আন অনুষ্ঠানৰ দৰে ডি ইউত স্বাধীনতা দিৱস অতি উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। প্ৰায় এসপ্তাহৰ আগৰ পৰা বিভাগ, কেন্দ্ৰ, কৰ্মচাৰী সকলৰ মাজত প্ৰস্তুতি আৰম্ভ হৈ যায় পেৰেডৰ বাবে ।পুৱা ৫ বজাৰ লগে লগেই ছাত্ৰ ছাত্ৰী সকল নিজ নিজ স্থানলৈ যায় । এই কেইদিন পুৱা , সন্ধিয়া
বিশ্ববিদ্যালয়ৰ চৌহদ " সাৱধান, বিশ্ৰাম , এক দৌ এক " ধ্বনিৰে মুখৰিত হয় থাকে ।যেন কোনো কাৰোতকৈ কোনো গুণেই কম নহয় । বিশ্ববিদ্যালয়ত পেৰেডৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আৰু বিজয় হোৱাৰ হেঁপাহ যেন সকলোৰেই মনত ।সেয়ে , শোৱাপাটী এৰিবলৈ কুণ্ঠাবোধ কৰা জনেও কিন্তু পুৱাতেই নিদ্ৰাদেৱীক এৰে ।সেইকেইদিন ছেকেণ্ড গেট, ডি ইউ হাট যেন কিছু নিৰৱ হৈ পৰে । কিয়নো কাৰোৰ ওচৰত সময় নাই পেৰেডৰ বাবে আন কাম ত মন দিয়াৰ ।
১৪ আগষ্টৰ দিনা সন্ধিয়া অনুষ্ঠিত কৰা হয় জেনেৰেল মাৰ্চ পাষ্ট। সেইদিনাই প্ৰতিফলিত হয় কাৰ ভাল হৈছে আৰু কাৰ বেয়া । তাৰ পিছত চিনিয়ৰ আক্ষেপ আৰু উপদেশ পৰ্ব " তোমালোকৰ হাত মিলা নাই ,ডাইনে দেখত ভৰি উঠা নাই ,হেন্ড চুইং ভালদৰে কৰা নাই ।ভালদৰে কৰিবা এনে দৰে কৰিলে নহ'ব । আমুকটো বিভাগে ইমান ধুনীয়া কৰিছে ইত্যাদি ইত্যাদি ।"
অৱশেষত ১৫ আগষ্টৰ দিনা পুৱাতেই সকলো উঠি গতি কৰে DUET BUILDING অভিমুখে ।ক্ৰম অনুসৰি সকলো শাৰী শাৰী কৈ থিয় হয় । উপাচাৰ্যৰ পতাকা উত্তোলন আৰু তেওঁৰ লগতে অন্যান্য সকলৰ ভাষণৰ পিছত আৰম্ভ হয় পেৰেডৰ প্ৰতিযোগিতা।ড্ৰাম বিটৰ তালে তালে সকলোৱে গতি কৰে। সকলোৱে এজাউৰি হাত চাপৰিৰে উৎসাহ যোগায় । হাতবোৰ যেন অলপ উৰ্ধমুখী হৈ পৰে ।
পেৰেডৰ পিছত সকলোকে আহাৰৰ টোপোলা বিতৰণ কৰা হয় আৰু ফলাফল ঘোষণা কৰা হয়। বিজয়ৰ উল্লাহ আৰু পৰাজিত জনৰো কিন্তু কোনো আপত্তি নাই।
তাৰপিছত অনুষ্ঠিত কৰা হয় বাৰেৰহণীয়া অনুষ্ঠান । গীত , নৃত্য আদিয়ে চাৰিওদিশ ৰজনজনাই তুলে । আৰু তাত ভাগ লয় মঞ্চত আঁৰি থোৱা ত্ৰিৰঙী বেলুনৰ ফুটাৰ শব্দই ।
এনেদৰেই এবছৰৰ কাৰণে স্বাধীনতা দিৱসটি বিদায় দিয়া হয় ।
🖋️দিচা গগৈ ।
আমগুৰি
🇮🇳❤
ReplyDelete