পুৱা ৫ মান বাজিছিলহে। আমাৰ ঘৰখনৰ কিছু নিলগতে বাটৰ কাষত থকা জাবৰৰ দ'মটোৰ পৰা ভাহি অহা কুকুৰৰ ভুকভুকনিত বিছনাত থাকিব নোৱাৰি উঠি দিলো। ক্ৰমান্বয়ে সিহঁতৰ হুুলস্থুল বেছি হ'ল। আজি সেই বাটেৰেই মৰ্ণিং ৱাকলৈ বুলি আগবাঢ়িলো। জাবৰৰ দ'মটোৰ কাষত গাঁৱৰ দুজনমান ডেকা ল'ৰা ৰৈ থকা দেখিলো। তাৰ বিপৰীতেই কেইটামান নাচোৰবান্দা কুকুৰৰ ভুকভুকনি। ওচৰ চাপি যি দেখিলো সেয়া মানৱ সমাজৰে এক কলংকিত অধ্যায়। জীৱশ্ৰেষ্ঠ মানুহ ইমান তললৈ যোৱা দেখি মনতে ঘৃণা উপজিল। জন্মদাত্ৰীৰ পৰিচয় দিব নোৱাৰা আমাৰ সমাজৰে কোনোবা মুখাপিন্ধা ভদ্ৰলোকে আসুৰিক তৃপ্তিৰে দৈহিক ক্ষুধা নিবাৰণ কৰাৰ পৰিণতিত এটি সদ্যজাত নিষ্পাপ দেৱশিশু এতিয়া এটা বিস্কুটৰ কাৰ্টুনৰ ভিতৰত জাবৰৰ দ'মটোৰ ওপৰত পৰি আছে ।
📝টোলন তছা
জখলাবন্ধা,নগাঁও(অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ