শিশুৰ মনোবল বৃদ্ধি কেনেকৈ কৰিম

Rinku Rajowar
0
শিশু সকলৰ মনবোৰ সাধাৰণতে উচুকতা আৰু আবেগেৰে ভৰি থকা। কিবা এটা নতুন বস্তুৰ বিষয়ে জানিবলৈ যথেষ্ট আগ্ৰহী। সেইদৰে সৰু সৰু কথাত তেওঁলোকৰ মনবোৰো ভাগি পৰে। বৰ্তমান পৰিস্থিতিত শিশুসকৰ মনত যথেষ্ট ভয় আতংকই ক্ৰিয়া কৰিছে। গতিকে আমি তেওঁলোকক যিকোনো পদ্ধতিৰে মনোবল বৃদ্ধি কৰা উচিত। বহুতো অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাত অংশগ্ৰহণ কৰাব লাগে। নতুন কিবা এটা বস্তু বনাবলৈ দিব লাগে। নাচি ভাল পালে নিৰ্দিষ্ট সময়ে সময়ে নাচিবলৈ দিব লাগে। তেওঁলোকে যি ভাল পাই কৰিবলৈ দিব লাগে। তাৰ মাজতেই পঢ়িব ও দিব লাগে। তেওঁলোকৰ ইচ্ছা মতে ব্যস্ত হলে মনটো ফুৰ্তি হৈ থাকিব, মনোবল বৃদ্ধি হব, আৰু ভয়টো অনুভৱ নকৰিব। আমাৰ সন্তান দেশৰ ভবিষ্যত গতিকে কেতিয়াবা আমি তেওঁলোকৰ দৃষ্টিৰেও পৃথিৱী খন চাব লাগিব। বৰ্তমান পৰিস্থিতিত শিশুসকলৰ সুস্থ শৰীৰ আৰু পুষ্টিকৰ খাদ্যৰ অতি জৰুৰী। শেষত সকলো শিশুৰ সুস্বাস্থ‍্য কামনা কৰিলোঁ।

🖋️ববিতা শইকীয়া।
দেৰগাঁও । গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)