সোণ আজি বহু দিনেই হ'ল তোৰ দাদাৰ দেখোন একো খা-খবৰ নাই তোলৈ ফোন কৰিছিলে নেকি?দেউতাকে অনলক সুধিলে(অনলক সকলোৱে ঘৰত সোণ বুলি মাতে ঘৰখনৰ সৰু ল'ৰা হোৱাৰ বাবে) দেউতাকৰ প্ৰশ্নত অনলে কও-নকওকৈ ক'লে,দেউতা আজি কেইবাদিন ধৰি দাদাৰ গা-ভাল নহয়।সি তোমাক ক'বলৈ মানা কৰাৰ বাবে মই কোৱা নাছিলো বেছিকৈ চিন্তা কৰি থাকা বুলি তুমি মোক বেয়া নাপাবা।কি ডাঙৰ বোপাৰ গা বেয়া! অনলৰ কথা শুনাৰ লগে লগে দেউতাকে অনলক সুধিলে,(অনলৰ ককাইয়েকৰ নাম দ্বীপ ঘৰ খনৰ ডাঙৰ ল'ৰা বাবে তাক সকলোৱে ডাঙৰ বোপা বুলি মাতে)
অ' দেউতা দাদাৰ গা বেয়া তুমি চিন্তা নকৰিবা সি চিকিৎসা লৈ আছে ডাক্টৰে কৈছে সোনকালেই ভাল হৈ যাব বুলি। যিমান যি হ'লেও সি ঘৰখনৰ ডাঙৰ ল'ৰা আৰু আছে গৈ আমাৰ পৰা তিনি চাৰি দিনৰ দূৰণি বাটত চিন্তাটো হ'বই -অনলৰ কথাৰ প্ৰত্যুতৰত দেউতাকে ক'লে।এনেতে অনলৰ ফোনটো বাজি উঠিল ক্ৰিং ক্ৰিং
এইফালৰ পৰা অনলে সহাৰি জনায় ক'লে হেল্ল' কোনে ক'লে
আনফালৰ পৰা এজন ব্যক্তিয়ে মাত লগালে।
আপুনি দ্বীপৰ ভায়েক হয়নে?
অনল--হয় কওক চোন।
ব্যক্তি জনে পুনৰ ক'লে আপোনালোকৰ বাবে এটা বেয়া খবৰ আছে।মানুহ জনে সকলো কথা বিৱৰি কৈ ফোনটো কাটি দিলে।অনলে ফোনটো কটাৰ পাছত চক পৰা মানুহৰ দৰে ৰৈ থকা দেখি দেউতাকে সুধিলে কি হ'ল সোণ?দেউতাকৰ মাতত অনলে যেন বাস্তৱলৈ ঘূৰি আহিল।আৰু দেউতাকৰ প্ৰশ্নৰ উত্তৰ দিলে দেউতা দাদা আৰু এই পৃথিৱীত নাই।সি আমাক এৰি অচিন পক্ষী হৈ দূৰ-দিগন্তৰ অজান দেশলৈ উৰি গুছি গ'ল কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। অনলৰ কথা শুনি দেউতাকৰ মূৰটো আচন্দ্ৰাই কৰি থিতাতে মাটিত ঢলি পৰিল।দেউতাক মাটিত ঢলি পৰা দেখি অনলে লৰালৰিকৈ দেউতাকক ডাঙি নি বিচনাত শুৱাই দিলে।আৰু মনে মনে মনতে কৈ গ'ল দেউতা সপোন বোৰ সপোন হৈয়ে ৰ'ল ,আশাবোৰ কলিতেই মৰহি গ'ল।তুমি চিন্তা নকৰিবা দেউতা তোমাৰ আধৰুৱা সপোন বোৰ আৰু মৰহি যোৱা আশাবোৰ মই সম্পূৰ্ণ কৰাৰ দ্বায়িত্ব আজিৰ পৰা মোৰ দেউতা,মোৰ।
✍️দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ