"আজিৰ শিশু ভৱিষ্যত দেশৰ নাগৰিক"---এইষাৰি বাক্য নেহেৰু খুড়াই তেতিয়াই কৈ যোৱা আৰু প্ৰতিবছৰে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰি অহা ১৪ নৱেম্বৰ দিনা সম্ভৱত প্ৰতিজন নেতাৰ, প্ৰতিগৰাকী শিক্ষক, প্ৰতিজন বুদ্ধিজীৱীৰ শিশু দিৱসৰ পৱিত্ৰ ক্ষণত ভাষণত ব্যৱহৃত প্ৰথমটি বাক্য।।এই বাক্যশাৰীৰ সাম্প্ৰতিক প্ৰেক্ষাপটত আৰু প্ৰায়গিক ক্ষেত্ৰত কোনটো দিশত গতি কৰিছে,কোনটো দিশত গতি কৰিব লাগে সেইয়া সঁচাকৈ এক বিচাৰ্যৰ বিষয়।।ইয়াৰ লগতে সংগতি ৰাখি অসম চাহ জনজাতি ছাত্র সন্থা(আটছা)ই পলমকৈ হ'লেও এক গুৰুত্বপূৰ্ণ অভিযানৰ আৰম্ভ কৰিছে "চল যাব স্কুল"।।এই 'চল যাব স্কুল' অভিযানটোৰ বিষয়ে কোৱাৰ আগতে হঠাৎ ইয়াৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল সেইয়া জানিবলৈ হ'লে আমাৰ জনজাতিটোৰ শৈক্ষিক-সামাজিক দিশটোৰ কথা অস্বীকাৰ কৰিলে সম্ভৱতঃ ভুল হ'ব.......
১৮৩৯ চনৰ কথা,যেতিয়া অসমত প্ৰথম চাহ কোম্পানী "আচাম টি"প্ৰতিষ্ঠা কৰা হৈছিল,সেই সময়ত প্ৰথমতে বড়ো,কছাৰি, কোচ,কলিতা আদি জনজাতিৰ লোকসকলক চাহ বাগিছাত কাম কৰিবলৈ লগাইছিল, কিন্তু স্থানীয় লোকে বাগিছাত কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰি বাগিছা এৰি পলাই গৈছিল আৰু যাৰ ফলত লণ্ডনত গঢ়ি উঠা চাহৰ বজাৰ ডুব যোৱাৰ উপক্ৰম হ'ল আৰু ইয়াৰ এক অন্যতম প্ৰধান কাৰন আছিল বাগিছাত চাহ শ্ৰমিকৰ অভাৱ......
সেইসময়তে 'আচাম টি কোম্পানীয়ে'প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া ৬৫২ জন শ্ৰমিকৰ সিংহভাগেই কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল আৰু বাকীবোৰ শ্ৰমিক কম মজুৰিত কাম কৰিবলৈ অনিচ্ছুক হৈ পলাই গৈছিল।।তেতিয়াই বৃটিছে কম মজুৰিত কাম কৰাবলৈ একশ্ৰেণীৰ দালালৰ সৃষ্টি কৰিছিল আৰু ক্ৰমান্বয়ে উত্তৰপ্ৰদেশ,মধ্যপ্ৰদেশ,বিহাৰ,পশ্চমবংগ,চ্ছট্টিশগড় আদি ৰাজ্যৰ পৰা আৰকাঠীয়া চালান কৰি শ্ৰমিক হিচাপে অসমলৈ আনিছিল।।আৰু আমি সেই ভাৰতবৰ্ষৰে স্থায়ী আদিবাসী বাসিন্দা, সেই অসমৰে মূল আৰু প্ৰথম খিলঞ্জীয়া যিটো অসম আমাৰ মাতৃভূমি ,আৰু আমাৰ পৰিচয় বঙালী, কুলি,বাগানীয়া,লেবাৰ আৰু অন্যন্য উপনামেৰে পৰিচিত।।য'ত আজিও ভূমি অধিকাৰৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে,জনজাতিকৰনৰ বাবে চিঞৰিব লগা হৈছে আৰু ভুলে- শুদ্ধই এক শ্ৰেণীৰ আগত হয় চাৰ, হয় চাৰ বুলি মাথা দোৱাই অমূলক সন্মান প্ৰদৰ্শনৰ পৰম্পৰা ৰক্ষাত আমি ব্যস্ত হৈ আছো......প্ৰশ্ন;এই পৰম্পৰা আৰু কিমান দিন??.....
এনে এক বিষাক্ত পৰম্পৰাৰ আঁৰত থকা মানুহবোৰ আমি নিজে নহয়নে??দোষাৰোপ কাক কৰিব?জাতি/জনজাতীয়ে মানুহৰ সৃষ্টি নকৰে;বৰং মানুহে জাতি-জনজাতিৰ সৃষ্টি কৰে।।এই জাতি গঠনৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়েই সক্ৰিয় আৰু দায়িত্বশীল হোৱাটো আৱশ্যক আৰু এনে এক সন্ধিক্ষণত শিক্ষাই হৈছে এনে এক ব্যৱস্থা যাৰ দ্বাৰা এজন ব্যক্তিক সামাজিকীকৰণৰ জৰিয়তে সমাজত এক প্ৰস্থিতি প্ৰদান কৰিব পৰা যায় আৰু সেই প্ৰস্থিতিয়ে সমাজ উন্নয়নত অৰিহণা যোগাব।।এই সামাজিকীকৰণৰ প্ৰক্ৰিয়াটো সম্ভৱ আৰু ফলপ্ৰসু কৰি তোলাত পৰিয়াল তথা অভিভাৱকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এক প্ৰতিনিধি হিচাপে কাম কৰে।।কিন্তু পূৱাতে প্ৰথম বিংগুল মৰাৰ লগে লগে খাই-নাখাই হাতত টুকুৰি,ছাতি লৈ বাগানলৈ ঢাপলি মেলিব লগা হৈছে;আনে নিৰ্ধাৰন কৰি দিছে পূৱা কেইটা বজাত উঠিব লাগে আৰু দিনৰ দিনটো কি কি কাম কৰিব লাগে।।য'ত সৰু সৰু ল'ৰা/ছোৱালীক বিদ্যালয়মুখী কৰাৰ চিন্তা কৰিব লাগে,য'ত শিশুৰ তত্বাৱধানত অভিভাৱকে সময় দিব লাগে তেনেক্ষণত হাতত কলম-বহীৰ প্ৰতিকল্প হিচাপে টুকুৰি/কটাৰী ধৰি বাগিছামুখী কৰাৰ কথাই সঁচাকৈ আচৰিত কৰে।।ইয়াতে এটা কথা কেতিয়াও নুই কৰিব নোৱাৰোঁ, সঁচা ,আমি উৎপাদনমুখী হৈছো কিন্তু উৎপাদনমুখীৰ ধাৰনাটো ইমান সংকীৰ্ণকৈ ভাবিলে জানো হ'ব??আমি উত্তৰপুৰুষৰ কাৰনে কি কৰিছো? কেতিয়া চিন্তা কৰিম ,কি আদৰ্শ দেখুওৱাই থৈ যাম ইত্যাদি প্ৰশ্নবোৰে জুকাৰি থৈ যায়..........
জীয়াঁই থাকিবলৈ অন্ন,বস্ত্ৰ, বাসস্থান, আৰু স্বাস্থ্যৰ লগতে শিক্ষাক মৌলিক প্ৰয়োজন হিচাপে বিবেচনা কৰা হৈছে লগতে বৰ্তমান শিক্ষাক সংবিধানত মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে।।আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ জন্মলগ্নৰে পৰা সকলোকে যিকোনো ক্ষেত্ৰতে সম-সুবিধা প্ৰদানৰ ব্যৱস্থা প্ৰতি দৃষ্টি ৰাখিছে। এই অধিকাৰ মতে দেশত বাস কৰা সকলো জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ শিশুক বিশেষকৈ ৬-১৪বছৰৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।।ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ৰ মতে,০৩-১৮ বছৰ তথা মাধ্যমিক পৰ্যায় পৰ্যন্ত সকলো শ্ৰেণীৰ লোককে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে।।ইয়াৰ লগতে শিশুৰ তত্ত্বাৱধানৰ বাবে চৰকাৰে বিভিন্ন ধৰনৰ আঁচনি তথা ব্যৱস্থাৰ সূচনা কৰিছে যেনে ECE(Early Childhood Education), ECCE(Early Childhood Care&Education) অংগনৱাড়ী, বালৱাড়ী আদিৰ উপৰিও শিক্ষাৰ শৈক্ষিক বাতাবৰণ অনুকূল কৰাৰ ক্ষেত্ৰত বিভিন্ন আন্তৰ্জাতিক সংগঠন তথা সংস্থাই বিভিন্ন নীতি -নিৰ্দেশনাৰ ব্যৱস্থা গ্ৰহন কৰি আহিছে।।কিন্তু পৰিতাপৰ কথা আজিও আমাৰ জনগোষ্ঠীৰ দুই তৃতীয়াংশ লোকেই এনেবোৰ সুবিধা তথা ব্যৱস্থাৰ অংশীদাৰ হোৱাত বিফল হৈছে........
শেষত,'অসম চাহ জনজাতি ছাত্ৰ সন্থা'(আটছা)আমাৰ জনজাতীয় প্ৰভাৱগোষ্ঠি দলটোৱে জাতি-মাটি-ভেটিৰ স্বাৰ্থত তাহানিৰে পৰা প্ৰতিদিনেই মাত মাতি আহিছে আৰু বৰ্তমান আৰম্ভ কৰা 'চল যাব স্কুল'অভিযানটো আটাইতকৈ বেছি প্ৰয়োজন।।এইক্ষেত্ৰত আমি প্ৰতিজনেই দায়বদ্ধ হ'ব লাগিব 'চল যাব স্কুল'কেৱল বেনাৰত আৱদ্ধ নাৰাখি বাস্তৱ ক্ষেত্ৰত কৰ্মসংস্কৃতিৰ উপৰত গুৰুত্ব দি অভিযানটো সফল কৰিলেহে সম্ভৱত এখন সুস্থ আৰু সবল সমাজৰ কল্পনা কৰিব পাৰিম....
✍বুদ্ধেশ্বৰ মাহালী,
শিৱসাগৰ (ৰাজমাই)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ