মইনা-মাইনীহঁতলৈ চিঠি

Rinku Rajowar
0
মৰমৰ,
      মইনা-মাইনীহঁত,
 
প্ৰথমতে মোৰ মৰম গ্ৰহণ কৰিবা,আশাকৰো ভগৱানে তোমালোকক  কুশলে ৰাখিছে।বৰ্তমান এই সময়ত তোমালোকে ভিতৰত থাকি থাকি অসুবিধা পাইছা নহয় জানো?পঢ়া-শুনাবোৰ অনলাইন যোগে হৈছে তাত তোমালোক সন্তুষ্ট নহয় বুলি মই ভাবো। এই সময়ত তোমালোকে মুকলি আকাশৰ তলত বন্ধু-বান্ধৱীৰ লগত খেলা-ধূলা কৰিব পৰা নাই। তোমালোকৰ এতিয়া সময়বোৰ আমনিদায়ক হৈ পৰিছে।তোমালোক এতিয়া মবাইল আৰু দূৰদৰ্শন ৰ প্ৰতি বেছি আগ্ৰহী হৈ  পৰিছা নহয়নে?মৰমৰ,মইনাহঁত মবাইলফোন আৰু দূৰদৰ্শন বেছিকৈ ব্যৱহাৰ নকৰিবা এইবোৰে তোমালোকৰ ক্ষতি কৰিব,নির্দিষ্ট সময়তহে ব্যৱহাৰ কৰিবা।তোমালোকে এতিয়া আজৰি সময়বোৰ ককাদেউতা আৰু আইতাৰ লগত সাধু শুনি তথা বিভিন্ন কথা পাতি কটাবা, মা দেউতাৰ লগতো বিভিন্ন খেল খেলি বা কথা পাতি কটাবা। বিভিন্ন কথা জানিব পাৰিবা।পঢ়া শুনা সময়মতে কৰিবা, সাৱধানে থাকিবা, ঘৰতে থাকিবা।সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকা।

        শেষত মৰমেৰে, 
          তোমালোকৰ প্ৰিয়ংকা বা

🖋️প্ৰিয়ংকা গায়ন 
   শিৱসাগৰ,নামতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)