তাৰ পাছত ঘৰলৈ ঘূৰি আহি আৰম্ভ হ'ল এক অন্তহীন মানসিক যন্ত্ৰনা । কেতিয়া নাম ওলাব,কেতিয়া পাম । সেই যন্ত্ৰণা । হস্পিটেলৰ কৰ্ম্মচাৰী এজনে কলে, মই চকু পাবলৈ কমেও চাৰি বছৰ বাট চাব লাগিব । কিছুমান মানুহ হেনো বাটচাই চাই মৰি থাকে ।
কিন্তু এমাহৰ পাছতে এটা আচৰিত খবৰ পালো । ছোৱালী জনীয়ে আহি কলেহি ।
-দেউতা তোমাৰ নামত চকু এটা অনুমোদন হৈছে । পৰহিলৈ তোমাৰ অপাৰেচন হব ।
-কি আচৰিত কথা ? ইমান সোনকালে এইটো কেনেকৈ সম্ভৱ হ'ল ।
-সেয়া মই নাজানো ।হস্পিটেলৰ মানুহ এজনে আজি আহি কাগজ এখন দি কথাটো জনাই গৈছে ।
মই আনন্দত আত্মহাৰা হৈ পৰিছিলো ইমান দিনে ঈশ্বৰ বিশ্বাস নকৰা মানুহ টোৱে সেইদিনা ঈশ্বৰক বিশ্বাস কৰিছিলো
নিৰ্দিষ্ট দিনত দেবজানীযে মোক হস্পিটেললৈ লৈ গ'ল । চৰকাৰী হস্পিটেল নহয় । এখন বক্তিগত নাৰ্চিং হোমলৈ । বক্তিগত নাৰ্চিং হোমলৈ কিয় আনিলে সেইটো মাথো বুজি নাপালো । ইয়াৰ খৰছ মানুহ জনীয়ে কেনেকৈ বহন কৰিব সেয়াও বুজি নাপালো ।
এবাৰ অনুভব হৈছিল সচাঁকৈয়ে মানুহ জনীয়ে মোৰ কাৰণে বহুত কৰিছে । মইতো কোনো দিনে তাইক অন্তৰৰ পৰা পত্নীৰ সন্মান দি নাপালো । কিন্তু পিছ মূৰ্হুততে সেই চিন্তাটো মনৰ পৰা আঁতৰাই পেলালো । তাই যিমান টকা গোটাইছিল সকলো বোৰ তো মোৰেই উপাৰ্জন । গতিকে মোৰ টকাৰেই তাই মোক চিকিৎসা কৰিছে । ইয়াত নতুন কথা একো নাই ।
ডাক্তৰ ভৰালীয়ে মোৰ হাতত ধৰি কলে, দূৰ্ঘটনাত বাছৰ হেণ্ডিমেন এটা মৰিল । মৃত্যুৰ সময়ত সি নিজৰ শৰীৰৰ দিবপৰা সকলো অংগ দিয়াৰ ব্যৱস্থা কৰি থৈ গৈছে । আৰু এইবোৰৰ মূল্য যাতে তাৰ ঘৈণীয়েকৰ হাতত পৰে তাৰো বন্দোৱস্ত কৰি থৈ গৈছে । ঘৈণীয়েকৰ বাবে হেন্দিমেন টোৱে এইখিনি কৰি থৈছে । কথাষাৰ শুনি মোৰ লাজ লাগিছিল । এটা সামান্য হেন্দিমেনৰ বিপৰীতে উচ্চ শিক্ষিত আৰু চৰকাৰী চাকৰিয়াল হৈ মই কি কৰিলো মোৰ পত্নী আৰু ছোৱালীৰ বাবে ।
মোক হুইল চেয়াৰত বহুৱাই অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হ'ল । অপাৰেচন থিয়েটাৰৰ সন্মুখত দেবজানীযে মোৰ হাতখনত ধৰি কলে,
-দেউতা মনটো ভাঙি পৰিবলৈ নিদিবা । ভগবানৰ কৃপাত সকলো ভালে ভালেই হৈ যাব ।মা ভয়তে আহিব নোৱাৰিলে ।
---কন্দনামুৱা হৈ তাই কলে ।
-মাৰ আহিব নোৱাৰিলে ভালেই হ'ল । আৰু আহিবলৈ নিদিবি ।
মোৰ মাতটো কিছু খহতা ওলাল ।
দেবজানীৰ মাকক বিয়া কৰাই আনোতে মোৰ বয়স হৈছিল চৌবিশ বছৰ । মোৰ পিতৃ আৰু শহুৰ দুইও আছিল অভিন্ন হৃদয়ৰ বন্ধু । দুয়ো নিজৰ নিজৰ পুত্ৰ কন্যাৰ জৰিয়তে মিতিৰালি নিগাজী কৰিবলৈ সিদ্ধান্ত কৰি থৈছিল । সেই সিদ্ধান্তৰ বলি হলো মই ।
দূৰে দূৰে শিক্ষা জীৱন শেষ কৰিলো । চাকৰি ও দূৰতে হ'ল । বিয়াৰ আগতে মোৰ ভাবিপত্নীৰ মুখ খন দেখিয়েই নাপালো ।
-আগলৈ -
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ