ৰক্তগঙ্গাৰ পাৰত মোৰ শৈশৱ (মননশীল ধাৰাবাহিক- ষষ্ঠ খণ্ড)

Rinku Rajowar
0
আমাৰ দেউতা প্ৰয়াত কিৰণ চন্দ্ৰ বৰুৱা গাওঁখনলৈ স্থায়ী ভাবে বসবাস কৰিবলৈ অহাৰ আগতে অঞ্চলটোত বিশেষ শিক্ষাৰ পোহৰ পৰা নাছিল বুলি দেউতাৰ বয়সৰ লোক সকলে মোক কোৱা ভালকৈ মনত আছে । দেউতাৰ পিছতে ভায়েক অৰ্থাৎ আমাৰ দদাইদেও ক্ৰমে প্ৰয়াত মোলান বৰুৱা আৰু প্ৰয়াত লক্ষীনাথ বৰুৱা ঢকুৱাখনা ঘাঁহীগাঁৱৰ পৰা আহিছিল । মোলান বৰুৱাই লালুকৰ ওচৰৰ বাৰমাইল সোণাপুৰৰ এখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত স্কুলত (নামটো পাহৰিছো) চাইকেলেৰে প্ৰায় ৩৫ মাইল অহা যোৱা কৰি শিক্ষকতা কৰিছিল । প্ৰয়াত লক্ষীনাথ বৰুৱাই ৰামপুৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । প্ৰয়াত কিৰণ চন্দ্ৰ বৰুৱা আছিল ৰামপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হেড পণ্ডিত । পৰৱৰ্তী সময়ত ৰামপুৰ হাইস্কুল খনি প্ৰতিষ্ঠা কৰাত তেখেতৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ অৱদান আছিল। তাৰোপৰি দিজু সমবায় সমিতিখন স্থাপনতো আগভাগ লৈছিল । দেউতা যেতিয়া ঢকুৱাখনাৰ পৰা অৰণ্যবস্তিলৈ আহে তেতিয়া পহুমৰা অঞ্চলটো বাদ দি খনাজানৰ পৰা দিজু চাহ বাগানলৈ, ৰামপুৰ ৰাজগড়কে ধৰি বৃহৎ অঞ্চলত কোনো ডাকঘৰ নাছিল । টাউন ডাকঘৰেই চাহ বাগানৰ যোগাযোগৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিছিল । ৰবিবাৰ বাদ দি বাকী ছয় দিন বাগানৰ নিজা ডাকোৱালে টাউন ডাকঘৰৰ পৰা বাগানৰ চিঠিপত্ৰ আদান প্ৰদান কৰিছিল । প্ৰয়াত দেউতাই ডিব্ৰুগড়ৰ ডাক বিভাগৰ চুপাৰিনটেণ্ডেন্টলৈ বাৰম্বাৰ আবেদন নিবেদন কৰি দিজু এক্সপেৰিমেণ্টেল শাখা ডাকঘৰ আমাৰ গাঁৱত প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছিল । শিক্ষকতা কৰাৰ উপৰিও তেখেতে ডাকঘৰৰ পোষ্টমাষ্টৰ হিচাপে কামকাজ কৰিব লগা হৈছিল । ডাকঘৰ প্ৰতিষ্ঠা হোৱাৰ কাল মোৰ জন্মৰ আগৰ । সঠিক চন তাৰিখ নাজানো । মাত্ৰ শুনা কথাখিনিহে লিখা হৈছে । দিজু চাহ বাগানৰ চিঠিপত্ৰ, মনি অৰ্ডাৰ আদিৰ কামকাজ সৰহভাগ এই ডাকঘৰৰ জৰিয়তেই চলিবলৈ ধৰিলে । সেই সময়ত বাগানত এজন ইংৰাজ লোক মেনেজাৰ আছিল । অৱশ্যে তেওঁৰ আগে পাছে বহুকেইজন ইংৰাজ বাগানৰ মেনেজাৰ আছিল । হেড পণ্ডিত লগতে পোষ্ট মাষ্টৰ হোৱা বাবে মেনেজাৰে আমাৰ দেউতাক সন্মান কৰিছিল আৰু প্ৰতিমাহে বাগানত উৎপাদিত উৎকৃষ্ট চাহপাতৰ জিলজিলিয়া ৰূপালী পেকেট একোটা আমাৰ ঘৰলৈ পঠিয়াই দিছিল । নাম শুনিছিলো যদিও পাহৰণিৰ গৰ্ভত সোমাই পৰিল-সম্ভৱ সেইজন ইংৰাজ মেনেজাৰে আমাৰ দেউতাক এখন 'মেদ ইন ইংলেণ্ড' বাইচাইকেল উপহাৰ দিছিল । তিনিটা গিয়েৰ থকা বাইচাইকেলখন দেউতাই ভালকৈ চলাব নজনাত ভঁৰালত তুলি থৈছিল ।    চতিয়াত দেউতাৰ সখি অৰ্থাৎ আমাৰ তাৱৈ এজন আছিল । তেখেত মাজে সময়ে আমাৰ ঘৰলৈ আহিছিল । দেউতাই চাইকেলখন তেখেতক দি দিলে । চাইকেল গৈ  চতিয়া পালেগৈ । চাইকেলখন দেখা মোৰ স্পষ্ট মনত আছে । (আগলৈ)

🖋️সৌৰভ কুমাৰ বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)