বিহুৰ বতৰ লগৰীয়াৰ সতে গৈ লগৰীয়াৰ প্ৰেৰসীৰ ঘৰ পালৈগৈ । বিহু ক'লেই গাঁৱৰ ঢেকা যেতিয়া এটুপি দুটুপিকৈ মদে-হাজে খাই মতলীয়া হ'ল সোতৰ বছৰীয়া ঢেকাটি । নতুনকৈ শিকিছে , তাতে নাখালে নহয়েই নহয় । লগৰবোৰে কয় ---অ' পঢ়িছোঁ বুলি ফিটাহি হৈছে । আমি মানে মানুহেই নহয় । যা তেন্তে দৌষ্টি খটম । উপায়হীন হৈ এপাচিৰ শাকত এটা জলকীয়া হৈ কি কৰিম বুলি ভাবিয়েই দিনে দিনে মদ আৰু দৌষ্টিবৰ্গৰ সৈতে খাপ খাই গ'ল। পহিলা বিহু দিনাই প্ৰেৰসীৰ ঘৰলৈ যাব । মনৰ কথা ক'ব ; কিন্তু প্ৰথম প্ৰেম যেতিয়া কেনেকৈ ক'ব । লগৰবোৰে কৈছে ভয় নকৰিবি প্ৰপ'জ কৰি দিবি । পাঁচ দিনৰ পাছত উঠাই দিম। লগৰবোৰৰ সাহসতে বুকুত সাহস গোটালে দীপাংকই বৰ্ণালীক প্ৰস্তাৱ দিব। কিন্তু প্ৰেমৰ ফুল হৃদয়ত থাকিলেও দীপাংকই বৰ্ণালীক ক'ব নোৱাৰে ।কাৰণ বৰ্ণালীয়ে যদি ছাৰক কথাবোৰ কৈ দিয়ে , ছাৰে তাক বেয়া পাব । দীপাংকৰ ছাৰৰ প্ৰিয় ছাত্ৰ । দীপাংকৰ বাবেও ছাৰ সৰ্বোচ্চ পূজনীয় । আজিলৈকে দীপাংকৰ আৰু বৰ্ণালীয়ে ছাৰৰপৰা একো কথাই লোকোৱাই থোৱা নাই আৰু থ'বও নিবিচাৰে । য'তেই যি কৰিয়েই নাথাকক ছাৰ ক'লেই সিহঁতি সেইবোৰ এৰি আহে । ঘৰৰ সমস্যা থাকিলেও ছাৰৰ আগত কয় । লগৰ নতুবা সহপাঠীসকলৰ মাজত আলোচনাত ঠাই পোৱা কথাবোৰো ছাৰৰ আগত কয় । বিশেষকৈ সিহঁতি পঢ়াৰ বাহিৰে অন্য কামত সময় নকটাইছিল । অষ্টম শ্ৰেণীৰ পৰা দুয়ো একে লগে ছাৰৰ ওচৰত টিউচন কৰিছিল । প্ৰেম বা ভাল পোৱা কি ? ছাগে , দীপাংকৰ হৃদয়তখনে বৰ্ণালীৰ লগত টিউচন কৰি থকা মূহুৰ্তৰলৈকে জনা নাছিল । মাথোঁ মনত ভাল বা বেয়া লগা অনুভৱ কৰিছিল তাইৰ অনুপস্থিতিত । কিন্তু টিউচন শেষ হোৱা দিন ধৰি গাঁৱৰ সমনীয়াৰ লগত ঘূৰা দিন ধৰি মনলৈ আহে আৰু কিবা কিবি । তাতে সমনীয়াসকলৰ নেৰানেপেৰা সোধন আৰু জুকাৰণিত অনুভৱবোৰ প্ৰেমৰলৈ ৰূপান্তৰিত হ'ল।
দীপাংকই সমনীয়াবৰ্গক কয় , ছাৰে গম পালে দিব। নহ'লে ছাৰক কথাটো কওঁ ।
সমনীয়াসকলে কয়- তই পাগল নেকি ? ছাৰক কথাটো ক'বলৈ । কি দৰকাৰ পৰিছে ? তোৰ জীৱন তোৰ কথা।
দীপাংকই ক'লে , হ'ব দে নকওঁ , তোমালোকে কৈছা যেতিয়া । কিন্তু মই এইবোৰ কথা ক'ব নোৱাৰো।
' চিন্তা নকৰিবি ক'বলৈ শক্তি আনি দিয়া ঔষধ আছে '- বুলি কৈ দীপাংকৰক এখন ধাবালৈ নি মদ পান কৰাই লয়। দীপাংকৰ পৰা বৰ্ণালীৰ ফোন নাম্বাৰটো খোজাত ছাৰৰ নাম্বাৰটো দি দিয়ে । ফুন কৰিল । কল ৰিচিভ হ'ল ।
" হেল্ল , বৰ্ণালী নেকি ? "
" নহয় , কোনে কৈছে ? "
কল কৰা লগৰজনে ছাৰৰ মাতটো বুজি পাইছিল । অই , এইটো ছাৰৰ নাম্বাৰ হয় । দীপাংকই অ' হয় বুলি কোৱা লগে লগে কলটো কাটি দিয়া হ'ল
। ছাৰে , দীপাংকৰ মাতটো বুজি পাইছিল । অনুভৱ কৰিছিল নিশ্চয় বেয়া সংগৰ পালত পৰিছে । ছাৰে বৰ্ণালীৰলৈ কল কৰি সুধিলে তোমাৰলৈ দীপাংকৰে নতুবা কোনোবাই কল কৰিছিল নেকি ? বৰ্ণালীয়ে ছাৰ এতিয়ালৈকে কৰা নাই দেখোন বুলি কয় । দীপাংকৰ ঘৰলৈ কল কৰাত ছাৰে গম পালে দীপাংক ঘৰত নাই । সমনীয়াৰ লগত বিহু মাৰিবলৈ গৈছে । ছাৰে তেওঁলোকৰ ওচৰৰ গাঁও এখনতে আছিল । ছীঘ্ৰে দীপাংকৰ ঘৰলৈ ৰাওনা হ'ল । যাওঁতে ৰাস্তাৰ কাষৰ ঘৰতে গাঁৱৰ বিহুৰ দলটোৱে বিহু জুৰি থকা দেখিল । এজন ছাত্ৰক লগ পাই ছাৰে তাত দীপাংকৰ আছে নেকি বুলি সোধাত নাই , দীপাংকই চুদ্বীপহঁতৰ লগত ওচৰৰ গাঁও এখত ফুৰিবলৈ যোৱা কথা ক'লে । ছাৰে দীপাংকৰ ঘৰত গৈ উপস্থিত হ'লগৈ । পিতৃ -মাতৃক দীপাংকৰক মাতিবলৈ কোৱা হ'ল। ফোন যোগে জানিব পাৰিলে দীপাংকই চুদ্বীপহঁতৰ লগত ক'ৰবাত ফুৰিবলৈ গৈছে । লগত যোৱা জয়দীপৰ ফোন নাম্বাৰটো সংগ্ৰহ কৰি কল কৰা হ'ল । জয়দ্বীপক কোৱা হ'ল মই দীপাংকৰহঁতৰ ঘৰত আছোঁ বুলি । জয়দীপে ক'লে-- ছাৰ , সি গ'ল , নাই । কিন্তু অলপকৈ ছাৰে শুনা পালে দীপাংকৰ মাতটো এনেদৰে--ফোনটো মোক দে চোন ! মোক মাৰিবি এতিয়া । ছাৰে জয়দীপক ক'লে বিচাৰি তুমি ঘৰত থৈ যোৱাহি চোন । তাৰ লগত অলপ কাম আছিল । অৱশেষত , দীপাংক আহি ঘৰ ওলালহি । নিচাত মগ্ন । ভিতৰত সোমাল । ছাৰক প্ৰণিপাত জনালে । ছাৰে মাক -দেউতাকৰ ওচৰৰপৰা বাহিৰলৈ নি সুধিলে এয়া কি ? মা-দেউতাই সমাজত লাজ পাব নহয় । বাৰু কথাটো কি ? মনটো বেয়া যেন লাগিছে । ছাৰ বেয়া নাপাব দেই মানে , সঁচা কথাটো কৈছোঁ--মোক লগৰ কেইজনে জোৰৰকৈ খোৱাই দিলে । নাখালে বৰ থাতটা কৰে । কয় বৰ নোকে নোহোৱাই পঢ়িছ , তেনেকুৱা বহুত পঢ়া ল'ৰা দেখিছোঁ আৰু বহুত কিবা কিবি কয় । সিহঁতি মোক জোৰ কৰি বৰ্ণালীহঁতৰ ঘৰলৈ নিবলৈ লৈছিল । মোক ফুন নাম্বাৰটো খুজিছিল । মই দিওঁ বুলিয়েই আপোনাৰ নাম্বাৰটো দি দিলোঁ । সিহঁতি মোক লগৰ কোনজনী ছোৱালীক ভাল লাগে বুলি সোধাত বৰ্ণালীৰ কথা ক'লোঁ । তেতিয়াৰপৰাই তাৰ লগত মোক জুকাৰি থাকে । ছাৰ , সঁচাকৈয়ে মোৰ বাকীবোৰতকৈ বৰ্ণালীক বেছি ভাল লাগে ।
" কথাটো সেইটো মানে । ভাল লগাতো নো কি বেয়া কথা । ইজনৰ প্ৰতি সিজনৰ ভাল লগা , আন্তৰিকতা থাকিলেহে সমাজখন এখন সুন্দৰ আৰু প্ৰিয় সমাজ হৈ অতিবাহিত হ'ব । অন্য ঋণাত্মক ধাৰণাত পোট গৈ ঋণাত্মক কৰ্মত লিপ্ত হোৱাটোহে উচিত নহয় ।"
" ছাৰ , সৰু হৈ থাকোঁতে ভাল আছিল । মনলৈ খেলা-ধূলা , স্কুল যোৱা আৰু বিস্কুট খাবলৈ নাপালে পেচ পাতা বিলাকেই সুন্দৰ আছিল । সেইবোৰ ক্ষন্তেকীয়া আৰু উপশম ঘটাব পৰা আছিল ।"
" কেতিয়াবা বৰ্ণালী দেখা পোৱা যায় আৰু কেতিয়াবা বৰ্ণালী সৃষ্টি কৰি লোৱা হয় । বৰ্ণালীৰ সৃষ্টিৰ বাবে এটা প্ৰীজম প্ৰয়োজন হয় । প্ৰীজমটো থাকিলে এবাৰ চোৱা পাছত আকৌ এবাৰ চাবলৈ মন যায় । সেয়ে চাই পোৱা হয়। কিন্তু প্ৰীজমটো নাথাকিলে মনৰ পৰা লাহে লাহে বৰ্ণালীৰ প্ৰতি থকা ধাৰণা আৰু চিন্তাবোৰ নাইকিয়া হৈ হৃদয়ৰ একোণত সাঁচ খাই ৰয় । কিন্তু কেতিয়াও মচ খাই নাযায় । সেয়াই অভিজ্ঞতা । যেতিয়া প্ৰয়োজন হ'ব , যদি পৰিস্থিতি সাপেক্ষে উপযুক্ত হয় ; তেতিয়াই নিশ্চয় তোমাৰ আজীৱন হৈ ৰয় । মানে মই ক'ব খুজিছোঁ -- জীৱনৰ কিছু সমস্যা আমাৰ ইচ্ছা আৰু কিছুমান সমস্যা অনিচ্ছাৰ স্বতে আহে । কু-বন্ধুবৰ্গৰ পৰা আঁতৰি থাকিলে কিছু অহিত চিন্তা নিজেই নিজেই আঁতৰ হয় । সেই অভিজ্ঞতা এদিন কামত আহে । হ'ব বুজিলোঁ সকলো । কাইলৈৰপৰা নিজকে শুধৰাই ল'বা । জীৱনৰ বৰ্ণালী এনেদৰে সাতোৰঙী হৈ কেতিয়াবা প্ৰসাৰিত হয় । আমি সাৱধান হোৱা উচিত ।"
" অ' ছাৰ , আৰু নাখাওঁ ।"
.📝 মিণ্টু দোলাকাষৰীয়া
জিলা: ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ