কিছু সময়ৰ পিছতে তাই আকৌ ঘূৰি আহিল ।মোৰ হাতত টকাৰ জাপ দুটামান তুলি দিয়া যেন লাগিল ।কাগজৰ জোখ আৰু গোন্ধত মোৰ তেনে লাগিল ।
মই আচৰিত হৈ সুধিলো -----
-এইবোৰ কি ?
-টকা ।
-কিমান ?
-ডেৰ লাখ মান হব ।
-ডেৰ লাখ? ? ইমান টকা তুমি কত পালা ?
-দেৱযানী ৰ জন্মৰ পাছৰ পৰাই তুমি ঘৰ চলাবলৈ দিয়া টকাৰ পৰা অলপ অলপ বচাই ডাক ঘৰত জমা কৰিছিলো । কিমান টকাৰে এটা চকু কিনিব পাৰি ?
--------------মই পত্নীৰ কপনি অনুভব কৰিছিলো ।
তাইৰ কথা শুনি মোৰ মূৰটো আকৌ এবাৰ গৰম হৈ গল । চিঞৰি উঠিলো ।
-চকু বজাৰত কিনিবলৈ পোৱা বস্তু নহয় । মানুহে ইচছা কৰিলে মৰাৰ সময়ত বা জীয়াই থাকোতেও চকু দান কৰিব পাৰে । তোমাৰ দৰে মূৰ্খ মানুহে এইবোৰ কথা কি বুজিবা ? - কথাষাৰ ছিঞৰি কৈ মোৰ ফোপনি ধৰি গ'ল ।
-সকলো বস্তু কিনিব পাৰি -----
মোৰ খঙক গুৰুত্ব নিদি পত্নীয়ে কৈ গ'ল । তাইৰ মাতত উত্সাহ
মোৰ ধাৰণা এক লাখ মান টকা হলে এটা চকু কিনিব পাৰি ------
- তোমাৰ এটা চকুৰ বিশেষ দৰকাৰ ।কাৰণ তুমিতো লিখা লিখি কৰা মানুহ -------
মই কোনো মতে নিজকে সংযত কৰি কলো,
-মোৰ চকুৰ বাবে তুমি ইমান অস্হিৰ হৈছা কিয় ?
- কাৰণ তোমাৰ অন্ধ অৱস্হাটো মোৰ সহ্য হোৱা নাই ।এনেকৈ থাকিলে ময়ো অন্ধ হৈ যাম ।
তাই খৰধৰকৈ মোৰ ওচৰৰ পৰা উঠি যোৱা যেন লাগিল । এনে গান্ধাৰী জনী ওলাইছে -----বুলি কবলৈ লৈও নকলো । মাঠো ভাবি বলৈ বাধ্য হলো, কি আচৰিত ধাতু ৰে নিৰ্মিত এই মানুহ জনী । ওঠৰ বছৰৰ দুখ কষ্টবোৰেও তাইক অকণো সলনি কৰিব পৰা নাই । এইটো কথাও জানো যে তাই যি কোনো উপায়েৰে, কাপোৰ চিলাই কৰি হলেও অতিৰিক্ত টকা খিনি যোগাৰ কৰিব
পাছদিনা মোৰ একমাত্ৰ ছোৱালী দেবজানীযে মোক পূনৰ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল । যাবলৈ ইচছা কৰা নাছিলো
কিন্তু তাইৰ নেৰানেপেৰা আব্দাৰত যাবলৈ বাধ্য হলো
আই বেঙ্কত চকুৰ বাবে দৰ্খাস্ত কৰিলো । মোৰ নামটো চকু আবেদন কাৰী সকলৰ লগত সোমাল । দুশ চাৰি নম্বৰত ।
আগলৈ••
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ