পৰা নৃত্যৰ লগত গোৱা এফাঁকি গীত এনেধৰণৰ.....
অ হাঁয় হাঁয় মাকলা এ
মাকো লীলায়
তিনটি মালী মাকাৰা জালী
দিলুং উঝুৰাই ||
অ হাঁয় হাঁয় মাকলা ঐ
মাকো লীলায়
কাউৰ কান্দে কালা লাক
বাঁহৰ ওপৰত ঐ
বাঁহৰ ওপৰত |
ফুল তোলা মেখেলি
পাৰৰ ওপৰত ঐ
পাৰৰ ওপৰত |
অ হাঁয় হাঁয়.....
একে ঘাৱাই কাটিলুং
শাল গাজিলি ঐ
শাল গাজিলি
নাচিবাকে নাজানা তই
সিয়ান আজিলি ঐ
সিয়ান আজিলি |
পৰ্বতৰ গান্দুৱা খৰি
লাগে ঘুলাই ঘুলায় ঐ
লাগে ঘুলাই ঘুলায় |
তোকে গাভৰু মন খালুং
কিনকে আনিম ভুলাই ঐ
কিনকে আনিম ভুলাই ||
অ হাঁয় হাঁয় মাকলা ঐ
মাকো লীলায় |
হানাঘোৰা , জাৰীঘোঁৰা, পাৰনৃত্যত গোৱা গীতবোৰ প্রায় একেই | মাত্র সুৰ বেলেগ বেলেগ | এই লকলোবোৰ গীততে সহজ সৰল ৰাভা জনজাতিৰ সামাজিক জীৱনৰ লগত জড়িত কথাবোৰৰ প্রতিচ্ছবি অংকিত আছে | ধৰ্মীয় বিশ্বাসৰ ভিত্তিত জনজাতীয় সাজ পোচাকেৰে পুৰণি কৃষ্টিবোৰ এতিয়াও জীয়াই আছে | অৱশ্যে অঞ্চল বিশেষে এইবোৰৰ কিছুমান মৃতপ্রায় | এইবোৰ সংৰক্ষণ কৰি জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগে |
সমাপ্ত
🖋️হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ