মা-দেউতাক গভীৰ ভাবে ভাল পাইছিলো । কেতিয়াও তেওঁলোকৰ অবাধ্য হোৱাৰ কথা ভবা নাছিলো । সেই বাবেই হয়তো মোৰ এনে অবস্হা হ'ল ।
ছোৱালীৰ লগত মোৰ কথা বতৰা নহলেই । হোমৰ গুৰিত বহি থাকোতেও ভালকৈ মুখ খন নেদেখিলো । দীঘলকৈ ওৰণি লৈ আছিল ।
মোৰ জীৱন সংগীনিৰ মুখ দৰ্শন ঘটিল পাছদিনা পুৱাহে ।
হে প্ৰভূ এয়া কি! ! মুখত ভালেমান বসন্তৰ দাগ । গাৰ ৰং মোৰ পছন্দৰ নাছিল । নাকটো যেন জোখতকৈ বেছি দীঘল । ভয় খাই গলো । কল্পনাৰ কাৰেঙ ভাঙি চূৰমাৰ হ'ল । বাহিৰৰ কোঠালৈ গৈ চোফা এখনত বহি পৰিলো । মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল । মাই মোৰ মনৰ অৱস্হাটো বুজি পাইছিল চাগৈ । ওচৰলৈ আহি মোক বুজাইছিল । কপালৰ দোহাই দিছিল । ঈশ্বৰৰ দোহাই দিছিল । কিন্তু মোৰ সেইবোৰ কথা শুনিবলৈ মন নগ'ল । সেই নিশা কোনেও মোক শোৱা কোঠালৈ পঠিয়াব নোৱাৰিলে ।
পাছ দিনা ৰাতিপুৱাই কাম কৰা ঠাইলৈ ৰাওনা হলো ।
মাজে মাজে ঘৰলৈ আহোঁ । মা দেউতা পত্নীৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকে ।পত্নীয়ে চাহ জলপান দিয়ে । লেন চেলাবৰ বাবে অহা যেন লাগে । বিভিন্ন ঠাইত দেখা ধুনীয়া মহিলা, গাভৰু বোৰলৈ মনত পৰে । মানুহ জনীৰ মুখলে চাবলৈ মন নাযায় ।
মা দেউতাৰ কথা পেলাব নোৱাৰি ৰাতিৰ আন্ধাৰত মানুহ জনীৰ ওচৰলৈ গলো । তেনেকৈ এদিন দেৱযানী ৰ জন্ম হল । সেই জনী মানুহৰ পেটত যে দেবজানীৰ দৰে মৰমলগা ছোৱালী এজনীৰ জন্ম হল ভাবিবই নোৱাৰি ।
তাৰ পাছত আৰু কোনো দিন মানুহ জনীৰ ওচৰলৈ যোৱা নাই । আনকি যোৱা ওঠৰ বছৰে এদিনো তাইৰ মুখলৈ চাই মই কথা এষাৰ পতা নাই ।
মই তাইক ডাইভোচ নকৰো বুলি মা দেউতাৰ সন্মুখত শপত খাব লগা হল । তেতিয়াহে দুয়ো শান্তিৰে মৰিল । মইও বহুত ভাবিচিন্তি মা দেউতাক কথা দিলো । শুকুতাকে মুকুতা বুলি এনেকৈয়ে থাকিম বুলি ভাবি ললো । যি হব হব আৰু । মনতে ভাবিলো তোকো বেটি জলাই মাৰিম গোটেই জীৱন .......।
অপাৰেচন হৈ যোৱাৰ পাছত দেবজানীযে মোক সৰু ৰেডিঅ এটা দি থৈ গল । মনোৰঞ্জনৰ বাবে । দুসপ্তাহ এনেকৈয়ে পাৰ হল ।
দুসপ্তাহৰ পাছত দেবজানীযে এদিন মোক কলেহি----
- দেউতা , কাইলৈ তোমাৰ চকুৰ বেন্দেজ খুলিব ।
কথাষাৰ শুনি বৰ ভাল লাগিল ।
যিটো মানুহৰ চকু পাইছো তাৰ সমাধিত ফুল দিম । মই মনতে ভাবিলো । কথাষাৰ দেবজানীকো কলো ।
কথাষাৰ শুনি তাই উচুপি উঠা যেন লাগিল ।
ম ই চাগৈ অলপ আবেগিক হৈ পৰিছিলো । হয়তো তাইও মোৰ দৰে আবেগতে উচুপি উঠিল ।আকৌ ভয়ো লাগিছিল যদিও অপাৰেচন চাকচেচফুল নহয় ।
যেতিয়া মোৰ চকুৰ বেন্দেজ খোলা হৈছিল , তেতিয়া আনন্দ আৰু ভয়ৰ সংমিশ্ৰণত মোৰ বুকুখন দুৰু দুৰুকৈ কপিছিল । মনটোক কোনোপধ্যেই স্বাভাৱিক অবস্থাত ৰাখিব পৰা নাছিলো ।
আগলৈ •••
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ