অনাকাংক্ষিত অধ্যায়-১৪

©Admin
0
পিছদিনা অফিচলৈ বুলি গৌৰী আনদিনাতকৈ সোনকালেই ওলাল।লগতে পখীক ক'বলগীয়া কথাবোৰ তাই মনতে ভালকৈ জুকিয়াই ল'লে। তাই নাজানে কথাবোৰ পখীক ক'বলৈ কেনেকৈ আৰম্ভ কৰিব আৰু সেই কথাবোৰ পখীয়ে বা কেনেকৈ ল'ব।এফালে বায়েকৰ ভৱিষ্যত আনফালে পখীৰ একপক্ষীয় প্ৰেম।এইবোৰ কথাই মনতে পাগুলি থাকোতে গৌৰী কেতিয়ানো অফিচ পালেহি গমেই নাপালে।ইতিমধ্যে কেইবাজনো সহকৰ্মী অফিচ আহি পাইছিলহি।পখী তেতিয়ালৈকে আহি পোৱা নাছিল। সেয়েহে গৌৰীয়ে গুগলত কিবা এটা চাওঁ বুলি কম্পিউটাৰটো অন কৰিব লওঁতেই কোনোবাই আহি তাইক পিছফালৰ পৰা মাতিলে,"অ'ই তই যে আজি ইমান সোনকালে আহিলি।"
গৌৰীয়ে চক্ খাই পিছলৈ ঘূৰি চাই ক'লে "পখী বা,আহি পালাহি।"
"অ'তো।তই হে আজি সোনকালে আহি মোক চক্ খুৱাই দিলি।"
"ক'তনো আৰু সোনকালে আহিলো।১০মিনিট মান আপোনাৰ আগতে পালোহি সিমানেই আৰু।"
"হি হি হয় নেকি।পিছে তোক কাম এটা দিছিলো যে কৰিলি নেকি?"
"হা...কামটো...বাৰু কওঁকচোন তাৰ আগতে আপুনি তেওঁৰ পৰা কেনেধৰণৰ উত্তৰ আশা কৰি আছিল বাৰু?"
"মই!!তাৰ উত্তৰৰ কিবা অনুমান কৰিব পৰা হ'লে হয়তো আজিলৈকে তাৰ উত্তৰৰ বাবে ব্যাকুল হৈ নাথাকিলোহেঁতেন।বাৰু মই ভবা নভবা সেইবোৰ বাদ দি সি কি ক'লে সেইটো ক'?"
"আচলতে সি...পখী বা....প্ৰানজিত দাই পৰ্ণা বা মানে মোৰ বাক হে ভাল পায়।"
"ধেইত তেনেকুৱা হ'ব নোৱাৰে।সি হ'বলা তোক জোকাবলৈহে তেনেকৈ কৈছিল।"
"নহয় পখী বা।তেওঁৰ চকুত পৰ্ণা বাৰ প্ৰতি সঁচা ভালপোৱা দেখিছো আৰু তেওঁ হেনো আপোনাক ভাল বান্ধৱীৰ বাহিৰে বেলেগ ধৰণে কেতিয়াও চাব পৰা নাছিল।"
   পখীয়ে একো নোকোৱাকৈ মনে মনে বহি ৰ'ল।এইমাত্ৰ যেন ওলাই আহিব তাইৰ কান্দোনটো।কোনোমতে নিজকে সংযত কৰি তাই গৌৰীৰ পৰা মুখখন আঁতৰাই থৰ হৈ বহি থাকিল।কি উত্তৰ দিব গৌৰীক আৰু তাই।পৰ্ণাই তাইৰ জীৱনৰ পৰা প্ৰানজিতক কাঢ়ি নি বৰ ভাল কাম কৰিছে বুলি ক'ব নেকি!!কেনেকৈ প্ৰানজিত হঠাত আনৰ হৈ পৰিল!!খং,দুখত একো নোকোৱাকৈ তাই গৌৰীৰ ওচৰৰ পৰা গুছি আহিল।গৌৰীয়ে "পখী বা"বুলি কেইবাবাৰো মতাৰ পিছতো তাই একো গুৰুত্ব নিদিলে।গোটেই পৃথিৱীখনত তাইৰ নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হ'বলৈ ধৰিলে।এজন ভাল বন্ধু আছিল সিও আজি আনৰ হৈ পৰিল।মৰম,ভালপোৱা সকলো অৰ্থহীন আৰু ক্ষন্তেকীয়া যেন লাগিল তাইৰ।
ইফালে গৌৰীৰো পখীৰ আগত নিজকে অপৰাধী যেন লাগিবলৈ ধৰিছিল।প্ৰেম,ভালপোৱা এইবোৰ ক্ষেত্ৰত তাই এতিয়াও কেঁচা হৈ আছে যদিও পখীৰ মনৰ অৱস্থা বুজাত তাইৰ সমস্যা হোৱা নাছিল।তায়োতো এইবোৰ কথা ভালকৈ একো গম পোৱা নাছিল।আগতেই যদি গম পালে হয় পখী বাই প্ৰানজিত দাক ভালপোৱাৰ কথা তেতিয়া হয়তো তাই কিবা কৰিব পাৰিল হয়।কিন্তু এতিয়া জোঁৰ পুৰি হাত পোৱা অৱস্থা।গতিকে তাই যি দেখিল যি শুনিল সেয়াইহে ক'লে মাথোন বুলি ভাবি নিজৰ কৰ্মত মন দিলে।
"কি কৰি আছা হয় নে চিন্তামণি গৌৰী?"
অনুৰাগ কাশ্যপ আহি গৌৰীৰ সন্মুখৰ চকী খনত বহি ল'লে।
"অনুৰাগ দা,চিন্তামণি হৈ যোৱাকৈ মই ইমানো চিন্তা কৰি নাথাকো নেকি!"মুখখন অলপ ওফোন্দাই গৌৰীয়ে উত্তৰ দিলে।
"মই আকৌ  সদায় চিন্তাত মগ্ন হৈ থকা গৌৰীজনীকে দেখা পাওঁ নহয়।বাৰু সেইবোৰ বাদ দিয়া,"খোজ" এ মিহিৰপ্ৰাণ গগৈৰ শিশুটিৰ শিক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তাৰ প্ৰয়োজন হ'লে থকাৰ ব্যৱস্থাও পূবেৰুণতে কৰাৰ লগতে শিশুটিৰ মাতৃকো পূবেৰুণৰ কিবা কৰ্মৰ দায়িত্বও দিব বুলিও জনাইছে।"
"সঁচাকৈয়ে নে অনুৰাগ দা!!এয়াতো প্ৰকৃততেই বৰ ভাল খবৰ।"
"তাকেইটো।এইবোৰ পদক্ষেপেই এদিন "খোজ"ক সকলোৰে আগত পৰিচিত কৰি তুলিব।"
" অ' অনুৰাগ দা।এই 'খোজ' য়েই এদিন মোক সহায় নকৰা হ'লে হয়তো মই সাংবাদিকতাৰ এইখন ক্ষেত্ৰলৈ আহিব নোৱাৰিলোহেঁতেন।"
"তুমি "খোজ"ৰ লগত কেনেদৰে জড়িত হ'লা পিছে?"
"গ্লেজুৱেছনৰ পিছত মোৰ আশা আছিল সাংবাদিকতা পাঠ্যক্ৰমত উচ্চশিক্ষা লোৱা।কিন্তু অৰ্থৰ অভাৱৰ বাবে সাহস কৰা নাছিলো।আৰু এদিন "খোজ"ৰ লগত যোগাযোগ কৰাত মোক সহায়ৰ বাবে প্ৰতিশ্ৰুতি দিলে।তাৰোপৰি তেতিয়াই মই অনন্ত নাথ ছাৰক লগ পাইছিলো। তেৱেঁই মোক 'জীৱনাদিত্য'অৰ কথা কৈছিল।'জীৱনাদিত্য'অৰ সুন্দৰ সংগ্ৰামৰ কাহিনী শুনিয়েই মই ইয়ালৈ অহাৰ বাবে মন বান্ধি লৈছিলো।তাৰপিছত আৰু মই ঘূৰি চাব লগা হোৱা নাই।এই "খোজ"ৰ ওচৰত মই আজীৱন কৃতজ্ঞ।এতিয়া মইও পাৰ্যমানে "খোজ"ৰ নামত বৰঙণি দিবলৈ চেষ্টা কৰো যাতে মোৰ দৰে আন দহজনক সহায় কৰিবলৈ 'খোজ'য়ে আগবাঢ়ি যায়।এনে এটি অনুষ্ঠানৰ অংশ হ'বলৈ পাই মই সঁচাকৈয়ে বৰ সুখী।"
"মইও এই অনুষ্ঠানৰ অংশ হোৱাৰে পৰাই এটি কথাই ভাবি আহিছো যে আমি "খোজ"ক সঠিকভাৱে পৰিচালিত কৰি আগবঢ়াই নিব লাগিব।
"তাকেই দাদা"


পখীয়ে নিজৰ কেবিনত সোমাই প্ৰানজিতৰ কথাবোৰ ভাবি থাকোতেই তাইৰ ফোনটো বাজি উঠিল।স্ক্ৰীণত দেখিলে প্ৰানজিতৰ নাম।উঠাওঁ নুঠাওঁকৈ তাই ফোনটো  ৰিচিভ কৰিলে।
"হেল্ল' পখী"
"উমম ক'"
"তোৰ লগত মোৰ অলপ জৰুৰী কথা আছিল।ব্ৰেকৰ সময়ত এবাৰ মোক কেণ্টিনত লগ কৰিবিচোন।"
"কি জৰুৰী কথা?"
"তোক লগ পালে সকলো ক'ম দেছোন।"
"তই যে পৰ্ণাক ভালপাৱ' সেইটো কথাই জানো  মোক ক'বলৈ বিচৰা নাইনে!"
"পখী!!এনেকৈ কিয় কৈছ' যেন তই মোৰ আৰু পৰ্ণাৰ সম্পৰ্কটো ভালপোৱা নাই।"
"কেনেকৈ ভালপাম ক'!!মই যে তোক ভালপাইছিলো প্ৰানজিত।"
"কিন্তু পখী,তোক যে মই কেতিয়াও বন্ধুত্বৰ বাহিৰে বেলেগ দৃষ্টিৰে চাবলৈ নিশিকিলো।সেয়া কি মোৰ ভূল আছিল ক'!!তই যে মোৰ সবাতোকৈ প্ৰিয় বান্ধৱী সেয়া তই পাহৰি গ'লি নেকি।জীৱনৰ পদে পদে পোৱা তই দিয়া সাহস বোৰ মই কেতিয়াও পাহৰিব নোৱাৰো পখী। "
"প্ৰানজিত,হয়তো ক'ব নোৱাৰাকৈ মই বেছিয়ে ভাবি পেলাইছিলো।তোৰ অনুভৱক গুৰুত্ব নিদি নিজৰ মতে ভবাটোতে মোৰ ভূল হ'ল।মই তাৰ বাবে দূখিত প্ৰানজিত আৰু তোক ভাল খবৰ এটা দিবলৈ পাহৰিছিলোৱে নহয়।মই সাংবাদিকতাৰ পাঠ্যক্ৰমত উচ্চশিক্ষা ল'বলৈ বাংগালোৰ যাম।যোৱাৰ আগতে তোক আৰু পৰ্ণাক এবাৰ লগ পোৱাৰ আশা ৰাখিলো।আজি তোক লগ কৰাৰ সাহস মোৰ নাই অ' প্ৰানজিত।এবাৰ মোৰ ঠাইত হৈ কথাটো ভাবি চাৱ' যেন।"
"তই মোৰ কাৰণে দুখ পাই পলাব খুজিছ' নেকি পখী,সঁচাকৈ ক'ছোন।"
"নাই অ'।মোৰ আৰু দেউতাৰ আশা পূৰণৰ বাবেহে এই সিদ্ধান্ত ললো।"
"ঠিক আছে তেনেহ'লে।তোৰ আশাবোৰ পূৰণ কৰি  ঘূৰি অহাৰ পিছত আগৰ পখীজনীক আকৌ ঘূৰাই পাম নে?
"পাবি পাবি।তহঁতি সুখী হ' সদায়।"
বুলি কৈ পখীয়ে ফোনটো কাটি হুকহুকাই কান্দি উঠিল।বহুদেৰী কন্দা পিছত তাই সংযত হৈ ৰেজিগনেছন লেটাৰ এখন লিখিবলৈ বহিল।অনন্ত নাথক লেটাৰ খন দিয়াৰ পিছত তেওঁ প্ৰথমতে তাইৰ সিদ্ধান্তত আচৰিত হ'ল যদিও পিছত কাৰণটো দেখি তাইৰ সিদ্ধান্তত সন্মতি দিলে।হঠাত দিয়া পখীৰ ৰেজিগনেশ্যন লেটাৰত অফিচৰ বাকী সকলোৱে পখীয়ে বাহিৰত পঢ়িবলৈ যাব বুলিয়ে মানি লৈছিল।কেৱল গৌৰীয়েহে আচল কথাটো বুজিছিল।


প্ৰানজিত আৰু পৰ্ণাৰ বিবাহ উপভোগ কৰিব পৰাকৈ পখীৰ মনত সাহস নাছিল।সকলো কথা পাহৰি প্ৰানজিতে পখীক আজীৱন বন্ধুত্বৰ আশ্বাস দিছিল।লগতে পৰ্ণাক লগ পোৱাৰ পৰাহে সঁচা ভালপোৱাৰ অৰ্থ বুজি পোৱাৰ কথাও কৈছিল।কথাবোৰ শুনি পখীয়ে একো ক'ব পৰা নাছিল।মাথোঁ ধাৰাষাৰে তাইৰ চকুপানী বৈ আহিছিল।বুকুত অজস্ৰ সাহস লৈ তাই সকলোবোৰ পাহৰি জীৱনটো আগবঢ়াই লৈ যোৱাৰ সংকল্প  লৈছিল।বাংগালোৰ যোৱাৰ আগদিনা তাই জীৱনাদিত্য অফিচলৈ সকলোকে লগ কৰিবলৈ বুলি আহোঁতে তাইৰ কেবিনলৈ শেষ বাৰৰ বাবে সোমাই গৈছিল।পোনপ্ৰথমবাৰৰ বাবে যেতিয়া তাই সেই কেবিনলৈ আহিছিল তেতিয়া তাই কোনোদিন ভবা নাছিল জীৱনাদিত্য এৰি যোৱাৰ কথা।মাথোঁ চিৰদিন একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছিল সকলোকে।তেনেতে অনুৰাগ কাশ্যপ সোমাই আহিছিল তাইৰ কেবিনলৈ।
"পখী,জীৱনাদিত্যক এৰি যোৱাটো তোমাৰ বাবে সহজ হ'ব নে?"
"জীৱনত কোনো কামেই সহজ নহয় অনুৰাগ। মাথোঁ আমি নিজেই কামবোৰ সহজ কৰি ল'ব লাগে।"
"তোমাৰ অভাৱ জীৱনাদিত্যই বৰকৈ অনুভৱ কৰিব।"
"মই জীৱনাদিত্যক এৰি নাযাওঁ অনুৰাগ।জীৱনাদিত্যৰ লগত মই আছিলো,আছো আৰু ভৱিষ্যতলৈও থাকিম।"
"আমি তোমাক মিছ কৰিম পখী।অল দি বেষ্ট ফৰ ইউৰ নিউ জাৰ্ণি।সফল হোৱা তুমি।"
"থেংক ইউ অনুৰাগ।"
  অনুৰাগ যাবলৈ লওঁতে পখীয়ে আকৌ মাত দিলে।
"অনুৰাগ,তোমাক কথা এটি কওঁ।কাৰোবাক যদি কিবা কথা ক'বলৈ থাকে তেন্তে কেতিয়াও পলম নকৰিবা।লাগিলে সেয়া প্ৰেম বা বেলেগ ক্ষেত্ৰতে নহওক কিয়।পলম হৈ গ'লে হয়তো ক'বলগীয়া কথাটো কৈও লাভ নহ'ব।কথাবোৰ নিজৰ ধৰণে ভাবি চাবা অনুৰাগ।বাই"
"ভাবি চাম পখী।বাই এণ্ড হেপ্পী জাৰ্ণি।"
(আগলৈ...)

📝গৌৰাংগিনী নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)