এখন খিৰিকী (চুটিগল্প)



নিজৰ কোঠাত খিৰিকী এখন ৰখাৰ সপোন সকলোৰে থাকে। নিৰ্দিষ্ট সময়ত পোহৰ সোমাব পৰাকৈ আৰু মন গ'লেই খিৰিকী বন্ধ কৰি দিয়া, শাওণৰ সেই বৰষুণজাক অনুভৱ কৰা, শীতৰ সেমেকা ৰাতি নীলিম আকাশৰ শুভ্ৰ ডাৱৰৰ সৈতে লুকা -ভাকু খেলা, জোনবাইটো চোৱা  যেন নীলাৰ নিত্য-নৈমিত্যিক ঘটনাত পৰিণত হ'ল। সঁচাই তাই এখন খিৰিকীৰ  প্ৰেমত বন্দী হ'ল। সেই খিৰিকীৰে তাই বহু দূৰ  চাই পঠিয়াই আৰু আনুভৱ কৰে এৰি অহা বহু স্মৃতি। কেতিয়াবা  সেউজীয়াবোৰত বহি নিজানত  ফুলা ফুলবোৰৰ লগত কথা পাতে তাই । কেতিয়াবা যেন খিৰিকীৰ কাষত বহি সকলোবিলাক পিছুৱাই যেন  নিজেই আগুৱাই যোৱাৰ আনন্দত  মত্ত হৈ পৰে । কিন্তু , পলকৰ বাবে হ'লেও তাই থমকি ৰয়; কাৰণ তাইও  জানে যে এইয়াতো নহয় জীৱন। উশাহ ঘূৰি নহা তাইৰ কোঠাটোত গ্ৰীষ্ম আৰু শীতৰ ছেদভেদ  নোহোৱাকৈ খিৰিকী সদায় খোলা থাকে। কেতিয়াবা দোভাগ ৰাতিৰ কাৰোবাৰ আদ্ভুত  ক্ৰন্দনত শুনা পায় তাই কিন্তু কোনো সাৰ-সুৰ  নোহোৱাকৈ আকৌ শুই পৰে। কিমান আৰু নিজক কষ্ট দিব তাই, শৈশৱ পাৰ কৰিছিল কষ্টে- মষ্টে, নাড়ী ছিগা কৈশোৰ  কালো পাৰ হ'ল। কেতিয়াবা আকৌ এনে লাগে বিশ্বাস আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱা তাইজনী যেন সকলোবিলাকেই হত্যা কৰি গ'ল। সকলো মুক্তপথৰ পৰা তাই বন্দী হৈ পৰিল আৰু এতিয়া তাইৰ কাৰণে যেন সেই খিৰিকী খনেই যেন সকলো দুখ -সুখৰ সমভোগী, যাৰ কোনো বিকল্প  নাই।
                          
📝আকাশী বড়া।
চি.কে.বি. কলেজ, টীয়ক।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send