ আছে ৷ সিহঁত থকা ঘৰটো সম্ভৱতঃ আগতে কলেজৰ চকীদাৰজনৰ আৱাস আছিল ৷ চাৰিওটা ল’ৰাছোৱালী এইকেইদিন বৰ ব্যস্ত ৷ প্ৰথমতে সিহঁতে এই কামবোৰ ঘৰৰ পৰাই কৰিব বুলি ভাৱিছিল যদিও পৰিয়ালৰ মানুহখিনিৰ সহযোগ নেদেখি কলেজৰ প্ৰিঞ্চিপালক অনুৰোধ কৰি লকডাউন শেষ নোহোৱালৈ এই ভঙা ঘৰটোৰ পৰাই সিহঁতৰ কাম চলাই নিয়াৰ অনুমতি আদায় কৰিলে ৷ ক’ৰ’না অতিমাৰী আৰু লকডাউনে জনজীৱন স্তব্ধ কৰি তুলিছে ৷ ধনী শ্ৰেণীটোক বাদ দি প্ৰায় সকলোৱে জোৰাটাপলি মাৰি জীৱন চলাই নিব লগা হৈছে ৷ অংকুৰ, বৰ্ণা কলেজৰ বন্ধু ৷ সাগৰ আৰু কৌশিক অংকুৰৰ চুবুৰীয়া ৷ পৰিস্থিতিৰ কথা চিন্তা কৰিলে সিহঁতৰ বৰ দুখ লাগে ৷ মানুহবোৰে কিবা নহয় কিবা এটা মেনেজ কৰি পেটৰ ভোক গুচাই আছে, কিন্তু বিপদ বাঢ়িছে ৰাস্তাৰ কুকুৰবোৰৰ ৷ হোটেল, ডাষ্টবিনৰ পেলনীয়া আহাৰৰ আশাত ৰৈ থকা কুকুৰবোৰ অনাহাৰে থকা কথাটো অংকুৰহঁতৰ হজম নহ’ল ৷ বিদেশী কুকুৰৰ আলপৈচান ধৰা মানুহৰ অভাৱ নাই, কিন্তু বাটৰ কুকুৰকেইটাৰ কথা ভাবিবলৈ সময়ৰ অভাৱ ৷ চাৰিও লগ হৈ কথা পাতিলে লকডাউন শেষ নোহোৱালৈ সিহঁতৰ চহৰখনৰ কুকুৰকেইটাক এসাাঁজ সিহঁতে খুৱাবই ৷ কথামতেই পাছদিনাৰ পৰাই চাৰিও কামত লাগি গ’ল ৷ সাগৰহঁতৰ ঘৰতেই আহাৰ সাজু কৰাৰ দিহা কৰিলে ৷ মাক দেউতাকে একো নকলে যদিও খুৰাকে বেকাকৈ কৈ গ’ল " অকল কুকুৰকেইটাকে কিয়! বাটৰ গৰু ছাগলী কেইটাকো দিবি" ৷ কথাষাৰ শুনিয়ে বৰ্ণাৰ খঙে চুলিৰ আগ পালে ৷ স্পষ্টকৈ কৈয়ে দিলে- খুৰা, গৰু ছাগলীৰ বাবে এতিয়াও ঘাঁহবন বহুত আছে, কুকুৰৰ খাদ্যৰহে অভাৱ ৷ মানুহবোৰে উৎসাহ দিব এৰি কথাহে শুনাই ৷ মনতে ভাৱিলে সিহঁতে ৷ স্কলাৰশ্বিপৰ পইচা উলিয়াই সিহঁতে আৰম্ভ কৰা কামটোত কাৰো সহযোগ নেদেখি অলপ হতাশ নোহোৱা নহয় ৷ গতিকে কলেজৰ ঘৰটোৱেই সিহঁতে ঠিক কৰি ল’লে ৷ তাত আবেলিয়ে ৰন্ধা কামখিনি কৰি প্ৰশাসনৰ অনুমতি লৈ অংকুৰৰ ঘৰৰ গাড়ীখনতে বস্তুবোৰ লৈ সিহঁতে অলিয়ে গলিয়ে ঘূৰি ফুৰে ৷ প্ৰথম দুদিন সিহঁতে কুকুৰ কেইটাক মাতি গোট খুৱাবলৈ কষ্ট পাইছিল যদিও লাহে লাহে সিহঁতৰ গাড়ীৰ শব্দ শুনিলেই কুকুৰবোৰ দৌৰি অহা হ’ল ৷ ভোকাতুৰ পেট কেইটাৰ যেন সিহঁতেই একমাত্ৰ ভৰষা ৷ সিহঁত যাব, হয়তো তাৰেই আশাত দিনতো ৰৈ থাকে কুকুৰকেইটা ৷ কৌশিকে সিদিনা কৈয়ে দিলে - আমি কিন্তু পৰিস্থিতি ঠিক নোহোৱালৈ এইটো কাম কৰিবই লাগিব দেই ৷ ইহঁতকেইটাই মাতিব নোৱাৰিলেও আমাক আশীৰ্বাদ দিছে ও ! পোৱালিকেইটাক লগত লৈ একান্তমনে খাই থকা কুকুৰজনীলৈ একেথৰে চাই থাকিল সিহঁতে ৷

লকডাউন বুলিয়ে বস্তু বাহিনীৰ দাম বাঢ়িছে ৷ লাহে লাহে মিলাব নোৱাৰা হৈ আহিছে সিহঁতে ৷ বৰ্ণাই প্ৰস্তাৱ দিলে লাজ কৰি লাভ নাই ৷ আমিতো একো বেয়া কাম কৰা নাই, চহৰখনত ইমানবোৰ আঢ্যৱন্ত মানুহ আছে, আমি তেওঁলোকৰ সহায় বিচাৰিম ৷ কোনোবাই নিশ্চয় আমাক সহায় কৰিব ৷ পাছদিনাৰ পৰা অংকুৰ আৰু বৰ্ণাই লিষ্ট এখন বনাই ঘৰে ঘৰে সহায় বিচাৰি যোৱা আৰম্ভ কৰিলে ৷ পৰিস্থিতিৰ দোহাই দি বহুতেই পিছ হুহুঁকিলে ৷ দুই এজনে সিহঁতক সন্দেহ কৰা যেনো অনুভৱ হ’ল দুয়োৰে ৷ তাৰ মাজতে তিনিঘৰমান মানুহে সিহঁতক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৷ সিহঁতৰো সাহস বাঢ়িল ৷

চহৰৰ মাজমজিয়াতে থকা অট্টালিকাটোৰ সন্মুখেৰেই বৰ্ণা আৰু অংকুৰ কলেজলৈ যায় ৷ তাত কোন থাকে সঠিককৈ নাজানে যদিও সিহঁতে আজি ঘৰটোত সোমোৱাৰ কথা ভাবিলে ৷ প্ৰকাণ্ড গেটখন পাৰ হৈয়ে নাৰীকণ্ঠ এটা শুনিলে ৷ কাৰোবাক গালি দি আছে ৷ কলিংবেলটো বজোৱাত ভদ্ৰমহিলা এগৰাকী ওলাই আহিল ৷ পিছে পিছে মলিয়ন চোলা পিন্ধা এজনী সাত আঠবছৰীয়া ছোৱালীয়ে কান্দি কান্দি ওলাই আহিছে ৷ ঘৰত বন কৰা ছোৱালী ৷ মানুহজনীক সিহঁতে ভালকৈয়ে চিনি পালে ৷ কিছুদিন আগতে কলেজৰ অনুষ্ঠান এটাত শিশু শ্ৰমিকৰ মুক্তি আৰু শিক্ষা সম্পৰ্কে উদাত্ত ভাষণ দিছিল ভদ্ৰমহিলাই ৷ তৎক্ষণাত ৰূপ সলনি কৰি দুয়োকে নি সুসজ্জিত ড্ৰয়িংৰূমত বহিব দিলে ৷ অংকুৰে সিহঁত যোৱাৰ উদ্দেশ্য ক’লে ৷ ভদ্ৰমহিলাই বৰ উৎসাহ দেখুৱালে ৷ সিহঁতৰো ভাল লাগিল ৷ বাকপটু মহিলাই বিভিন্ন কথাৰ মহলা মাৰি টকা দুশ বৰ্ণাৰ হাতত গুজি দিলে ৷ সিহঁতে মহিলাৰ উৎসাহ দেখি অন্ততঃ পাঁচশ টকা এটা দিব বুলি আশা কৰিছিল ৷ বিদায় লোৱাৰ পৰত বৰ্ণাৰ ৱাটচএপ নম্বৰটো লৈ ক’লে সন্ধিয়া তোমালোকে কুকুৰক আহাৰ দিয়া ফটোকেইখনমান দি দিবা দেই মোক ৷ মোৰ নম্বৰটো লোৱা ৷ সিহঁতে হ'ব বুলিয়ে শলাগিলে ৷ আহিয়ে আটাইকেইটাই কামত ধৰিলে ৷ বৰ্ণাই ভদ্ৰমহিলাৰ নাম কস্তুৰী ৰাজখোৱা বুলি ৱাটচএপত চাই নিশ্চিত হ’ল ৷ ফেচবুকত বন্ধুও হ’ল ৷ সন্ধিয়াৰ কামখিনি শেষ কৰি আজিৰ ফটো চাৰিখন ভদ্ৰমহিলালৈ পঠিয়ালে ৷ ঘৰ পাই গা পা ধুই মোবাইলটো খুচৰি থাকোঁতে কস্তুৰী ৰাজখোৱাৰ ফেচবুক পোষ্ট এটা দেখিহে বৰ্ণাৰ চকু কপালত উঠিল ৷ তাই পঠিওৱা ফটো তিনিখনৰ তলত এনেকৈ লিখা আছিল - “ কুকুৰ মোৰ বৰ প্ৰিয় ৷ লকডাউনৰ এই সময়চোৱাত বাটৰ কুকুৰবোৰক নিয়মীয়াকৈ এসাঁজ খুৱাবলৈ চেষ্টা কৰি আছোঁ ৷ আপোনালোকৰ আশীৰ্বাদ আমাৰ কাম্য ৷ মোৰ এই অভিযানত সহায় কৰা ছবিত দেখা আমাৰ চহৰৰ যুৱক যুৱতী সকলোকো যাচিছোঁ ধন্যবাদ  আৰু শুভকামনা ৷" অসংখ্য লাইক কমেন্টেৰে ভৰি পৰিছে কস্তুৰী ৰাজখোৱাৰ ফেচবুক প'ষ্ট...

📝প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)